Rupaliparda.com
সুন্দৰ উপস্থাপনেৰে নিখিল ৰয় আৰু অৰুন্ধতী ভানুপ্ৰিয়াৰ ন-গীত "ৰাঙলী তুমি"- 1

সুন্দৰ উপস্থাপনেৰে নিখিল ৰয় আৰু অৰুন্ধতী ভানুপ্ৰিয়াৰ ন-গীত “ৰাঙলী তুমি”-

নিখিল ৰয়; সংগীত ক্ষেত্ৰখনত শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা এটা নাম। প্ৰায় গীতৰ কভাৰ সমূহেৰেই জনসাধাৰণক আকৰ্ষণৰ চেষ্টা কৰা নিখিল ৰয়ৰ কন্ঠৰে সদ্যমুক্তিপ্ৰাপ্ত গীতটি হৈছে “ৰাঙলী তুমি”। প্ৰবল ইচ্ছা শক্তিয়ে যে কোনো এক ক্ষেত্ৰত আগুৱাই যাবলৈ সাহস প্ৰদান কৰে তাৰ উদাহৰণ আমি বহুত পাইছো। সেয়া কেৱল শিক্ষা ক্ষেত্ৰতেই নহয়; মনোৰঞ্জন ক্ষেত্ৰখনতো ইয়াৰ উদাহৰণ পোৱা যায়। অৰুণাচলৰ সৰু এখন ঠাইত জন্মগ্ৰহণ কৰা নিখিলে সৰুৰ পৰা সংগীতৰ স্কুল অথবা এগৰাকী শিক্ষক/শিক্ষয়িত্ৰীৰ অভাৱত নিজ পিতৃৰ ওচৰতেই লৈছিল সংগীতৰ শিক্ষা। ২০১২ চনত গুৱাহাটীলৈ আহি নিখিলে তেওঁৰ প্ৰথমটো গীত “জোনাক নিশা” ৰেকৰ্ডিং কৰে আৰু মুম্বাইলৈ গৈ চাউণ্ড ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা গ্ৰহণ কৰে। মুম্বাইত থাকি কাম কৰিব পৰাকৈ পৈণত নাই হোৱা বাবেই তেওঁ গুৱাহাটীলৈ উভতি আহি নিজাববীয়াকৈ খুলি লোৱা ইউটিউব চেনেলত বিভিন্ন গীতৰ “Cover” প্ৰস্তুত কৰি মুক্তি দিয়ে; যাৰ বাবে তেওঁ বৰ্তমান লাভ কৰিছে দৰ্শক ও শ্ৰোতাৰ সমাদৰ। তেওঁৰ “ৰাঙলী তুমি” গীতটিত অৱশ্যে তেওঁৰ সৈতে দেখিবলৈ পোৱা গ’ল দুটা নতুন যুঁটি। তেওঁৰ সৈতে গীতটিত কন্ঠদান কৰিছে অৰুন্ধতী ভানুপ্ৰিয়া; ইতিমধ্যে অৰুন্ধতী ভানুপ্ৰিয়াৰো কন্ঠৰ অনুৰাগীৰ শাৰীটো দীঘলীয়া হৈ পৰিছে।


আনহাতে, গীতটিত নিখিল ৰয়ৰ সৈতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱা আৰু দীপ ফুকনে। গীতটিৰ কথা সমীৰ শেখৰৰ আৰু ইয়াত সুৰ কৰিছে নিখিল ৰয়ে নিজেই। বাঁহী বজাইছে লক্ষীনন্দন লাহন আৰু শব্দ সংমিশ্ৰণ পিংকু দাসৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা শচীন বৰুৱাৰ; সহঃ পৰিচালনা সামিন দাসৰ আৰু দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। এটা গীত যিসমূহ উপাদানেৰে পৰিপূৰ্ণ হৈ উঠে অথবা এটা গীতক যিসমূহ উপাদানে পূৰ্ণতা দিব পাৰে, সেই সমূহকে লৈ আজিৰ নৱপ্ৰজন্মই কৰা চেষ্টা সমূহ লেখত ল’বলগীয়া। সেইবাবেই হয়টো বৰ্তমান প্ৰজন্মৰ প্ৰতিটো প্ৰকল্প দৰ্শক-শ্ৰোতাৰ বাবেও একপ্ৰকাৰ গ্ৰহণযোগ্য হৈ উঠে। ন-ন সুন্দৰ গীতৰ সমাহাৰ আচলতে এই সংগীত ক্ষেত্ৰখনত ইতিমধ্যে হৈছে। আমি প্ৰায় সংগীত শিল্পী এনে দেখিছো; যাৰ বাবে জনপ্ৰিয়তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এটা প্ৰকল্পৰ বিষয়বস্তুটো। এনে সংগীতশিল্পী সমূহে লাখৰ অংকত ভিউৱাৰচ নাপালেও তেওঁলোকৰ গীত, কথা আদি যিসকলে উপভোগ কৰে তেওঁলোকে প্ৰশংসা নকৰাকৈ নাথাকে।

সুন্দৰ উপস্থাপনেৰে নিখিল ৰয় আৰু অৰুন্ধতী ভানুপ্ৰিয়াৰ ন-গীত "ৰাঙলী তুমি"- 2

ঠিক তেনে গীতৰ সৃষ্টিৰ আঁৰত লুকাই আছে নিখিল ৰয়ে নিজেও। তেওঁৰ এই প্ৰকল্প তথা চেষ্টা সমূহলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform