Rupaliparda.com
Tagore International Film Festival ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আইমী বৰুৱালৈঃ 1

Tagore International Film Festival ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আইমী বৰুৱালৈঃ

ক’ৰোণা বিভীষিকাৰ মাজতেই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনলৈ এক সুঃখবৰ। বিগত দিনৰ পৰা মৃত্যুৰ খবৰে থকা-সৰকা কৰা এই ক্ষেত্ৰখনে দেখিছে কিছু পোহৰ; এই সুঃখবৰত আঁৰত আছে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। অভিনেত্ৰী ৰূপে নহয়; এইবাৰ নৱাগতা পৰিচালক ৰূপে বঁটা লাভ কৰিছে অভিনেত্ৰী আইমী বৰুৱাই। আঞ্চলিক ভাষাৰ ছবি নিৰ্মাণৰ দ্বাৰা তেওঁ Tagore International Film Festival ত লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। “Semkhor” নামে ছবিখনৰ বাবে আইমীয়ে লাভ কৰে এই বঁটা; ডিমাছা ভাষাত নিৰ্মিত উক্ত ছবিখনে সমাৰোহখনত আন তিনিটা শিতানতো লাভ কৰে উল্লেখনীয় বঁটা। উল্লেখ্য যে, এই ছবিখনত আইমী বৰুৱাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। Best Narrative, Best Women Film আৰু Best Debut Film Maker ৰ বঁটা লাভ কৰে ছবিখনে। আইমী বৰুৱাৰ এই সুখবৰক লৈ ইতিমধ্যে উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগী। চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় অভিনেত্ৰী আইমীয়ে সমাজৰ ভিন্ন কথাক লৈ নিজ মত স্পষ্ট কৰা দেখিবলৈ পোৱা যায়; তেওঁ প্ৰতিদিনেই ৰাতিপুৱা একোটা চচিয়েল মিডিয়া পোষ্টেৰে ৰাইজৰ কাষ চাপে। অৱশ্যে ভিন্ন সময়ত ৰাইজৰ ৰোষতো পৰে অভিনেত্ৰী গৰাকী।


তেওঁ নিজৰ কথা সমূহৰ বাবেই ৰাইজৰ পৰা ট্ৰোলৰ সন্মুখীন হ’বলগীয়া হয়। বিগত নিৰ্বাচনী প্ৰচাৰৰ মাজত স্বামীৰ ফলীয়া হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা অভিনেত্ৰী আইমী বৰুৱাই “কা আমি মানিমেই, কা আমাক লাগিবই” বুলি স্পষ্ট মত ব্যক্ত কৰিছিল আৰু তাৰ পিছতেই আচলতে চচিয়েল মিডিয়াত ভিন্ন জনৰ ট্ৰোলৰ সন্মুখীন হৈছিল অভিনেত্ৰী আইমী বৰুৱা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform