Rupaliparda.com
শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ নতুন গীত "অংকিতা"; কিন্তু একাংশৰ মতে ই "একঘেয়ামী"- 1

শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ নতুন গীত “অংকিতা”; কিন্তু একাংশৰ মতে ই “একঘেয়ামী”-

ধনাত্মক সমালোচনাই হেনো এটা বস্তুক শুদ্ধ দিশত গতি কৰাত সহায় কৰে; কিছুমান ক্ষেত্ৰত একাংশ ধনাত্মক কমেন্টে আগবঢ়াত সহায় কৰে। শেহতীয়াকৈ এই সমালোচনা দেখিবলৈ পোৱা গৈছিল শংকুৰাজ কোঁৱৰ তথা মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে নিৰ্মিত নতুন গীত “অংকিতা” ক লৈ। উক্ত যুঁটিটোৰে নিৰ্মিত পূৰ্বৰ কেইবাটাও গীতৰ সৈতে সদ্যমুক্তিপ্ৰাপ্ত গীতটিত কিছুমান সামঞ্জস্য থকা বুলি মন্তব্য কৰে একাংশই। আপোনালোকক প্ৰথমতে গীতটিৰ বিষয়ে কিছু কথা কয় লওঁ, “অলকানন্দা”, “মৌপিয়া” তথা “গানে গানে” আদি কেইবাটাও গীতেৰে অসমীয়া সংগীত ক্ষেত্ৰখনত আলোড়ণৰ সৃষ্টি কৰাৰ লগতে শ্ৰোতা-দৰ্শকক সংগীতৰ ক্ষেত্ৰত প্ৰশান্তি প্ৰদান কৰা যুঁটি ক্ৰমে শংকু-মৈত্ৰেয়ীৰ গীতটোৰ নাম হৈছে “অংকিতা”। Xurr Production ৰ বেনাৰত নিৰ্মিত এই গীতটিৰ প্ৰযোজনা কৰিছে সমীৰণ মহানে লগতে গীতটিত সংগীত দিয়া আৰু শব্দ সংমিশ্ৰণ কৰিছে নৱপ্ৰজন্মৰ প্ৰতিভা তন্ময় কৃপটনে। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা তিৰাপ সীমান্ত মেধিৰ আৰু দৃশ্যগ্ৰহণৰ দায়িত্বত আছে ৰয়ে’ল ৰৌ ফিল্মচ। প্ৰডাকচন নিয়ন্ত্ৰণ এৰিন ইমন ফুকনৰ আৰু গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে প্ৰশান্ত তিৱাৰী লগতে ধ্বনি মহানে। সম্পাদনা ৰাহুল বৰা আৰু অনন্যা দাসৰ। ৰূপসজ্জা দেৱাশীষ মিত্ৰৰ। গীতটোৱে ইতিমধ্যে ইউটিউবত লাভ কৰিছে ৭ লাখতকৈও অধিক ভিউৱাৰচ। কিন্তু মুক্তিৰ পিছতেই একাংশ শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈছে গীতটোৱে। পূৰ্বৰ গীত সমূহৰ দৰেই একে ধৰণৰ সংগীতৰ প্ৰয়োগ কৰা হৈছে বুলিও যুঁটিটোৰ একাংশ অনুৰাগীয়ে কমেন্ট কৰে।


অৱশ্যে, এইক্ষেত্ৰত আন একাংশ শ্ৰোতাৰ মতৰ ভেদাভেদো দেখিবলৈ পোৱা যায়; শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ পূৰ্বৰ গীতসমূহক আঁকোৱালি লোৱাৰ দৰেই সদ্যমুক্তিপ্ৰাপ্ত “অংকিতা” শীৰ্ষক গীতটোক সমাদৰ জনাইছে একাংশই। ২৮০০ শতকৈও অধিক কমেন্ট গীতটিৰ মুক্তিপ্ৰাপ্ত ইউটিউব চেনেলত দেখিবলৈ পোৱা গৈছে। কোনোবাই যদি গীতটিৰ কথাত “অৰ্থবহুল শব্দ” ৰ প্ৰয়োগ কৰা বুলি কৈছে তাতেই আকৌ আন একাংশৰ মতে গীতটিত একেই শব্দ-গাঁথনি তথা একেধৰণৰ শব্দ বিন্যাসৰ প্ৰয়োগ কৰা বুলি কোৱা হৈছে। উল্লেখ্য যে, মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজৰ যুঁটীয়া প্ৰকল্পৰে KC Creation ৰ বেনাৰত নিৰ্মিত গীত “গানে গানে” ও কিছুদিন পূৰ্বে বহুলভাৱে সঁহাৰি লাভ কৰিছিল। গীতটিৰ প্ৰিমিয়াৰত উপস্থিত ডাঃ নবনীল বৰুৱাই দিয়া ভাষ্যনুসৰি, অসমবাসীয়ে যদিও বৰ্তমান উক্ত যুঁটিটোক হৃদয়ংগম কৰা নাই তথাপিও অহা ১০-১২ বছৰ পিছত অসমবাসীয়ে বুজি উঠিব অসমীয়া সাংগীতিক ক্ষেত্ৰখনলৈ অহা পৰিৰ্ৱতন আৰু এই পৰিৱৰ্তনৰ আঁৰত থকা শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ অৱদান। অৱশ্যে, তেওঁ নিজ ভাষণত যদিও সৰলকৈ উদ্ধৃত কথাষাৰ ব্যক্ত কৰিছিল; কথাষাৰত লুকাই থকা মহত্বটোক বুজিয়েই প্ৰিমিয়াৰত উপস্থিত প্ৰত্যেকেই হাত চাপৰি মাৰিবলৈ ইচ্ছা কৰিছিল।

শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ নতুন গীত "অংকিতা"; কিন্তু একাংশৰ মতে ই "একঘেয়ামী"- 2

গতিকে, একাংশ অনুৰাগীয়ে মৈত্ৰেয়ী আৰু শংকুৰ পৰা যে বহুক্ষেত্ৰত নতুনত্বৰ আশা কৰে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত সমালোচনা সমূহ যুঁটিটোৱে কেনেদৰে গ্ৰহণ কৰিব সেয়াহে আগন্তুক দিনত হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform