Rupaliparda.com
"শ্ৰোতাৰ সঁহাৰি দেখি মই আপ্লুত হৈ পৰিলো" - আৱেগ ইকবাল 1

“শ্ৰোতাৰ সঁহাৰি দেখি মই আপ্লুত হৈ পৰিলো” – আৱেগ ইকবাল

এটা গীতৰ সৈতে যেতিয়া আমাৰ আৱেগ জড়িত হৈ থাকে, ভাল লাগে। নহয়নে? বৰ্তমান গীত সমূহৰ অধিকাংশ গীতেই হৈছে নৱপ্ৰজন্মৰ সৃষ্টি; গীতসমূহত কথা দিয়াৰ পৰা আৰম্ভ কৰি গীতসমূহত সুন্দৰ সংগীতৰ সংযোজন কৰালৈ জড়িত হৈ থাকে এই নৱপ্ৰজন্মৰ একাংশ প্ৰতিভা। শেহতীয়াকৈ, এনে একাংশ গীতে মুক্তি লাভ কৰিছে য’ত সঁচাকৈ জড়িত হৈ আছে এটা নাম; আৱেগ ইকবাল। একোটা গীতত দিয়া কথাৰে জনসাধাৰণৰ কাষ চপা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ গীতসমূহো হৈ পৰিছে জনপ্ৰিয়। সুন্দৰ সৃষ্টি আৰু গ্ৰহণযোগ্য কৰ্মৰ দ্বাৰা এই মনোৰঞ্জন ক্ষেত্ৰখনত মনোনিৱেশ কৰিবলৈ অহৰহ প্ৰয়াস কৰা একাংশ নৱপ্ৰজন্মই এতিয়া প্ৰত্যেককে উৎসাহিত কৰি ৰখাত সক্ষম হৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোক কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি কথা পাতিছিলো এইগৰাকী নৱপ্ৰজন্মৰ আৱেগ ইকবালৰ সৈতে কিছু কথা, তেওঁৰ সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,

"শ্ৰোতাৰ সঁহাৰি দেখি মই আপ্লুত হৈ পৰিলো" - আৱেগ ইকবাল 2


“আচলতে গান লিখিবলৈ আৰম্ভ কৰিছিলোঁ প্ৰায় ৩-৪ বছৰ মান আগৰ পৰা; তাৰ আগত মই কাহিনী লিখাত বেছি গুৰুত্ব আৰোপ কৰিছিলোঁ। বিগত বৰ্ষত যেতিয়া প্ৰথম “লক-ডাউন” ঘোষণা কৰা হৈছিল, তেতিয়া সাহস কৰিলোঁ আৰু লাহে লাহে গানবোৰ দেৱব্ৰত, (Debo) সান্নিধ্য, পিংকুলহঁতক “ইনষ্টাগ্ৰামৰ” ৰ মাধ্যমেৰে সংযোগ কৰি গীত আকাৰে পঠিয়াই দিছিলোঁ। মই গান লিখা আৰম্ভ কৰিছিলোঁ ইচ্ছাৰ বাবেই কিন্তু পৰৱৰ্তী সময়ত, শ্ৰোতাৰ সঁহাৰি দেখি মই আপ্লুত হৈ পৰিলো। আৰু, ন ন ধৰণৰ গীত আগবঢ়াই থকাৰ কথাও ভাবি আছোঁ; পিছলৈ, এজন ভাল গীতিকাৰ তথা এজন ভাল গল্পকাৰ হোৱাৰ মন আছে।” এগৰাকী গীতিকাৰ ৰূপে তেওঁ গীতৰ কথাৰ উপৰিও আন কোনটো উপাদানৰ ওপৰত গুৰুত্ব দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মোৰ মতে, গীত এটি কেৱল গীত নহয়; এটা গীতৰ জৰিয়তে এজন শিল্পীয়ে জনসাধাৰণৰ মনত নানা ধৰণৰ আৱেগৰ সঞ্চাৰ কৰিব পাৰে। আৰু, তাৰ বাবে গীতটিৰ কথাখিনিৰ উপৰিও সংগীত ভাল হোৱাটো খুবেই প্ৰয়োজন; যিহেতু বহু সময়ত গান এটাৰ সুৰ- সংগীতেও মানুহৰ মনত এটি সাঁচ বহুৱায়।” তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “সদ্যহতে, মই দুটা এলবামৰ কামৰ সৈতে ব্যস্ত হৈ আছোঁ।এখনৰ প্ৰথমটো গীত “সময়” অতিশীঘ্ৰে শ্ৰোতাৰ সমুখত মুকলি কৰি দিয়া হ’ব। গানটোৰ কণ্ঠদান কৰিছে “Rkaroid”এ। এইটো এলবাম তেওঁৰে; সমান্তৰালকৈ আনটো এলবামৰ গীত সমূহত সুৰ কৰি থকা হৈছে।

"শ্ৰোতাৰ সঁহাৰি দেখি মই আপ্লুত হৈ পৰিলো" - আৱেগ ইকবাল 3


আগলৈ তেওঁ কয় যে, “ইয়াৰ লগতেই অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শিল্পীৰ লগত বিভিন্ন ধৰণৰ গীতৰ কাম কৰি আছোঁ।লগতে, এখন চলচ্চিত্ৰৰ কাহিনীও লিখি আছোঁ, সুযোগ পালে এজন চলচ্চিত্ৰ পৰিচালক/নিৰ্মাতাৰ ওচৰত উপস্থাপন কৰাৰ আশা আছে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform