Rupaliparda.com
বিহাৰৰ গাঁৱত এখন ফিল্ম চিটি বনোৱাৰ পৰামৰ্শ পংকজ ত্ৰিপাঠীৰঃ 1

বিহাৰৰ গাঁৱত এখন ফিল্ম চিটি বনোৱাৰ পৰামৰ্শ পংকজ ত্ৰিপাঠীৰঃ

নিৰৱিচ্চিন্ন প্ৰচেষ্টাৰ দ্বাৰা কেনেদৰে সফলতা অৰ্জন কৰিব পৰা যায় তাৰ উচিত উদাহৰণ হৈছে অভিনেতা পংকজ ত্ৰিপাঠী। বৰ্তমান তেওঁৰ অভিনয় হীন ছবি সমূহ দৰ্শকে প্ৰায়ে হৃদয়ংগম নকৰে আৰু তেওঁৰ অভিনয়ৰ ছবি সমূহৰ বাবে এক অইন উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আমি সকলোৱে জানো যে, অভিনেতা পংকজ ত্ৰিপাঠীৰ জন্ম হৈছে পাতনাৰ নিকটৱৰ্তী এখন গাওঁ গোপালগঞ্জত। শেহতীয়াকৈ তেওঁ এক পৰামৰ্শ দিয়া পৰিলক্ষিত হৈছে; তেওঁ কয় যে, “পতনাৰ নিকটৱৰ্তী গাঁৱত ফিল্ম ফ্ৰেণ্ডলী অথবা তেনে ধৰণৰ এডোখৰ ঠাই বনোৱাৰ প্ৰয়োজন আছে; যিখন চহৰৰ সৈতে সংলগ্ন হৈ থাকে আৰু ঠাইটোত গৈ শ্বুটিং কৰিব পৰা যায়। এইক্ষেত্ৰত সহায় আগবঢ়াব লাগে চৰকাৰ অথবা ছবি পঞ্চায়ত সমূহে। এয়া এক পৰীক্ষামূলক ভাৱে কৰি যাব লাগে। ঠাইডোখৰৰ প্ৰতিজন নিৰ্মাতা-নিৰ্দেশকে একেলগে মিলি যদি কোনো প্ৰকল্পত গাঁৱৰ দৃশ্যৰ শ্বুটিং কৰিব বিচাৰে তেতিয়াহ’লে তাত কৰিব পাৰে।” বলীউড ক্ষেত্ৰখনত অইন অভিনেতা-অভিনেত্ৰী সমূহৰ নামৰ লগতে এনে কিছু অইন অভিনেতা জড়িত হৈ আছে যাৰ বাবে সেই ছবি অথবা বৰ্তমান প্ৰচলিত ৱেব চিৰিজৰ কাহিনীভাগ নিৰ্ভৰশীল হৈ পৰে। “গেংগচ অৱ ৱাছিপুৰ”, “মিৰ্জাপুৰ”, “স্ত্ৰী”, “মসান” আদি জনপ্ৰিয় প্ৰকল্প সমূহ হৈছে ইয়াৰেই এক উদাহৰণ। পংকজ ত্ৰিপাঠী বৰ্তমানৰ এনে এক নাম; যিখন ছবিত তেওঁ অভিনীত সেইখন ছবিৰ পৰা যদি কোনো কাৰণত তেওঁক আঁতৰাই উপভোগ কৰিব বিচাৰে তেন্তে প্ৰত্যেকটো বস্তু দৰ্শকৰ বাবে খেলিমেলি হৈ পৰিব। অভিনেতা গৰাকীয়ে প্ৰায়ে চচিয়েল মিডিয়াত নিজৰ সংঘৰ্ষৰ দিনবোৰ ব্যক্ত কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰে; য’ত তেওঁ মুম্বাইলৈ অহা দিনকেইটাত কৰিবলগীয়া সংঘৰ্ষ বোৰৰ বিষয়ে অনুৰাগীক জনায়।

বিহাৰৰ গাঁৱত এখন ফিল্ম চিটি বনোৱাৰ পৰামৰ্শ পংকজ ত্ৰিপাঠীৰঃ 2
বিহাৰৰ গাঁৱত এখন ফিল্ম চিটি বনোৱাৰ পৰামৰ্শ পংকজ ত্ৰিপাঠীৰঃ 3


তেওঁ কয় যে, “মই পত্নীক লৈ মুম্বাইলৈ আহিছিলো আৰু সংঘৰ্ষ আৰম্ভ কৰিছিলো; তেতিয়াৰ সময়ত কাষ্টিং ডাইৰেক্টৰ নাছিল আৰু সেইবাবে আমি এচিচটেন্ট ডাইৰেক্টৰ আৰু ছবিখনৰ য়ুনিট টোৰ ওপৰত বিশ্বাস ৰাখিব লগীয়া হৈছিল। তেওঁ আগলৈ কয় যে, “সেইটো সময়ত মই সময়বোৰ এনে অতিবাহিত নকৰি প্ৰডাকচন হাউচ যোৱা আৰম্ভ কৰিছিলো আৰু মোৰ পত্নীয়ে স্কুলত চাকৰি বিচাৰিবলৈ আৰম্ভ কৰি দিছিল। বহু আৰ্টিষ্ট অহা ফলত সেইটো সময়ত প্ৰডাকচন হাউচ যোৱাটো সহজ হৈ পৰা নাছিল; সেইবাবেই মই তাত গৈ ক’বলৈ আৰম্ভ কৰি দিছিলো যে মোক ভগৱানে পঠাইছে আৰু তাৰ পিছতেই মোক এন্ট্ৰী দি দিয়া হৈছিল।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform