Rupaliparda.com
থ্ৰীলাৰ "ৰতি" ক দৰ্শকৰ প্ৰশংসা; ১১ মিনিট সময়ত স্তব্ধ দৰ্শকঃ 1

থ্ৰীলাৰ “ৰতি” ক দৰ্শকৰ প্ৰশংসা; ১১ মিনিট সময়ত স্তব্ধ দৰ্শকঃ

আমি “গল্প” বুলি ক’লে এক সংজ্ঞা পঢ়িছিলো; যিটো আছিল আকস্মিক ভাৱে আৰম্ভ হয়, আকস্মিকভাৱে শেষ হোৱাটোৱে হৈছে এটা “গল্প”। আৰু “গল্প” টোৰ শেষত আমাক ভাবিবলৈ অৱকাশ দিয়া হয় যে সঁচাকৈ কাহিনীভাগৰ শেষ হ’ব ক’ত! বৰ্তমানৰ চুটি ছবিসমূহতো এনে এক বৈশিষ্ট্য পৰিলক্ষিত হৈছে য’ত দৰ্শকক ইয়াৰ কাহিনীভাগে ভাবিবলৈ বাধ্য কৰোৱায় যে ইয়াত শেষ আচলতে ক’ত হ’বগৈ! ই ধনাত্মক গতি কৰিব নে ঋণাত্মক! শেহতীয়াকৈ আমি এনে এক চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছো; “ৰতি” শীৰ্ষক এখন চুটি ছবিয়ে মুক্তি লাভৰ পিছতেই লাভ কৰিছে দৰ্শকৰ বহুল সমাদৰ। এটা পৰিয়ালত অথবা এখন সুখৰ সংসাৰত নাইবা এহাল স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ মাজত যেতিয়া “সন্দেহ” য়ে খোপনি পোতে তেতিয়া সুখময় হৈ থকা কেওদিশ ধ্বংসৰ গৰাহলৈ যাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। বিশ্বাসে যেতিয়া হাৰ মানে তেতিয়া ভুলবশতঃ কিছুমান নকৰিবলগীয়া কাম কৰি পেলোৱা হয়; যাৰ অনুধাৱন হয়টো বহু সময় পিছতহে হয়। বৰ্তমান পৰ্যন্ত আমি বহু চুটি ছবি উপভোগ কৰিলো; য’ত একাংশৰ কাহিনীয়ে আমাক আপ্লুত কৰিলে, তাতেই আকৌ একাংশৰ উপস্থাপন শৈলীয়ে আমাক ধৰি ৰাখিলে। একোটা কাহিনীক উপস্থাপন কৰিবলৈ নৱপ্ৰজন্মই ভাবি উলিওৱা নতুন কৌশল বোৰেই আচলতে বৰ্তমান প্ৰত্যেকজন দৰ্শকক চুটি ছবি সমূহক লৈ উৎসাহিত কৰি ৰাখিছে।


উক্ত ১১ মিনিট দৈৰ্ঘ্যৰ “ৰতি” শীৰ্ষক চুটি ছবিখনৰ পৰিচালনা, ভিজুৱেল এফেক্ট আৰু সম্পাদনাৰ দায়িত্বত আছে মৃগাংক প্ৰতীক পৰাশৰ আৰু বিষয়বস্তু তথা স্ক্ৰীপ্ট পৰমানন্দ শইকীয়াৰ। শব্দ সম্পাদনা ৰাজকিশোৰ বৰাৰ আৰু দৃশ্যগ্ৰহণ বেদ বিকাশ গগৈৰ লগতে লাইট দৰ্শন বৰাৰ। চুটি ছবিখনত অভিনয় কৰিছে পৰমানন্দ শইকীয়া, টিনা বৰা আৰু হীৰক জ্যোতি বৰাই। বিগত বৰ্ষৰ প্ৰায় এইখিনি সময়তেই সমগ্ৰ বিশ্বত স্তব্ধতাই বিৰাজ কৰি আছিল। স্বব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। যদিও বৰ্তমান কেওঁদিশ “ক’ৰোণা ভাইৰাছ” ৰ সন্ত্ৰাসগ্ৰস্ত খবৰে গ্ৰাস কৰিছে তৎস্বত্বেও নৱপ্ৰজন্মই জনসাধাৰণৰ বাবে কৰা চেষ্টাত অকণমান হাঁহিৰ অৱকাশ লাভ কৰিছে প্ৰত্যেকে। বৰ্তমান পৰিপ্ৰেক্ষিতত যদিহে কোনো এগৰাকী ব্যক্তিয়ে ধনাত্মক হোৱাৰ কথা চিন্তা কৰিছে তেতিয়াহ’লে মনোৰঞ্জন তেওঁক প্ৰয়োজন হয়; আৰু এনেবোৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ চেষ্টা সঁচাকৈ লেখত ল’বলগীয়া।

থ্ৰীলাৰ "ৰতি" ক দৰ্শকৰ প্ৰশংসা; ১১ মিনিট সময়ত স্তব্ধ দৰ্শকঃ 2
থ্ৰীলাৰ "ৰতি" ক দৰ্শকৰ প্ৰশংসা; ১১ মিনিট সময়ত স্তব্ধ দৰ্শকঃ 3

উক্ত চুটি ছবি “ৰতি” ত দৰ্শকৰ সঁহাৰি উল্লেখনীয়; প্ৰত্যেকেই অভিনয়ৰ প্ৰশংসা কৰিছে। এইখিনিতে, আমিও ৰূপালীপৰ্দাৰ তৰফৰ পৰা এওঁলোকৰ আগন্তুক প্ৰতিটো কামৰ বাবে জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform