Rupaliparda.com
ক'ৰোণা ভেকচিনৰ প্ৰথমটো ড'জ ল'লে এইবাৰ বিবেক অব্ৰয়েঃ 1

ক’ৰোণা ভেকচিনৰ প্ৰথমটো ড’জ ল’লে এইবাৰ বিবেক অব্ৰয়েঃ

মহাৰাষ্ট্ৰক বৰ্তমানৰ ক’ৰোণাৰ দ্বিতীয়টো ঢৌৱে পূৰ্ণৰূপত গ্ৰাস কৰিছে; কেইবাখনো ঠাইত ইতিমধ্যে ঘোষণা কৰা হৈছে সম্পূৰ্ণ “লক-ডাউন”। ইয়াৰ লগতে, এইকেইটা দিনত কেইবাগৰাকীও বলীউড চিলেব্ৰেটী ক’ৰোণাত গ্ৰাসত সোমাইছে। আৰ মাধৱন, কাৰ্তিক আৰিয়ন, মিলিন্দ সুমন, আলিয়া ভাট, মনোজ বাজপেয়ী, ৰণৱীৰ কাপুৰো আদি অভিনেতা ক’ৰোণাৰ গ্ৰাসত অহা বাবে হৈছিল কোৱাৰেন্টাইন। আনহাতে, ক’ৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ তাৰকা সকলে প্ৰায়ে জনসাধাৰণক উৎসাহ দিয়া, প্ৰেৰণা দিয়া পৰিলক্ষিত হয়। কেতিয়াবা এই তাৰকা সকলে চচিয়েল মিডিয়াত বাৰ্তা প্ৰেৰণৰ দ্বাৰা অথবা কেতিয়াবা নিজেই ভেকচিন লগোৱাই তেওঁলোকে সাধাৰণ ৰাইজক মহামাৰীৰ পৰা বাহিৰ ওলাই আহিবলৈ উৎসাহ প্ৰদান কৰে। সঞ্জয় দত্ত তথা অমিতাভ বচ্চনৰ লগতে এইবাৰ ক’ৰোণা ভেকচিনৰ প্ৰথমটো ড’জ ল’লে অভিনেতা বিবেক অব্ৰয়ে। প্ৰথমটো ড’জ গ্ৰহণ কৰাৰ পিছতেই অভিনেতা গৰাকীয়ে প্ৰত্যেককে ভেকচিন ল’বলৈ আহ্বান জনায়। আনহাতে, প্ৰথম পৰ্যায়ৰ প্ৰতিজন কৰ্মকতালৈ বিবেক অব্ৰয়ে নিজ ধন্যবাদ জ্ঞাপন কৰে। কিছুদিন পূৰ্বে বিবেক অব্ৰয়ে হেলমেট আৰু মাস্ক পৰিধান নকৰাকৈ বাইক চলাই থকাৰ ফলত অভিনেতা গৰাকীয়ে চালান কাটিবলগীয়া হৈছিল লগতে তেওঁৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এজাহাৰো দাখিল কৰোৱাইছিল। এই কথাটোৰ চৰ্চা হোৱাত বিবেক অব্ৰয়ে ধনাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ মুম্বাই আৰক্ষীৰ প্ৰশংসাও কৰিছিল; কিন্তু ইয়াৰ পিছতেই অভিনেতা গৰাকীয়ে ক্ষোভ ব্যক্ত কৰিছিল জনসাধাৰণ তথা সংবাদ মাধ্যমক লৈ। তেওঁ কৈছিল যে,

ক'ৰোণা ভেকচিনৰ প্ৰথমটো ড'জ ল'লে এইবাৰ বিবেক অব্ৰয়েঃ 2


“সেইটো সপ্তাহেই আছিল যেতিয়া মই কৃষকৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সমূহলৈ ১৬ কোটি টকাৰ ছাত্ৰবৃত্তি ঘোষণা কৰিছিলো; এই খবৰটোক কোনো গুৰুত্ব দিয়া হোৱা নাছিল কিন্তু এদিন মই হেলমেট আৰু মাস্ক পৰিধান নকৰাৰ ফলত সেই খবৰটো ৰাষ্ট্ৰীয় খবৰ হৈ পৰিছিল।’ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিবেক অব্ৰয়ে কয় যে, “মই এইটো ভাবি চিন্তিত হৈছিলো যে যেতিয়া মই ছাত্ৰবৃত্তিৰ ঘোষণা কৰিলো; যিয়ে ছাত্ৰ সকলৰ জীৱন সলনি কৰিব পাৰে কিন্তু এই খবৰটোৱে ৰাইজৰ ধ্যান আকৰ্ষণ কৰিবই নোৱাৰিলে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform