Rupaliparda.com
EDM ৰ ঢৌঃ সাজু হৈছে নৱপ্ৰজন্মৰ নতুন গীত "বিচাৰি পালো"- 1

EDM ৰ ঢৌঃ সাজু হৈছে নৱপ্ৰজন্মৰ নতুন গীত “বিচাৰি পালো”-

প্ৰেম, ভালপোৱা, আৱেগ, মৰম, স্নেহ! আৰু ক’ত যে কি?”প্ৰেম” ত কোনো নিৰ্দ্দিষ্ট এক বয়স নাথাকে; উচ্চ-নীচ ভাৱ অথবা প্ৰেমাস্পদক ভালপোৱাৰ কোনো নিৰ্দ্দিষ্ট সময়ো নাথাকে। নক’লেও নাইবা সুন্দৰকৈ বুজাই নিদিলেও ইজনৰ আনজনৰ প্ৰতি থকা আন্তৰিকতাবোৰ সদায়েই ৰৈ যায়। নিজৰ সক্ষমতাৰ বাহিৰলৈ গৈ কিবা এটা প্ৰদান কৰাৰ অপাৰ ইচ্ছাই “প্ৰেম” ক আৰু গভীৰ কৰি তোলাত সহায় কৰে। আচলতে, ভালপোৱা তথা প্ৰেম আদি বিষয়বোৰৰ কথাসমূহ যিমানেই দীঘলীয়া; সিমানেই সুন্দৰ আৰু গ্ৰহণযোগ্য। পূৰ্বতেও উল্লেখ কৰিছো যে সংজ্ঞাহীন “প্ৰেম” ৰ জন্মৰ নিৰ্দ্দিষ্টতা নাথাকে। মোটা পকেটৰ অংক লৈ ডাঙৰ অট্টালিকাত থকা মানসিকতাৰে প্ৰেমত বিলীন নহয় ব্যক্তিবিশেষ। ফুটপাথতো এনে সপোন উৰি ফুৰে; অৱশ্যে, সম্পৰ্কবোৰৰ মাজত যেতিয়া সুঁতিটো মজবুত হৈ থাকে তেতিয়া পৰিস্থিতিয়ে নিজেই হাৰ মানিবলগীয়া হয়। কিছুমান প্ৰেম অব্যক্ত; ভালপোৱাজনক বুজাব নোৱাৰিলেও তেওঁক লৈ থকা হেঁপাহবোৰ নিজৰ মাজতেই সামৰি আগবাঢ়ি যাবলগীয়া হয়। এনে লাগে যেন, নিজৰ প্ৰেম প্ৰেম লগা অনুভূতিটোত নিজৰেই অধিকাৰ আছে। আচলতে, এই আটাইবোৰ অনুভূতিয়ে ভাললগা। এনে এক বিষয়বস্তুৰ সৈতে নৱপ্ৰজন্মৰ একাংশ যুৱকৰ ফালৰ পৰা অতিশীঘ্ৰে মুকলি হ’বলৈ গৈ আছে এটি নতুন গীত “বিচাৰি পালো।”

EDM ৰ ঢৌঃ সাজু হৈছে নৱপ্ৰজন্মৰ নতুন গীত "বিচাৰি পালো"- 2
EDM ৰ ঢৌঃ সাজু হৈছে নৱপ্ৰজন্মৰ নতুন গীত "বিচাৰি পালো"- 3


নতুন EDM অৰ্থাৎ ইলেক্ট্ৰনিক ডেন্স মিউজিক সমূহৰ মাজত এই গীতটিও হ’ব এটা। গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ কৰিছে তুষাৰে; ইয়াত কথা আৱেগৰ আৰু সংগীত সংমিশ্ৰণ কৰিছে পিংকুল আহমেদে। আনহাতে, ভিজুৱেল আৰু এনিমেশ্বনৰ দায়িত্বত আছে আত্ৰেয়া কাকতি আৰু ইমৰানুল হক। Electronic Dance Music চমুকৈ “EDM” ৰ বৈশিষ্ট্যৰে যিসমূহ ন-ন গীতৰ সৃষ্টি হৈছে সেই আটাইবোৰে বৰ্তমান সময়ত সংগীতৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; এই পৰিৱৰ্তন সমূহত নতুনত্ব থাকে। পৰিৱৰ্তনৰ যদি ঋণাত্মক ফালটোত মন নিদিয়ো তেতিয়াহ’লে বুজিব পৰা যায় যে পৰিৱৰ্তনে বহু নতুন নতুন বস্তুৰ সৃষ্টি কৰে। বলীউডৰ উক্ত সংগীতৰ ধাৰাক লৈ বিভিন্ন গীতৰ সৃষ্টি হৈছে যিসমূহক লৈ অসমৰ সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজত এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গৈছিল; কিন্তু এতিয়া কেৱল মাত্ৰ বলীউড বুলিয়ে নহয়। এনে গীতৰ সৃষ্টি হ’বলৈ লৈছে অসমীয়া সংগীত ক্ষেত্ৰখনতো।

EDM ৰ ঢৌঃ সাজু হৈছে নৱপ্ৰজন্মৰ নতুন গীত "বিচাৰি পালো"- 4


পিংকুলকে আৰম্ভ নৱপ্ৰজন্মৰ এই দলটোৰ নতুনত্বৰ প্ৰতি থকা ইচ্ছা আৰু শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰাৰ বহুল প্ৰয়াসে তেওঁলোকক সকলোৰে ওচৰত অধিক গ্ৰহণযোগ্য কৰি তুলিছে। অহা ৩০ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া উক্ত গীতটিক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform