Rupaliparda.com
ক'ৰোণা মহামাৰীয়ে ব্যতিব্যস্ত কৰা অসমীয়া শিল্পীয়ে বিচাৰিছে ভাল দিনঃ 1

ক’ৰোণা মহামাৰীয়ে ব্যতিব্যস্ত কৰা অসমীয়া শিল্পীয়ে বিচাৰিছে ভাল দিনঃ

ক’ৰোণা মহামাৰীৰ ফলত ব্যতিব্যস্ত জনসাধাৰণে বিচাৰিছে ভাল দিন। কিন্তু পৰিস্থিতিয়ে বৰ্তমান পৰ্যন্ত সংহাৰী ৰূপেই যেন লৈ আছে; অক্সিজেনৰ নাটনিৰ পৰা আৰম্ভ কৰি বিচনাৰ নাটনি অথবা আপোন জনক হেৰুওৱা বেদনা লোৱাকে লৈ কিবা যেন এক অসহায় হৈ সাধাৰণজনে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়াত পৰিছে। কেওঁজন হতাশগ্ৰস্ত হৈ পৰিছে যদিও ইজনে আনজনক বহু ক্ষেত্ৰত ধনাত্মক হৈ থাকিবলৈও আহ্বান জনাইছে; ক’ৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ তাৰকা সকলে প্ৰায়ে জনসাধাৰণক উৎসাহ দিয়া, প্ৰেৰণা দিয়া পৰিলক্ষিত হয়। কেতিয়াবা এই তাৰকা সকলে চচিয়েল মিডিয়াত বাৰ্তা প্ৰেৰণৰ দ্বাৰা অথবা কেতিয়াবা নিজেই ভেকচিন লগোৱাই তেওঁলোকে নিজ অনুৰাগী তথা সাধাৰণ ৰাইজক মহামাৰীৰ পৰা বাহিৰ ওলাই আহিবলৈ উৎসাহ প্ৰদান কৰে। মুম্বাইৰ লগতে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ একাংশ তাৰকা-শিল্পীয়েও কৰিছে সকলোকে সজাগ-সচেতন হৈ থকাৰ আহ্বান। সুবাসনা দত্তকে আৰম্ভ কৰি মেঘৰঞ্জনী লৈ চচিয়েল মিডিয়া যোগে ইটোৰ পিছত সিটোকৈ প্ৰেৰণ কৰিছে ধনাত্মক বাৰ্তা; আনহাতে অভিনেত্ৰী প্ৰিয়ম পল্লৱীকে ধৰি আন একাংশই ভেকচিনৰ প্ৰথমটো ড’জ নিজে গ্ৰহণ কৰাৰ সমান্তৰালকৈ সকলোকে একেই কৰাৰ বাবে আহ্বান জনাইছে। মুঠতে, যিসকলে যেনেদৰে পাৰে নিজৰ সাধান্যুসাৰে এই বেয়া পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ নিজৰ লগতে অইনকো শাৰিৰীক-মানসিক ভাৱে সূস্থ হোৱাৰ আৱেদন জনাইছে অথবা দিহা-পৰামৰ্শ আগবঢ়াইছে। শিল্পী সমূহৰ এই পোষ্টবোৰ চাওঁচোন আহকঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform