Rupaliparda.com
এবছৰ ধৰি নিলগে আছে ধৰ্মেন্দ্ৰ আৰু হেমামালিনীঃ 1

এবছৰ ধৰি নিলগে আছে ধৰ্মেন্দ্ৰ আৰু হেমামালিনীঃ

ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ ফলত বৰ্তমান আপোনজনৰ পৰা নিজকে দূৰ কৰি ৰাখিবলৈ বাধ্য হৈছে বিভিন্ন জন। জনসাধাৰণে মাহৰ পিছত মাহ ধৰি আপোনাজনক লগ কৰিবলৈ পোৱা নাই; দূৰত্ব বজাই ৰাখি এই মহামাৰীটোৰ পৰা নিজকো বচাইছে লগতে আপোনজনকো সুৰক্ষিত কৰি ৰাখিছে। সাধাৰণ লোকৰ দৰে বৰ্তমান চিলেব্ৰেটীবোৰেও নিজক আপোনজনকৰ পৰা দূৰ কৰি ৰাখিবলৈ বাধ্য হৈছে যাতে তেওঁলোকৰ বাবে আপোনজনৰ কোনো ধৰণৰ অসুবিধা নহওঁক। এইখিনিতে, আপোনালোকক জনাই থওঁ যে, বলীউডৰ জনপ্ৰিয় যুঁটি হেমামালিনী আৰু ধৰ্মেন্দ্ৰই ইজনে আনজনক লগ নোপোৱা প্ৰায় এটা বৰ্ষ সম্পূৰ্ণ হৈছে। ক’ৰোণা সন্ত্ৰাসৰ ফলতেই এনে কৰা হৈছে বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ধৰ্মেন্দ্ৰই মুম্বাইৰ পৰা নিলগত নিজকে ফাৰ্মহাউচত আৱদ্ধ কৰি ৰাখিছে আৰু তেওঁ কোনো ব্যক্তিৰ সংস্পৰ্শলৈ অহা নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰা যোগে হেমামালিনীয়ে কয় যে, “এয়া তেওঁৰ সুৰক্ষাৰ বাবেহে। এই সময়কণত আমি লগত থকাতকৈ অধিক জৰুৰী তেওঁৰ স্বাস্থ্যহে। আমি বহুত বেয়া পৰিস্থিতিৰ মাজেৰে পাৰ হৈছো; কিন্তু আমি দৃঢ় হ’ব লাগিব লাগিলে যিমানেই বেয়া সময়ৰ সন্মুখীন হয়।


ইয়াৰ লগতে, কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰেও নিজৰ সুৰক্ষাৰ বাবে কোঠাতেই নিজক আৱদ্ধ কৰি ৰাখিছে। এক সাক্ষাৎকাৰ যোগে তেওঁ নিজেও কয় যে, “মোৰ কোঠাত কেৱল মোৰ পৰিয়ালৰ সদস্য সকল অহাৰহে অনুমতি আছে। যিসকল মোৰ বাবে গুৰুত্বপূৰ্ণ মই তেওঁলোককহে লগ কৰিবলৈ লৈছো। সুৰক্ষা সকলো বস্তুতকৈ উৰ্দ্ধত।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform