Rupaliparda.com
মহিম বৰাৰ "কাঠনিবাৰীৰ ঘাট" ৰ কাহিনীৰে টেলিফিল্মৰ মুক্তিঃ 1

মহিম বৰাৰ “কাঠনিবাৰীৰ ঘাট” ৰ কাহিনীৰে টেলিফিল্মৰ মুক্তিঃ

অসমৰ এগৰাকী গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰাৰ এখন জনপ্ৰিয় গল্প সংকলন “কাঠনিবাৰীৰ ঘাট” ৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত একে নামৰ টেলিফিল্ম খনে ইতিমধ্যে ইউটিউবত লাভ কৰিছে মুক্তি। গল্প সংকলন খনৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ টেলিফিল্মখনেও আচলতে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে; ১৯২৩ চনত জন্মগ্ৰহণ কৰা সাহিত্যচাৰ্য মহিম বৰাই ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। এইখিনিতে, আপোনালোকক জনাই থওঁ যে “কাঠনিবাৰীৰ ঘাট” শীৰ্ষক এই গল্প সংকলনখনিৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৬১ চনত; লগতে উক্ত একে নামৰ টেলিফিল্মখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য তথা সংলাপ জ্যোতিষ্মান নাৰায়ণ দেৱৰ আৰু প্ৰযোজনা তথা পৰিকল্পনা বিশ্ব কুমাৰ দাসৰ। ডি ডি আছামৰ বাবে নিৰ্মাণ হোৱা এই টেলিফিল্মখনত মহিম বৰাৰ কাহিনীভাগক পুংখানুপুংখ উপস্থাপনৰ চেষ্টা কৰা হৈছে। এগৰাকী নাৰীৰ স্বামীৰ প্ৰতি থকা আগ্ৰহ লগতে স্বামীৰ কোনো এটা দূৰ্যোগ হ’লেই লৰি-ঢাপলি আহি তেওঁৰ কাষ চপা আদি কথাবোৰ ইয়াত গল্প সংকলনখনৰ দৰেই উপস্থাপন কৰাৰ চেষ্টা কৰিছে পৰিচালক গৰাকীয়ে। “কাঠনিবাৰী ঘাটত” জাহাজৰ বাবে অপেক্ষাৰত হৈ কটোৱা উজাগৰী নিশা; ঘাটৰ কাষতেই দুটা টেমাত বিস্কুট তথা বইল কৰা কণী আৰু চাহ বনাবলৈ এখন টেবুলৰ ওপৰতেই দিয়া দোকান; তাঁচপাত খেলি দুজন বন্ধুয়ে জাহাজৰ বাবে অপেক্ষা কৰি ওৰেটো নিশা ৰৈ দিয়া, বাঁহৰ খুঁটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ দি নিৰ্মাণ কৰা এখন বহা বেঞ্চ ইত্যাদিয়ে সম্পূৰ্ণ কৰিছে কাঠনিবাৰীৰ ঘাট।


কাহিনী প্ৰসংগত, ভায়েক বৰুণ আৰু তাৰ নৱবিবাহিতা বায়েক লগতে লেখকে কাঠনিবাৰীৰ ঘাটত জাহাজৰ বাবে কৰা অপেক্ষাৰ সময়কণৰ সহজ যদিও অসাধাৰণ কথা-বতৰাক উপস্থাপন কৰা হৈছে। পূৰ্ণিমাৰ তৃতীয়াৰ সৈতে কৰা বিবাহিতা গৰাকীৰ তুলনাই টেলিফিল্মখনক অইন এক পৰ্যায়ত উপনীত কৰোৱাবলৈ সক্ষম হৈছে। ৰোমাঞ্চকৰ পৰিৱেশ আৰু মহিমা বৰাৰ কাহিনীভাগৰ দৰেই টেলিফিল্মখনৰ কৰুণ পৰিসমাপ্তি সঁচাকৈ গ্ৰহণযোগ্য। নৱবিবাহিতা গৰাকীৰ সপোনৰ ঘৰখন সম্পূৰ্ণ হোৱাৰ আশাত তেওঁ ৰৈ থকাৰ মাজতেই তেওঁলৈ আহিবলগীয়া এক দুঃখবৰ। দেওৰেক মামুৱে লেখকক জানিবলৈ দিয়া কঠোৰ বাস্তৱে “কাঠনিবাৰীৰ ঘাট” ক সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে। কিন্তু, আন এটা কথা এয়াও যে, মহিম বৰাৰ কাহিনীভাগতকৈ টেলিফিল্ম বাবেই ইয়াত কিছুমান দৃশ্যাংশৰ সাল-সলনি কৰা হৈছিল; গল্পটোত থকা কিছুমান বৰ্ণনাও অৱশ্যে এই টেলিফিল্মখনত সময়ৰ অভাৱৰ বাবে সংযোজন কৰা হোৱা নাছিল। টেলিফিল্মখনত অভিনীত প্ৰতিগৰাকী অভিনেতা- অভিনেত্ৰীৰেই অভিনয়ৰ মজবুত দিশটো তাত দেখিবলৈ পোৱা গৈছে। ইয়াত অভিনয় কৰিছে ৰূপম শৰ্মা, ৰঞ্জিতা বৰুৱা, নয়ন দাস, ইমৰাণ হুচেইন, ৰমেশ শৰ্মা, নাবজ্যোতি মহন্ত, মুন কুমাৰ শইকীয়া, দীপেন শৰ্মা আৰু জগ্য দাসে।

মহিম বৰাৰ "কাঠনিবাৰীৰ ঘাট" ৰ কাহিনীৰে টেলিফিল্মৰ মুক্তিঃ 2


টেলিফিল্মখনৰ ক্ষেত্ৰত যথেষ্ট দৰ্শকৰে ধনাত্মক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকীক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform