Rupaliparda.com
"জনসাধাৰণৰ ইচ্ছা আৰু উপভোগ্যতা জড়িত হৈ থকা প্ৰকল্পৰ সৈতে মোৰ কাম কৰাৰ ইচ্ছা"- ফিলিপচ নেওঁগ 1

“জনসাধাৰণৰ ইচ্ছা আৰু উপভোগ্যতা জড়িত হৈ থকা প্ৰকল্পৰ সৈতে মোৰ কাম কৰাৰ ইচ্ছা”- ফিলিপচ নেওঁগ

আমি প্ৰায়ে কোনো এটা বস্তুক দেখি দেখি শিকি গৈ থাকো। বস্তুটোক প্ৰত্যক্ষ কৰি থাকিয়েই আমি বস্তুটোৰ প্ৰতি ইমানেই বেছি আগ্ৰহী হৈ পৰো যে এদিন সেই বস্তুটোক পুংখানুপুংখভাৱে বুজিবলৈ অথবা তাক শিকিবলৈ চেষ্টা কৰো। বস্তুটোৰ আগ্ৰাসনত আমি কেনেদৰে সোমাই গৈ থাকো যে সেয়া আমি নিজেও কেতিয়াবা জানিবলৈ সময় নাপাওঁ। এই অভিনয় ক্ষেত্ৰখনত একাংশ এনে অভিনেতা আছে যাৰ এই বিষয়ত কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নাথাকিলেও অভিজ্ঞতাৰ দিশৰ পৰা তেওঁলোক আগবাঢ়ি গৈ থাকে; কোনোধৰণৰ ডাঙৰ প্ৰকল্পৰ সৈতে জড়িত নহ’লেও এনেবোৰ সৰু সৰু অভিজ্ঞতাৰে তেওঁলোকে সৰু সৰু প্ৰকল্পৰেই জনসাধাৰণৰ কাষ চপাৰ চেষ্টা কৰে; মনোৰঞ্জন দিশটো সেইবাবেই সুকীয়া কাৰণ এই দিশটোৱে কোনো এগৰাকী প্ৰতিভাকো স্তব্ধ কৰি ৰাখিব নোৱাৰে। প্ৰতিভাগৰাকীয়ে ইচ্ছা কৰিলে তেওঁলোকে ইটোৰ পিছত সিটো গ্ৰহণযোগ্য কামেৰে ৰাইজৰ কাষ চাপি যাবলৈ সক্ষম হয়। এনে এগৰাকী প্ৰতিভাৰ কথা শেহতীয়াকৈ সমুখলৈ আহিছে; তেওঁৰ নাম হৈছে ফিলিপচ নেওঁগ। আমি আপোনালোকক কিছুদিন পূৰ্বে এখন চুটি ছবিৰ বিষয়ে জনাইছিলো; যাৰ নাম আছিল “Precious”। চুটি ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। এই অভিনেতা গৰাকীৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা কথা-বতৰা যোগে যেতিয়া তেওঁক অভিনয় জীৱনৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “অভিনয়ৰ দিশটোত মই জড়িত ২০১৮ চনৰ পৰাহে। কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা মই লোৱা নাই এই দিশটোত তথাপিও মোৰ দেউতা প্ৰয়াত ৰবিন নেওঁগ, মোৰ মাতৃ হীৰা নেওঁগ লগতে মোৰ দাদা ইন্দুমৌলী নেওঁগ অভিনয় ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।”

"জনসাধাৰণৰ ইচ্ছা আৰু উপভোগ্যতা জড়িত হৈ থকা প্ৰকল্পৰ সৈতে মোৰ কাম কৰাৰ ইচ্ছা"- ফিলিপচ নেওঁগ 2
"জনসাধাৰণৰ ইচ্ছা আৰু উপভোগ্যতা জড়িত হৈ থকা প্ৰকল্পৰ সৈতে মোৰ কাম কৰাৰ ইচ্ছা"- ফিলিপচ নেওঁগ 3


তেওঁ আগলৈ কয় যে, “গতিকে এই তিনিওজন ব্যক্তিয়ে মোৰ শ্ৰদ্ধাৰ আৰু যি শিকিছো তেওঁলোকৰ পৰাই শিকিছো। এইখিনিতে কওঁ যে মোক আগবাঢ়ি যাবলৈ সাহস দিয়া আন এগৰাকী ব্যক্তি আছিল প্ৰেৰণা শইকীয়া।” অভিনেতা হিচাপে তেওঁ কেনেধৰণৰ প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ ইচ্ছা বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “জনসাধাৰণৰ ইচ্ছা আৰু উপভোগ্যতা জড়িত হৈ থকা প্ৰকল্প সমূহৰ সৈতে মোৰ কাম কৰাৰ ইচ্ছা; বৰ্তমান একোখন ছবি আৰু চুটি ছবিৰ সৈতে জড়িত হৈ গৈ আছো। থিয়েটাৰৰ দিশটো অকণমান জটিল যদিও মঞ্চতো এবাৰলৈ মোৰ অভিনয় কৰা ইচ্ছা আছে আৰু আহিবলগীয়া সময়ত ইয়াৰ বাবে চেষ্টা চলাই যাম।” আগন্তুক প্ৰকল্পৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “আগন্তুক সময়ৰ বাবে এখন চাইকো’লজিকেল চুটি ছবি UNMAAD ৰ বাবে প্ৰস্তুতি চলাইছো লগতে ২০১৯ বৰ্ষতে আমি মুকলি কৰি দিছিলো চুটি ছবি PRECIOUS ক। ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খন ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈও সক্ষম হৈছিল। আনহাতে, HACKER নামে চুটি ছবিখনকো মুকলি কৰি দিয়া হৈছে ইউটিউবত। সমান্তৰালকৈ, আমি চলিত বৰ্ষৰেই জুন-জুলাই মাহলৈ আন এখন চুটি ছবিৰ পৰিকল্পনা কৰি আছো। আনহাতে, এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ সৈতেও মোৰ কথা চলি আছে। চাওঁচোন কি হয়।”

"জনসাধাৰণৰ ইচ্ছা আৰু উপভোগ্যতা জড়িত হৈ থকা প্ৰকল্পৰ সৈতে মোৰ কাম কৰাৰ ইচ্ছা"- ফিলিপচ নেওঁগ 4


আহিবলগীয়া সময়ত ফিলিপচ নেওঁগক এগৰাকী সফল অভিনেতা ৰূপে গ্ৰহণ কৰাৰ সমান্তৰালকৈ তেওঁৰ প্ৰকল্প সমূহক সমাদৰ জনোৱাৰ কামনা কৰিছো। তেওঁৰ প্ৰতিটো পৰিকল্পনাৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform