Rupaliparda.com
আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 1

আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9

প্ৰায়ে শুনিবলৈ পাওঁ যে অন্ধকাৰৰ পিছত পোহৰে পাখি মেলে; কথাষাৰৰ ওপৰত শেহতীয়াকৈ বিশ্বাস কৰিবলৈ আচলতে মন গৈছে। বিগত ৮-৯ মাহৰ স্তব্ধতাৰ পিছত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে কেৱল মাত্ৰ বহু নতুন প্ৰকল্প বুলিয়ে নহয়; উপভোগ কৰিছে বহু নতুন প্ৰতিভাক। এই প্ৰতিভা সমূহকেই আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত অথবা এওঁলোকক উদ্গনি যোগোৱাৰ স্বাৰ্থত এই ক্ষেত্ৰখনৰ বহু ন-ন প্ৰকল্পৰ শুভাৰম্ভণি ঘটিছে। ইতিমধ্যে আপোনালোকে প্ৰায় প্ৰত্যেকটো দিনত শুনিবলৈ পোৱা শব্দ দুটা হৈছে ক্ৰমে “Illegal” আৰু “Niri9″। বিগত ২৯ জানুৱাৰী তাৰিখে আপোনালোকৰ দুৱাৰডলিত উপস্থিত হোৱা ৱেব চিৰিজখন আছিল “Illegal”। দৰ্শকক আমোদ প্ৰদানৰ অৰ্থে ৱেব চিৰিজখনৰ প্ৰতিটো দিশতেই যে যথোপযুক্ত তথা পুংখানুপুংখ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। দৰ্শকক উৎসাহিত তথা আকৰ্ষণ কৰিব পৰা কাহিনী, একচন, ড্ৰামা আৰু থ্ৰীলাৰৰ সম্পূৰ্ণ পয়োভৰেৰে নিৰ্মাণ কৰা হৈছে “Illegal”। উঠি অহা প্ৰজন্মৰ নিৰ্মাতা সকলে নিজ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত সদায় একোটা প্লেটফৰ্মৰ সন্ধান কৰে আৰু ইয়াৰে ভিতৰত এটা হয় ৰাইজৰ মাজলৈ আহিছে “Niri9” এপটো । “Illegal” ৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰে এপটোত আগন্তুক সময়ত সন্নিৱিষ্ট কৰা হ’ব আন ভিন্ন নৱপ্ৰজন্মৰ সোঁৱাদনুযায়ী প্ৰকল্প। Niri9ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, চলিত মাহৰ ১৮ তাৰিখে এই এপটোৰ তিনি মাহ সম্পূৰ্ণ হোৱাৰ সমান্তৰালকৈ অসমীয়াকে ধৰি হিন্দী, বঙালী, বড়ো, মিছিং তথা ভোজপুৰী আদি ভিন্ন ভাষাতো ৱেব চিৰিজ উপভোগ কৰিবলৈ পাব দৰ্শকে। লগতে, বহু কেইখন দেশত উপলদ্ধ হ’ব Niri9 ।

আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 2


বৰ্তমান প্ৰেক্ষাপটৰ লগত সংগতি ৰাখি নিৰ্মিত বহুল প্ৰত্যাশিত প্ৰকল্প সমূহৰ সোঁৱাদ এই এপটোৰ জৰিয়তেই ল’ব পাৰিব দৰ্শকে। কল্পজ্যোতি দাস ৰ অসমীয়া ৱেব চিৰিজ ‘ৰমিঅ’ ইন জেং”, পশ্চিমবংগৰ চিনেমা জগতৰ জনপ্ৰিয় পৰিচালক শুভজিৎ গাঙ্গুলিৰ বঙালী ৱেব চিৰিজ নিষিদ্ধ, অসমৰ মিচিং সম্প্ৰদায়ৰ জনপ্ৰিয় পৰিচালক নাৰায়ণ শীলৰ মিচিং ছবি “লি-লেন” অসমৰ বড়ো সম্প্ৰদায়ক বহু কেইখন ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ধীৰাজ বড়োৰ ছবি “SWLW এ ৰিয়েল গেম”, অসমৰ নৱ পৰিচালক কৌশিক নাথৰ অসমীয়া হৰৰ ৱেব চিৰিজ মৃত্যদূত আৰু পঞ্জাবৰ অধিক জনপ্ৰিয় পৰিচালক গুৰপিত সিং ৰ ” হিন্দী ৱেব চিৰিজ ৰোল প্লে” এই সকলোবোৰ নতুন ৱেব চিৰিজ আৰু ছবি মুকলি কৰা হ’ব Niri9 এপটোত । ইতিমধ্যে এই এপটোৰ দ্বাৰা আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বহু সংখ্যক চুটি ছবিৰ মাজৰ পৰা ২০ খনকৈ চুটি ছবি বাচনি কৰি উলিওৱা হৈছে; যিকেইখন অহা ২৩ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল পৰ্যন্ত গুৱাহাটী অনুৰাধা ছবিগৃহত প্ৰদৰ্শিত কৰা হ’ব।

আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 3

আনহাতে, ৩০ এপ্ৰিল তাৰিখেই চুটি ছবি সমূহৰ মাজৰ পৰা পুৰষ্কাৰ পাবলগীয়া সমূহ বাচি উলিওৱা হ’ব। Niri9 ৰ এই যাত্ৰাটোক লৈ এতিয়া উৎসাহিত হৈ পৰিছে জনসাধাৰণো। তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform