Rupaliparda.com
প্ৰাগ নিউজক বয়'কট নীল আকাশ, আচুৰ্য্য বৰপাত্ৰকে ধৰি আন একাংশৰঃ 1

প্ৰাগ নিউজক বয়’কট নীল আকাশ, আচুৰ্য্য বৰপাত্ৰকে ধৰি আন একাংশৰঃ

অসমীয়া কন্ঠশিল্পী সকলে বয়’কট কৰিলে ব্যক্তিগত সংবাদ মাধ্যম প্ৰাগ নিউজক। সুবাসনা দত্তকে ধৰি আচুৰ্য্য বৰপাত্ৰ, নীল আকাশ আদি প্ৰত্যেকেই প্ৰাগ নিউজক বয়’কট কৰি চেনেলটোৰ ঘোষক দেৱজিৎ ভূঞাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনায়। আনহাতে, তেওঁলোকৰ গীত সমূহ যদি প্ৰাগ নিউজত বজোৱা হয় তেতিয়াহ’লে চেনেলটোক লৈ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ চেনেলটোৰ কোনো অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত লয় শিল্পী সমাজে। বিগত দিনৰ এটি টক-শ্ব’ ত কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সমুখত ঘোষকজনে শিল্পী সকলক “বেপাৰী” বুলি মন্তব্য কৰাৰ বাবেই শিল্পী সমাজে এই সিদ্ধান্ত গ্ৰহণ কৰে। বিগত দিনত কন্ঠশিল্পী তথা সংগীত শিল্পী সমূহে ক’ভিড প্ৰটক’ল গম পোৱাৰ পিছতো ফাংচন সমূহ কৰা আৰু বিগত দিনত মনোৰঞ্জন ক্ষেত্ৰলৈ অহা অতিকৈ বেয়া খবৰ ভিতালী দাসৰ মৃত্যুৰ দিনাও প্ৰিয়ংকা ভৰালী আৰু বিপিন চাউদাঙে কৰা অনুষ্ঠানক কেন্দ্ৰ কৰি উক্ত ব্যক্তিগত সংবাদ মাধ্যমে ঋণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তাৰ বাবেই নিজ স্পষ্টীকৰণ ৰাইজৰ সমুখত দাঙি ধৰাৰ স্বাৰ্থত টক-শ্ব’ ত উপস্থিত হৈছিল কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী। পৰৱৰ্তী সময়ত, প্ৰিয়ংকা ভৰালী আৰু দেৱজিৎ ভূঞাৰ মাজত বাকযুদ্ধ হয়। তলত শিল্পী সমাজৰ পোষ্ট চাওঁচোন আহকঃ

“শিল্পী কলা কুশলী সকলক অপমান কৰা সাংবাদিক দেৱজিৎ ভূঞা ডাঙৰীয়া , আপুনি জানেনে, অসমৰ একোগৰাকী কণ্ঠশিল্পী অথবা গায়কৰ লগত কিমান পৰিয়াল জড়িত হৈ আছে। একোগৰাকী গায়ক-গায়িকাৰ লগত ৪৫-৬০ জনকৈ বিভিন্ন কলা কুশলী প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে । এইসকলে নিজস্ব প্ৰতিভাকে জীৱন নিৰ্বাহৰ অন্যতম উপায় হিচাপে গ্ৰহণ কৰি সন্মান সহকাৰে জীয়াই আছে । *এয়া এক কৰ্মহে, বেপাৰ নহয় ।* *বিহু অনুষ্ঠানক “বেপাৰ” আখ্যা দিয়া প্ৰাগ নিউজৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞা ডাঙৰীয়াই এগৰাকী কণ্ঠশিল্পীক কৰা অপমান কেতিয়াও সহ্য কৰা নহ’ব । ভূঞা ডাঙৰীয়াক এনে কাৰ্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ বাবে দাবী জনালোঁ । আজিৰে পৰা প্ৰাগ নিউজৰ কোনো অনুষ্ঠানতে উপস্থিত থকাৰ পৰা মই বিৰত থাকিম । লগতে জনাওঁ যে , মোৰ কোনো গীত অথবা ভিডিঅ’ প্ৰাগ নিউজ আৰু সংলগ্ন এণ্টাৰটেইনমেণ্ট চেনেলত বিনা অনুমতিত সম্প্ৰচাৰ নকৰিব । অনুমতি বিহীন ভাৱে সম্প্ৰচাৰ কৰিলে আইনী ব্যৱস্থা লবলৈ বাধ্য হ’ম ।**আশা কৰিম, অনাগত দিনত অসমৰ সৰু-বৰ শিল্পী, কলা-কুশলীক সন্মান দিব নাজানিলেও যাতে অপমান নকৰে । আমাৰ স্বাভিমান ৰক্ষা কৰি এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব বুলি আশা কৰিছোঁ। অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা আমাৰ একান্তই কাম্য। ধন্যবাদ”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform