Rupaliparda.com
"নাম মোৰ মিনিমি, ৰাখি থ' মনত"; মিনিমিৰ "বহুত ওপৰৰ মাল"- 1

“নাম মোৰ মিনিমি, ৰাখি থ’ মনত”; মিনিমিৰ “বহুত ওপৰৰ মাল”-

“নাম মোৰ মিনিমি, ৰাখি থ’ মনত; নামিছো কেতিয়াবাই মই ৰণত”; নলবাৰী নিবাসী জনপ্ৰিয় ৰেপাৰ মিনিমি। যুৱপ্ৰজন্মৰ মাজত এই নামটোক আকৌ এবাৰ চিনাকী কৰি দিয়াৰ হয়টো প্ৰয়োজন নাই। আচলতে, সঁচা অৰ্থত ক’বলৈ গ’লে ৰেপাৰ গৰাকীৰ ব্যতিক্ৰমী আৰু সম্প্ৰতি সময়ক লৈ সৃষ্ট ৰেপবোৰেই হৈছে আজিৰ তেওঁৰ চিনাকী। তেওঁৰ দ্বাৰা মুক্তিপ্ৰাপ্ত ইতিমধ্যে প্ৰতিটো ৰেপেই জনপ্ৰিয়তাক চুমুক দিয়াৰ সমান্তৰালকৈ নৱপ্ৰজন্মৰ মাজত এই ৰেপবোৰৰ সফলতা হৃদয়ংগম কৰিব পৰা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “বহুত ওপৰৰ মাল” শীৰ্ষ ৰেপটোক বৰ্তমান প্ৰত্যেকেই প্ৰশংসা কৰিবলৈ বাধ্য হৈছে কিয়নো তাত তেওঁ দেখুৱাবলৈ বিচৰা বাস্তৱ ছবিখন তেনেই সুলভ। সস্তীয়া জনপ্ৰিয়তাৰ লগতে সমাজৰ একাংশৰ মানসিকতাৰ ওপৰত প্ৰশ্ন কৰি মিনিমিয়ে প্ৰস্তুত কৰি উলিওৱা “বহুত ওপৰৰ মাল” য়ে শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। ৰেপাৰ গৰাকীৰ প্ৰকৃত নাম নীলোৎপল লহকৰতকৈ “মিনিমি” নামটোৱেহে সংগীত ক্ষেত্ৰখনত অধিক সমাদৰ লাভ কৰিছিল তথা কৰি আহিছে। অসমীয়া “ৰেপ” ক্ষেত্ৰখনত বিশেষভাৱে মনোনিৱেশ কৰা এই গৰাকী অসমীয়া ৰেপাৰৰ ২০১৬ চনত মুক্তি লাভ কৰিছিল প্ৰথমটো গীত “ৰেপ কেপ”। ইয়াৰ পিছতে তেওঁৰ আন কেইবাটাও গীত ক্ৰমে “আবাহন, গম পাবি ৰহ” য়ে মুক্তি লাভ কৰে আৰু জনসাধাৰণৰ মাজত এক চিনাকী নাম হৈ পৰে মিনিমি। সমাজৰ তথাকথিত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি “ৰেপ” প্ৰস্তুত কৰা মিনিমিৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটোৱেও দৰ্শক-শ্ৰোতাৰ ধনাত্মক সমালোচনা লাভ কৰিবলৈ সক্ষম হৈছে।


BLK Beats ৰ দ্বাৰা প্ৰযোজিত এই গীতটিৰ বাণীবদ্ধ কৰাৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে দীপক দাসে; আনহাতে, গীতটিৰ দৃশ্যগ্ৰহণ তথা সম্পাদনা কৰিছে উপম মাপুৰ লগতে তেওঁৰ সহযোগীয়ে। গীতটিত মিনিমিয়ে নিজৰ কথাসমূহ খুলি ৰাইজৰ মাজলৈ উলিয়াই অনাৰ সমান্তৰালকৈ গীতটিৰ ভিডিঅ’ত তেওঁ নিজকেই উপস্থাপন কৰাত সক্ষম হৈছে। আনহাতে, বিগত বৰ্ষত ৰেপাৰ গৰাকীৰ দ্বাৰা নিৰ্মিত গীত “মই খেতিয়ক” আৰু “কালটিভেটৰচ” ৰ সৈতে যুঁটীয়াভাৱে প্ৰস্তুত কৰা গীত “মোৰ দেশ” য়েও বিগত দিনত জনসাধাৰণৰ ওচৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মই সাংস্কৃতিক দিশটোৰ প্ৰতি দেখুওৱা আগ্ৰহ সঁচাকৈ উল্লেখনীয়। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।

"নাম মোৰ মিনিমি, ৰাখি থ' মনত"; মিনিমিৰ "বহুত ওপৰৰ মাল"- 2


নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform