Rupaliparda.com
"গীত এটিৰ সফলতা নিৰ্ভৰ কৰিব গীতটিৰ শ্ৰোতা-দৰ্শকৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা!"- আকাশদ্বীপ বাৰুতী 1

“গীত এটিৰ সফলতা নিৰ্ভৰ কৰিব গীতটিৰ শ্ৰোতা-দৰ্শকৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা!”- আকাশদ্বীপ বাৰুতী

আদৰৰ বিহুটোৰ সময়ছোৱাতে এটি সুন্দৰ গীতে চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছিল। গীতটিৰ নাম আছিল “দাইটি”। প্ৰায় প্ৰতিজন শ্ৰোতাই গীতটিৰ বিষয়ে শ্বেয়াৰ কৰিছিল চচিয়েল মিডিয়াত; বিহু গীতৰ সুৰৰ ওপৰত কেন্দ্ৰ কৰি সুন্দৰ তথা হৃদয়স্পৰ্শী কথাৰে আধুনিক সংগীতৰ ফিউজন ঘটাই নিৰ্মাণ কৰি উলিওৱা হৈছিল “দাইটি” ক। জনসাধাৰণৰ মাজলৈ নতুনকৈ ওলাই অহা এটা সংগীতৰ বেণ্ড “The Jamming Buddies” ৰ প্ৰচেষ্টাৰে এই গীতটিক উলিয়াই দিয়া হৈছিল। নৱপ্ৰজন্মৰ প্ৰতিটো সময়ৰ চেষ্টা আৰু প্ৰচেষ্টাক আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো; মনোৰঞ্জন ক্ষেত্ৰখনত তেওঁলোকৰ নতুন চিন্তাই প্ৰত্যেককে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উক্ত বেণ্ডটোৰ প্ৰশংসা কৰিছে এতিয়া প্ৰতিজনে; নকৰিবওঁনো কিয়! নতুন আৰু ব্যতিক্ৰমী চিন্তাৰে নিৰ্মিত একো প্ৰকল্পৰ প্ৰতি সদায় উৎসাহী জনসাধাৰণ। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি এই বেণ্ডটোৰেই এগৰাকী সদস্যৰ সৈতে পাতিছিলো কিছু এক্সক্লুচিভ কথা-বতৰা। সদস্যগৰাকীৰ নাম হৈছে আকাশদ্বীপ বাৰুতী; তেওঁ সংগীত ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰতিভাগৰাকীয়ে কয় যে, “সংগীতৰ ক্ষেত্ৰখনত স্কুলীয়া দিনৰে পৰাই জড়িত আছিলোঁ; সংগীতৰ প্ৰতিযোগিতা সমূহত সৰুৰে পৰাই অংশগ্ৰহণ কৰিছিলো। তাৰ পৰৱৰ্তী সময়ত, বৰগীত শিকিবলৈ ল’লো আৰু দাদাইয়ো সংগীতৰ লগত জড়িত আছিল বাবে আমি একেলগে সংগীতৰ বিভিন্ন বিষয়ৰ আলোচনাবোৰ চলাই যাবলৈ ল’লো। কিন্তু, ভালকৈ সংগীতৰ লগত জড়িত হ’লো কলেজলৈ অহাৰ পিছতহে; কলেজতে সংগীতৰ সৈতে জড়িত আন লগৰ কেইজনক পালোঁ। পিছলৈ, তেনেকৈয়ে শুভদ্যোতি আৰু মই “The Jamming Buddies” ৰ আৰম্ভ কৰিছিলো। এতিয়া তেনেকৈয়ে আমি নিজৰ গানৰ কামবোৰ আৰম্ভ কৰিছো আৰু আগলৈও চলাই যাবলৈ চেষ্টা কৰিম। মাত্ৰ ৰাইজৰ সঁহাৰি বিচাৰিছো।”

"গীত এটিৰ সফলতা নিৰ্ভৰ কৰিব গীতটিৰ শ্ৰোতা-দৰ্শকৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা!"- আকাশদ্বীপ বাৰুতী 2


এটা গীতৰ সফলতা/ বিফলতা বুলিলে কি বুজে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “সাধাৰণতে, গীত এটিৰ সফলতা/বিফলতা বুলি ক’বলৈ গ’লে গীতটিৰ বাণিজ্যিক সফলতা বা বিফলতাকে বুজা যায় বা বৰ্তমান সময়ত গীতটিৰ ইউটিউব বা স্পটিফাইত দৰ্শক কিমান তাকে বুজা যায়; কিন্তু মই ভাবো যে, গীত এটিৰ সফলতা নিৰ্ভৰ কৰিব গীতটিৰ শ্ৰোতা-দৰ্শকৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা! যদি গীত এটিয়ে কোনো এজন মানুহক জীৱনৰ যিকোনো কঠিন মূহুৰ্ততে প্ৰেৰণা দিছে বা তেওঁৰ মনত নতুন চিন্তাৰ উন্মেষ ঘটাব পাৰিছে তেনেহ’লে তাতে গীতটিৰ সফলতা নিহিত হৈ আছে। তেনেকুৱা বহুতো সুন্দৰ সুন্দৰ অসমীয়া গীত আছে যিয়ে আমাকো বিভিন্ন সময়ত প্ৰেৰণা দিছে কিন্তু সেইসমূহ গীতক যদি আমি ভিউচৰ ফালৰ পৰা চাব যাওঁ অসফল যেন লাগিব কিন্তু যিকোনো সচেতন কলা সাহিত্যনুৰাগী মানুহক যদি শুনোৱা যায় তেওঁলোকে কিন্তু নিসন্দেহে ভাল বুলিয়ে ক’ব।” পিছলৈ, আকাশদ্বীপক “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “যিসকল কলা সংস্কৃতিৰ লগত জড়িত লোকে প্ৰকৃতাৰ্থত সমাজৰ উন্নতিৰ বাবে কাম কৰি আছে তেওঁলোককে মই “শিল্পী” বুলি ক’ম। মই ভাবো যে, সামাজিক সচেতনতাই এজন সংগীতজ্ঞ, অভিনেতা, গীতিকাৰ আদি সকলোকে শিল্পীলৈ পৰিবৰ্তিত কৰে।”

"গীত এটিৰ সফলতা নিৰ্ভৰ কৰিব গীতটিৰ শ্ৰোতা-দৰ্শকৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা!"- আকাশদ্বীপ বাৰুতী 3


আকাশদ্বীপ বাৰুতীৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আমাৰ Jamming Buddies ৰ আহিবলগীয়া বহুতো প্ৰকল্প আছে। অলপতে, আমি “দাইটি” গীতটি মুকলি কৰিছিলো। নতুনকৈ আমি পপ আৰু নিঅ’ ছ’ল( Neo soul) শৈলীৰ এটি গীতৰ কাম আৰম্ভ কৰি আছোঁ। অতিশীঘ্ৰে নতুন গীতটি শুনিবলৈ পাব।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform