Rupaliparda.com
"মনত ঠিৰাং কৰি লৈছিলো যে এই শিল্পী সকলৰ বাবে কিবা এটা কৰাৰ চেষ্টা মই কৰিম"- ৰাজেন দাস (লাইফ ইন্ এ পাপেট) 1

“মনত ঠিৰাং কৰি লৈছিলো যে এই শিল্পী সকলৰ বাবে কিবা এটা কৰাৰ চেষ্টা মই কৰিম”- ৰাজেন দাস (লাইফ ইন্ এ পাপেট)

“লাইফ ইন্ এ পাপেট (Life in a puppet)”; অসমীয়া চৰ্চিত ছবিসমূহৰ মাজত উক্ত ছবিখনে কিছুদিন পূৰ্বৰে পৰা অসমীয়া দৰ্শক বৃন্দৰ ওপৰত বহুল প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছে। এই ছবিখনৰ মাধ্যমেৰে অহা একাংশ ভাল খবৰে শেহতীয়াকৈ উৎসাহিত কৰিবলৈও সক্ষম হৈছে অসমীয়া দৰ্শকক। আমি যদি এই ক’ৰোণা নামেৰে অহা বিভীষিকাটোক কিছুসময়ৰ বাবে আওঁকান কৰো তেতিয়াহ’লে দেখিবলৈ পোৱা যাব মনোৰঞ্জন ক্ষেত্ৰখনলৈ ইতিমধ্যে বহু ভাল খবৰ আহিছে। উক্ত ছবিখনে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভ কৰাৰ পূৰ্বেই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন খন ছবি সমাৰোহত মনোনিৱেশ লাভ কৰাৰ সমান্তৰালকৈ পুৰষ্কৃত তথা দৰ্শক-সমালোচকৰ তৰফৰ পৰা প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে। পেছাত এগৰাকী অধ্যাপক ৰাজেন দাসৰ পৰিচালনা আৰু প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অসমৰ লুপ্তপ্ৰায় এক শিল্পকলাৰ বিষয়ে উপস্থাপন কৰা হোৱাৰ লগতে এই শিল্প কলাৰ সৈতে জড়িত শিল্পী সকলৰ মানসিক অৱস্থাৰ তথা দূৰ্দশা আদিৰ দৰে ভিন্ন কথাক ইয়াত দেখুওৱা হৈছে। এক কথাত ক’বলৈ গ’লে, প্ৰাচীন সংস্কৃতিক পুনৰুদ্ধাৰৰ বাবে পৰিচালক ৰাজেন দাসৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা; এই প্ৰয়াসক আঁকোৱালিও লৈছে মনোৰঞ্জনপ্ৰেমী জনসমাজে। পৰিচালক ৰাজেন দাসৰ “লাইফ ইন্ এ পাপেট” ছবিখন তেওঁৰ পৰিচালনাৰে নিৰ্মিত প্ৰথমখন ছবি যদিও তেওঁ কৰ্মৰত কলেজ তথা পূৰ্বে কটন বিশ্ববিদ্যালয়ত পঢ়ি থকা ৰাজেন দাস নাটকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। অসমত প্ৰত্যেকটো বৰ্ষত যিসমূহ নাটকৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে তাত অংশগ্ৰহণ কৰি এই গৰাকী পৰিচালকে ইতিমধ্যে ২০০ তকৈও অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে তেতিয়াৰ পৰাই এখন ছবি নিৰ্মাণৰ মানসিকতা লৈ আগবঢ়া ৰাজেন দাসক পুতলা নাচৰ বিষয়টোৱে অধিক আকৰ্ষণ কৰিলে আৰু তেওঁ এই ছবিখন প্ৰস্তুত কৰি উলিয়ালে।

"মনত ঠিৰাং কৰি লৈছিলো যে এই শিল্পী সকলৰ বাবে কিবা এটা কৰাৰ চেষ্টা মই কৰিম"- ৰাজেন দাস (লাইফ ইন্ এ পাপেট) 2
"মনত ঠিৰাং কৰি লৈছিলো যে এই শিল্পী সকলৰ বাবে কিবা এটা কৰাৰ চেষ্টা মই কৰিম"- ৰাজেন দাস (লাইফ ইন্ এ পাপেট) 3


ৰাজেন দাসৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক “লাইফ ইন্ এ পাপেট” ত এনে কি আছে যিয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “প্ৰথম কথা, অসমৰ যিটো লোককলা পুতলা নাচ; অৱশ্যে এই কলাটো বাহিৰতো প্ৰদৰ্শন কৰা হয়। কিন্তু অসমৰ যিটো পুতলা নাচ; তাৰ আৱেদনটো অইনতকৈ কিছু সুকীয়া কাৰণ শিল্পী সকলে যেনেদৰে আঙুলিৰে পুতলা নচোৱাই, সেইসমূহ আচলতে অইনতকৈ অকণমান ব্যতিক্ৰম। গতিকে, এনে আমাৰ এই লোককলাটো যে পাহৰণিৰ গৰ্ভত অথবা লুপ্ত হৈ গৈ আছে; সেই আটাইবোৰ আমি চিনেমাখনত উপস্থাপনৰ চেষ্টা কৰিছো আৰু যিটো হয়টো দৰ্শকেও উপভোগ কৰি ভাল পাইছে। এইখিনিতে এটা কথা ক’বই লাগিব মই, সকলোতকৈ আচৰিত কথাটো এয়াই যে এই পুতলা নাচৰ এই শিল্পী সকলে খাবলৈ নাই পোৱা অথবা আৰ্থিক অনাটনত ভূগিছে যদিও এই শিল্পটোক জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে অহৰহ চেষ্টা কৰি গৈছে। তেওঁলোকৰ এই কথাটোৱে মোক তেওঁলোকৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰি তুলিছিল; মই তেতিয়াই মনত ঠিৰাং কৰি লৈছিলো যে এই শিল্পী সকলৰ বাবে কিবা এটা কৰাৰ চেষ্টা মই কৰিম। তেনেকৈয়ে,মই স্ক্ৰীপ্ট খন লিখি উলিয়াইছিলো।” ঘৰুৱা দৰ্শকৰ সমুখত কেতিয়াকৈ মুকলি কৰি দিয়া হ’ব বুলি প্ৰশ্ন কৰাত পৰিচালক ৰাজেন দাসে কয় যে, “চলিত বৰ্ষৰেই ১৮ জুন তাৰিখে মুক্তি দিয়াৰ কথা ভাবিছিলো ছবিখন আৰু ১ ব’হাগ তাৰিখে ইয়াৰ প্ৰচাৰ অভিযানৰ আৰম্ভণিও কৰা হৈছিল; কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’বলৈ গ’লে এয়াটো বৰ্তমান সম্ভৱপৰ নহ’ব।”

"মনত ঠিৰাং কৰি লৈছিলো যে এই শিল্পী সকলৰ বাবে কিবা এটা কৰাৰ চেষ্টা মই কৰিম"- ৰাজেন দাস (লাইফ ইন্ এ পাপেট) 4

উল্লেখ্য যে, এই ছবিখনত অভিনয় কৰিছে ক্ৰমে আশা বৰদলৈ, দীপান্বিতা দাসৰ লগতে পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকা। ছবিখনৰ সংগীত পৰিচালনা তৰালী শৰ্মাৰ লগতে সহঃ প্ৰযোজনা মীনাক্ষী দাসৰ। ছবিখনক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform