Rupaliparda.com
"মই মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ আৰু যুৱ প্ৰজন্মক সঠিক পথ দেখুৱাব পৰা প্ৰকল্পৰ সৈতে জড়িত হ'ব খোজো"- অৰ্পিতা শৰ্মা 1

“মই মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ আৰু যুৱ প্ৰজন্মক সঠিক পথ দেখুৱাব পৰা প্ৰকল্পৰ সৈতে জড়িত হ’ব খোজো”- অৰ্পিতা শৰ্মা

আমাৰ যান্ত্ৰিকতাৰ জীৱনবোৰত সদায়েই ২ মিনিট এটাৰ বাবে হ’লেও হাঁহিবলৈ বিচাৰো অথবা আমোদ বিচাৰো। নহয়নে? অইন নহ’লেও, নৱপ্ৰজন্মৰ একাংশই শেহতীয়াকৈ এইক্ষেত্ৰত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰায়ে তেওঁলোকে আমাক হাঁহিবলৈ শিকায় অথবা অকণমান আমোদৰ অৱসাদ প্ৰদান কৰে। “Zeroth Drama” ৰ নামটো হয়টো আপোনালোকৰ পৰা লুকাই থকা নাই; উক্ত ইউটিউব চেনেলটোৰ ভিডিঅ’সমূহৰ সৈতেও আপোনালোক অৱগত। “Zeroth Drama” ৰ সৈতে জড়িত একাংশ শিল্পীয়ে সদায় সমাজৰ হকে নিৰ্মাণ হৈ থকা প্ৰকল্প সমূহেৰে আমোদ দিয়া কথাটোও হয়টো নক’লেও আপোনালোকে জানে! ব্যংগ, হাস্য অথবা কোনো ধৰণৰ বিষয়ক লৈ এই ইউটিউব চেনেলটোৰ নিবেদনত নিৰ্মিত প্ৰকল্প সমূহে বৰ্তমানলৈ অহৰহ মনোৰঞ্জন প্ৰদান কৰিছে অসমীয়া দৰ্শকক। জনসাধাৰণক সংযোগ কৰিব পৰা বিধৰ কিছু কনচেপ্টেৰে আগবঢ়া উক্ত ইউটিউব চেনেলৰ প্ৰতিটো ভিডিঅ’ৰ বাবে উৎসাহী জনসাধাৰণ। প্ৰায় ৬-১০ মিনিটৰ এটি ভিডিঅ’ৰে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা Zeroth Drama ৰ প্ৰচেষ্টাত শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত প্ৰতিটো ভিডিঅ’ত দৰ্শকৰ প্ৰশংসা তথা সমাদৰ ফুঁটি উঠিছে।

"মই মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ আৰু যুৱ প্ৰজন্মক সঠিক পথ দেখুৱাব পৰা প্ৰকল্পৰ সৈতে জড়িত হ'ব খোজো"- অৰ্পিতা শৰ্মা 2


এই চেনেলটোৰ সৈতে জড়িত এগৰাকী অভিনেত্ৰীৰ নাম হৈছে অৰ্পিতা শৰ্মা। তেওঁৰ অভিনয়ৰ অনুৰাগী এতিয়া প্ৰতিজন। শেহতীয়াকৈ ৰূপালীপৰ্দা তৰফৰ পৰা এই গৰাকী অভিনেত্ৰীৰ সৈতে পাতিছিলো কিছু কথা; অভিনয়ৰ সৈতে তেওঁ কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত অভিনেত্ৰী গৰাকীয়ে কয় যে, “অভিনয় ক্ষেত্ৰ খনৰ লগত মই পাঁচ বছৰ বয়সৰ পৰাই জড়িত; অভিনয়ৰ দিশটোত জড়িত হোৱা ক্ষেত্ৰত মোৰ প্ৰথম গুৰু হৈছে মোৰ দেউতা মুনিন শৰ্মা। মই অভিনয় জগতত জড়িত বা অভিনয়ৰ প্ৰতি আগ্ৰহী হোৱাত “মূৰ্চ্ছনা কলা নিকেতন” ৰ ভূমিকা অপৰিসীম। মই এওঁলোক আটাইৰে আগত সদায়েই চিৰকৃতজ্ঞ হৈ ৰ’ম।” এগৰাকী অভিনেত্ৰী ৰূপে আহিবলগীয়া সময়ত তেওঁ কেনে প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ ইচ্ছা বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “বৰ্তমান মই মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ আৰু যুৱ প্ৰজন্মক সঠিক পথ দেখুৱাব পৰা প্ৰকল্পৰ সৈতে জড়িত হ’ব খোজো; মোৰ এনেকুৱা মন যায় যে নাৰীসকলৰ ভিতৰত থকা সুপ্ত প্ৰতিভা বিকাশ কৰিবলৈ একোখন মঞ্চ দিব পৰা প্ৰকল্পৰ লগত জড়িত হ’ব খোজো। আৰু, অনাগত দিনত ভাল পূৰ্ণদৈৰ্ঘ্যৰ ছবি, ধাৰাবাহিকৰ লগত জড়িত হোৱাৰ ইচ্ছা আছে।” অৰ্পিতাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “বেদব্ৰত বৰা আৰু অন্বেষা মহন্তৰ যুঁটীয়া প্রচেষ্টাত গঢ়ি উঠা ইউটিউব চেনেল “Zeroth Drama” ৰ লগত সক্ৰিয় ভাৱে জড়িত হৈ আছো।” Zeroth drama” ৰ যোগেদি হাস্যৰসৰ জৰিয়তে সমাজলৈ কিছু ধনাত্মক বাৰ্তা পঠিয়াব বিছাৰো।”

"মই মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ আৰু যুৱ প্ৰজন্মক সঠিক পথ দেখুৱাব পৰা প্ৰকল্পৰ সৈতে জড়িত হ'ব খোজো"- অৰ্পিতা শৰ্মা 3


তেওঁ আগলৈ কয় যে, “অনাগত দিনত চুটি ছবিৰ কাম হাতত লোৱা আছে। যিহেতু মই শৈশৱৰ পৰাই নৃত্যৰ লগত জড়িত সেয়ে কণ কণ শিশু সকলক শাস্ত্ৰীয় নৃত্য,লোক নৃত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ হাবিয়াস মনত পুহি ৰাখিছো।” অৰ্পিতা শৰ্মাৰ এনে প্ৰয়াস তথা প্ৰচেষ্টাক লৈ শেহতীয়াকৈ উৎসাহী প্ৰতিজন। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform