Rupaliparda.com
"পৃথিৱীৰ অসুখ"; জাগৰণ শইকীয়াৰ গীতটিৱে সূচাইছে সাম্প্ৰতিক সময়ছোৱাকঃ 1

“পৃথিৱীৰ অসুখ”; জাগৰণ শইকীয়াৰ গীতটিৱে সূচাইছে সাম্প্ৰতিক সময়ছোৱাকঃ

বিগত বৰ্ষৰ প্ৰায় এইটো সময়তে মুক্তি লাভ কৰিছিল এটি গীত “পৃথিৱীৰ অসুখ”। গীতটিয়ে নিজ এটা বৰ্ষ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’লেও যেন বৰ্তমানলৈয়ে এই গীতটিয়ে প্ৰতিফলিত কৰিছে সাম্প্ৰতিক সময়ছোৱাক। কিছুদিন পূৰ্বৰে পৰা আমি প্ৰতিজন জনসাধাৰণেই অনুভৱ কৰিছো যে বৰ্তমান পৃথিৱী সূস্থ অৱস্থাত নাই; কিয়নো শেহতীয়াকৈ কেওঁদিশে ঋণাত্মক খবৰ তথা প্ৰতিক্ৰিয়াৰে পৰিপূৰ্ণ হৈ পৰিছে। ইটোৰ পিছত সিটোকৈ অহা ভিন্ন আপোনজনৰ মৃত্যুৰ খবৰৰ সমান্তৰালকৈ প্ৰাকৃতিক দূৰ্যোগৰ তাণ্ডৱ তথা মহামাৰীয়ে অনা বিভীষিকাই চাৰিওকাষ এতিয়া অসূস্থ কৰি তুলিছে। সাম্প্ৰতিক পৰিস্থিতিৰ লগতেই খাপ খোৱা এই গীতটিক শেহতীয়াকৈ শ্ৰোতা-দৰ্শকে সমাদৰো জনোৱা দেখিবলৈ পোৱা গৈছে। জাগৰণ শইকীয়াৰ সুৰ আৰু সংগীতেৰে নিৰ্মিত এই গীতটিত কথা দিছে সমীৰণ মলয়ৰ লগতে ইয়াত কণ্ঠদান কৰিছে চিৰঞ্জীৱ শৰ্মাই; মুম্বাইত কৰ্মৰত জাগৰণ শইকীয়াৰ এই প্ৰকল্পটোৰ লগতে আন কেইবাটাও প্ৰকল্পই অসমীয়া জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পিতৃ দূৰ্গেশ্বৰ শইকীয়াৰ দ্বাৰা সৰুতেই বৰগীত তথা বিহুনামৰ শিক্ষা লোৱা জাগৰণে সৰুৰ পৰাই লাভ কৰিছিল ঢুলীয়া আৰু বিহুৱাৰে পৰিপূৰ্ণ এটা পৰিয়াল। কলেজীয়া শিক্ষা গ্ৰহণ কৰি থকা সময়ছোৱালৈ বিহু তথা অসমীয়া গীত সমূহৰ মাজতেই নিজক ব্যস্ত কৰি ৰাখিছিল জাগৰণে।ক্ৰমশঃ সংগীতৰ প্ৰতি বাঢ়ি অহা একাগ্ৰতাৰ বাবে তেওঁ সংগীতৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ প্ৰতিও আকৰ্ষিত হৈ পৰে; ফলত তেওঁ অসমীয়া সংগীত জগতৰ জনপ্ৰিয় মিউজিচিয়ান ভূপেন উজীৰৰ কাষ চাপে আৰু তেওঁৰ ওচৰতেই সংগীতৰ কাৰিকৰী দিশটোৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত, তেওঁ ২০০৮ চনত মুম্বাইলৈ ধাৱমান হয়। সপোনৰ নগৰী খনলৈ গৈ তাত নিজৰ সপোনক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাটো সহজ নাছিল যদিও যিমানেই নগৰ খনত সোমাই গৈছিল সিমানেই জাগৰণ শইকীয়াই নতুন নতুন কিছু বস্তু শিকিবলৈ সক্ষম হৈ পৰিছিল।


হিন্দীকে ধৰি ৰাজস্থানী, পঞ্জাৱী, মৈথেলী আদি ভাষাত নিৰ্মিত গীত সমূহতো মিউজিক প্ৰডিউচাৰ ৰূপে খ্যাতি লাভ কৰে অসম সন্তান জাগৰণে। পঞ্জাৱ সংগীত ক্ষেত্ৰখনতো প্ৰতিষ্ঠা লাভ কৰা জাগৰণ বৰ্তমান ব্যস্ত নিজ মাতৃভূমিক লৈ বিভিন্ন কাম কৰাত। বিগত বৰ্ষৰ কোৱাৰেন্টাইন সময়খিনিক সদ্ ব্যৱহাৰ কৰি বৰ্তমান ইটোৰ পিছত সিটোকৈ তেওঁ মুক্তি দিছিল অসমীয়া গীত। “পৃথিৱীৰ অসুখ”, “এজাৰ” ৰ পিছত এতিয়া তেওঁ আন এটি গীত “জোনৰ কথা” ও মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, উক্ত “পৃথিৱীৰ অসুখ” গীতটিৰ সৈতে জড়িত আন এজন সংগীতশিল্পী হৈছে সমীৰণ মলয়। যাৰ কথাৰে নিৰ্মিত গীতসমূহত বৰ্তমানলৈ অসমীয়া সংগীত ক্ষেত্ৰখনৰ প্ৰায় অধিকাংশ কন্ঠশিল্পীয়ে কৰিছে কন্ঠদান। অৰ্থাৎ এক কথাত ক’বলৈ গ’লে, অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম হৈছে সমীৰণ মলয়। ঢোল, তাল বজোৱাৰে পৰা আৰম্ভ কৰি গীত লিখি কন্ঠদান কৰালৈ অসমীয়া এই ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সমীৰণ মলয়। কিছুদিন পূৰ্বে “অভিমান্যু” এলবামটোৰ দ্বিতীয়টো সংস্কৰণৰো মুকলি কৰিছিল সংগীত শিল্পী গৰাকীয়ে।

"পৃথিৱীৰ অসুখ"; জাগৰণ শইকীয়াৰ গীতটিৱে সূচাইছে সাম্প্ৰতিক সময়ছোৱাকঃ 2

উল্লেখ্য যে, বৰ্তমান পৃথিৱী অসূস্থ; এই কথাক আমি প্ৰতিগৰাকী জনসাধাৰণেই হৃদয়ংগম কৰিছো গতিকে এনেক্ষেত্ৰত পৃথিৱীখনক লৈ আমি পালন কৰিবলগীয়া দায়বদ্ধতা সমূহ আগবঢ়াই নিয়াৰ সঁচাকৈ প্ৰয়োজন আহি পৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform