Rupaliparda.com
নৱপ্ৰজন্মৰ নতুন বেণ্ড "The Jamming Buddies"; ৰাইজক আকৰ্ষণৰ প্ৰচেষ্টা অব্যাহতঃ 1

নৱপ্ৰজন্মৰ নতুন বেণ্ড “The Jamming Buddies”; ৰাইজক আকৰ্ষণৰ প্ৰচেষ্টা অব্যাহতঃ

প্ৰতিদিনেই দেখা নতুনত্ববোৰে আমাক উৎসাহিত কৰি ৰাখে; আমি দৈনন্দিন জীৱনতো এই নতুনত্ববোৰ অনুভৱ কৰিবলৈ উৎসাহী হৈ থাকো। মনোৰঞ্জন ক্ষেত্ৰখনো ঠিক তেনেকুৱাই; আমি শেহতীয়াকৈ ইয়াত প্ৰতিদিনেই নতুনত্ববোৰ দেখিছো, অনুভৱ কৰিছো। নতুনত্ববোৰ অনাত অহৰহ প্ৰয়াস কৰিছে নৱপ্ৰজন্মইহে; তেওঁলোকৰ চেষ্টাই যাতে জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে তাৰেই প্ৰয়াসত ব্যস্ত থাকে এওঁলোক। এই নতুনত্বই যদিও কিছুক্ষেত্ৰত পৰিৱৰ্তনৰ সৃষ্টি কৰিছে তৎস্বত্বেও এই পৰিৱৰ্তনে দৰ্শক-শ্ৰোতাৰ বাবে আমোদৰ বাটো মুকলি কৰিছে। সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। আজি মানুহ বিহু, বিহুটোৰ মাজতেই আমি নতুন কিছু বিহুগীত শুনিবলৈ ইচ্ছা কৰো; কিন্তু এই পূৰণি বিহুগীত সমূহকেই অকণমান ব্যতিক্ৰমী ৰূপে প্ৰস্তুত কৰাৰ ইচ্ছা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া একাংশক।

নৱপ্ৰজন্মৰ নতুন বেণ্ড "The Jamming Buddies"; ৰাইজক আকৰ্ষণৰ প্ৰচেষ্টা অব্যাহতঃ 2


জনসাধাৰণৰ সমুখলৈ শেহতীয়াকৈ এটি বেণ্ডে নিজে সৃষ্টি সমূহ উলিয়াই অনাৰ প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে। এনে নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰ এটি বেণ্ড হৈছে “The Jamming Buddies”। ইতিমধ্যে তেওঁলোকৰ তৰফৰ পৰা মুঠ তিনিটাকৈ গীত মুকলি কৰি দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ গীত সমূহত জনসাধাৰণৰ সঁহাৰিও পৰিলক্ষিত হৈছে। এইখিনিতে, আপোনালোকক আন এক বিশেষ খবৰ দিবলৈহে এই পোষ্টটোৰ জৰিয়তে কাষ চাপিছো। তেওঁলোক অৰ্থাৎ উক্ত বেণ্ডটোৰ প্ৰতিজন কলা-কুশলীৰ প্ৰচেষ্টাৰে চেনেহৰ বিহুটোৰ মাজতেই বিহু গীতৰ সুৰৰ ওপৰত ভিত্তি কৰি কিছু নতুন আৰু কিছু ব্যতিক্ৰমী কথাৰে আধুনিক সংগীতৰ ফিউজন ঘটাই এটি গীত উলিয়াই দিয়াৰ প্ৰয়াস কৰা হৈছে। গীতটিত কথা দিয়াৰ উপৰিও ইয়াত কন্ঠদান কৰিছে আকাশদ্বীপ বাৰুতীয়ে। সুৰ কৰিছে মৃদুপৱন বাৰুতীয়ে,সংগীত ব্যৱস্থাপনাৰ দায়িত্বত আছে শুভ্ৰদ্যোতি দাস, গীতটিত বাঁহী বজাইছে ৰিংকুৰাজ বাঢ়ৈয়ে। আনহাতে, গীত শব্দ সংমিশ্ৰণ কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসম সন্তান ডনী হাজৰিকাই। আকাশদ্বীপকে ধৰি মৃদুপৱন, শুভ আৰু ৰিংকুৰাজ উক্ত বেণ্ডটোৰ সৈতে জড়িত একোগৰাকী সদস্য। গীতটিৰ কথা আপোনালোকৰ বাবেই তলত দি দিয়া হৈছেঃ

“চলে চলে ঐ দাইটিৰ আজোখা জীৱনটি চলে
উৰে উৰে ঐ দাইটিৰ সপোনৰ চিলাখন উৰে

ঘামে ঢকা দেহ জুৰুলা
পথাৰতে সপোন দেখা
এ নাঙলৰ চাবে নুজুৰাই ভাত

ঐ উৰুখা ঐ পঁজাটিত
সৰুকণ ঐ আজলি(2)
তাইৰ দুচকুতে সপোনৰ বাট
এ উৰুখা পঁজাটিত
সৰুকণৰ ধেমালিত
আজি চকুলোবোৰ জেপতে লুকাই

অ’ বেলি লহিয়াই ঐ আবেলি
চিলাখনিও যায় আতৰি
এ দাইটি ভটিয়াই ঐ গধূলি
সপোনৰে বাট বুটলি”


আমাৰ এই অসমীয়া সংগীত ক্ষেত্ৰখন প্ৰতিটো দিশৰ পৰাই সুন্দৰ হৈ উঠাতো আমি প্ৰত্যেকেই বিচাৰো। এনেক্ষেত্ৰত আমি নৱপ্ৰজন্মক লৈ দেখুওৱা অকণমান বিশ্বাসে তেওঁলোকক নিজৰ দিশটোত প্ৰতিদিনেই দৃঢ় কৰি তোলাত সফল হয়। এই নৱপ্ৰজন্মৰ কলা-কুশলীক আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform