Rupaliparda.com
নতুন গীত "তোমাকে চাই" ত দীপজ্যোতি মহন্ত, সুকন্যা বৰুৱা আৰু হিনা কাশ্যপঃ 1

নতুন গীত “তোমাকে চাই” ত দীপজ্যোতি মহন্ত, সুকন্যা বৰুৱা আৰু হিনা কাশ্যপঃ

কিছুদিন পূৰ্বে এটি সুন্দৰ গীতৰ মুকলি হৈছিল; গীতটিৰ অডিঅ’টোৰ সৈতে সংগতি ৰাখি নিৰ্মিত ভিডিঅ’টোৱে লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ বহুল সঁহাৰি। ভিডিঅ’টোত অভিনীত চিনাকী জনপ্ৰিয় মুখকেইখনে আচলতে প্ৰত্যককে গীতটিৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰি তুলিছে। আমি প্ৰায়ে একোটা এনে গীতৰ অপেক্ষা কৰো যিটো আমাৰ প্লে-লিষ্টত সঘনাই ঘূৰিলেও আমাৰ আমনি নালাগে; সংগীত বুলিলেই এক অজান প্ৰশান্তি সকলোৰে মাজত দেখিবলৈ পোৱা যায়। সুৰীয়া কন্ঠ আৰু গ্ৰহণযোগ্য কথাৰ সংমিশ্ৰণেৰে নিৰ্মিত একোটা গীতত শ্ৰোতা-দৰ্শক নজনাকৈয়ে ঢাল খাই পৰে। মুঠতে, একোটা ভাল আৰু সুন্দৰ প্ৰকল্পৰ আদৰ অসমীয়া প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী জনসাধাৰণে কৰি আহিছে। শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ নতুন গীতৰ সৃষ্টি হৈছে; অৱশ্যে আমি দেখিবলৈ পোৱাত এয়াও সঠিক যে বৰ্তমান মুক্তিপ্ৰাপ্ত একাংশ গীতত নৱপ্ৰজন্মৰ প্ৰতিভাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ নৱপ্ৰজন্মৰ দলসমূহে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম।


তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। আজি আমি যিটো গীতৰ কথা ক’বলৈ ওলাইছো; গীতটিৰ নাম হৈছে “তোমাকে চাই”।গীতটিয়ে ইতিমধ্যে ইউটিউবত তিনি লাখতকৈও অধিক ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, এই গীতটিৰ ভিডিঅ’ত চচিয়েল মিডিয়াত খলকনি লগোৱা শিশু শিল্পী হিনা কাশ্যপক দেখিবলৈ পাই আচলতে আৰু অধিক উৎসাহী হৈ পৰিছে অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শক। লগতে, গীতটিৰ আন দুটি চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে অভিনয় ক্ষেত্ৰখনক জনপ্ৰিয় হৈ উঠা নৱপ্ৰজন্মৰ সুকন্যা বৰুৱা আৰু দীপজ্যোতি মহন্ত। গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াৰ কথা আৰু সুৰ টনী মেনুৱেলৰ; নৱপ্ৰজন্মৰ এই গৰাকী কন্ঠশিল্পীৰ উক্ত গীতটিৰ জনপ্ৰিয়তাৰ পিছত তেওঁ আহিবলগীয়া গীত সমূহক লৈ অপেক্ষাৰত হৈ পৰিছে প্ৰতিজন। গীতটিত সংগীত ত্ৰিয়ন মহন্তৰ; শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।

নতুন গীত "তোমাকে চাই" ত দীপজ্যোতি মহন্ত, সুকন্যা বৰুৱা আৰু হিনা কাশ্যপঃ 2


সমান্তৰালকৈ, এই গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অম্লান জ্যোতি ৰাজখোৱাৰ লগতে ভিডিঅ’ৰ বিষয়বস্তুৰ দায়িত্বত আছিল অম্লান জ্যোতি ৰাজখোৱা আৰু দীপজ্যোতি মহন্ত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform