Rupaliparda.com
এখন জনপ্ৰিয় ৱেব চিৰিজত সাঙুৰ খোৱা নাম নীলোৎপল বৰা; উৎসাহী অসমীয়া! 1

এখন জনপ্ৰিয় ৱেব চিৰিজত সাঙুৰ খোৱা নাম নীলোৎপল বৰা; উৎসাহী অসমীয়া!

শেহতীয়াকৈ চচিয়েল মিডিয়াতেই হওঁক নাইবা নৱপ্ৰজন্মৰ মুখে মুখে চলি আছে কেৱল মাত্ৰ এখন ৱেব চিৰিজৰ নাম; সেইখন হৈছে “Aspirants”। ৱেব চিৰিজখনৰ কাহিনীৰ লগতে সংযোজন হোৱা দুটা গীতে ইতিমধ্যে জনসাধাৰণৰ মন-মগজুত ক্ৰিয়া কৰা দেখিবলৈ পোৱা গৈছে। নকৰিবওঁনো কিয়?এজন অসম সন্তানৰ কন্ঠ যেতিয়া গীত দুটিত শুনিবলৈ পোৱা গৈছিল তেতিয়াই আচলতে প্ৰত্যেকজন শ্ৰোতা-দৰ্শক উৎসাহিত হৈ পৰিছিল। এই গীত দুটিৰ আঁৰৰ শিল্পী গৰাকীক নতুনকৈ আপোনালোকৰ সমুখত চিনাকী কৰোৱাই দিয়াৰ নিশ্চয় প্ৰয়োজন নাই হয়টো। “মাজুলী” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত খলকনিৰ সৃষ্টি কৰা নীলোৎপল বৰাৰ এই প্ৰকল্পটো সঁচাকৈ প্ৰশংসাৰ যোগ্য। ৱেব চিৰিজখনত প্ৰায় চিনাকী অথবা বি-টাউনৰ জনপ্ৰিয় মুখৰ অন্তৰ্ভূক্তি নাছিল যদিও তাত অভিনীত প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰ অভিনয় চিৰিজখন সমাপ্তিৰ পিছতো দৰ্শকৰ মনৰ মাজত সোমাই থাকিবলৈ সক্ষম হৈছিল। সেইবাবেই হয়টো, আপুনি চচিয়েল মিডিয়াত ১৫ মিনিট সময় যদিও কিবা এটা চাবলৈ ৰয়; তাত প্ৰতিটো মিনিটত নীলোৎপল বৰাৰ কন্ঠৰ গীতৰ এটি অংশৰ সৈতে চিৰিজখনৰ এটি দৃশ্য কোনোজনে নিজৰ আপডেটত দিয়া দেখিবলৈ পাব। আৰু, অৱশ্যে এনে কিছুমান প্ৰত্যাশিত প্ৰকল্পৰ সৈতে যেতিয়া এজন অসম সন্তান জড়িত হৈ থাকে তেতিয়া তাতকৈ অধিক অসমবাসীৰ বাবে সু-খবৰ কি হ’ব পাৰে!


“ধাগা য়ে তুতে না”, “দে মৌকা জিন্দেগী” শীৰ্ষক এই গীত দুটি আপোনাৰ প্লে-লিষ্টত হয়টো এতিয়াও আছে। গপচপ ৰেডিঅ’ ৯৪.৩ ত এবছৰ ধৰি কৰ্মৰত হৈ থকা এই গৰাকী কন্ঠশিল্পীয়ে ২০১৩ চনত মুক্তিপ্ৰাপ্ত “চেভেন আনপ্লাগ” ৰে সংগীত জগতত খোজ পেলাইছিল। বৰ্তমানলৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰতিটো গীততেই লাগিছে জনপ্ৰিয়তাৰ মোহৰ; নীলোৎপল বৰাৰ সমান্তৰালকৈ উক্ত ৱেব চিৰিজখনৰ সৈতে আন কেইবাগৰাকীও অসম সন্তানৰ নাম সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে; সমগ্ৰ টীমটোক এতিয়া মনোৰঞ্জন প্ৰেমী জনসাধাৰণে জনাইছে শুভকামনা। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়তো এইগৰাকী শিল্পীক সক্ৰিয় হৈ বিভিন্ন সময়ত নিজৰ গীতেৰেই অনুৰাগীৰ কাষ চপা আমি প্ৰত্যেকেই দেখিছিলো; এইখিনিতে আন এটা কথা নিশ্চিত হৈ পৰিছে যে কেৱলমাত্ৰ অসমবাসী বুলিয়ে নহয়; শেহতীয়া প্ৰকল্পটোৰ পিছত নীলোৎপল বৰাৰ প্ৰতিটো প্ৰকল্পক লৈ অপেক্ষাৰত হ’ব হিন্দী ছবি ক্ষেত্ৰখনো। অসম সন্তানৰ এনেবোৰ কামেই আমাক প্ৰতিজন অসমীয়াক গৌৰম্বিত কৰে; সুখী কৰে তথা উৎকন্ঠিত কৰে।

এখন জনপ্ৰিয় ৱেব চিৰিজত সাঙুৰ খোৱা নাম নীলোৎপল বৰা; উৎসাহী অসমীয়া! 2

তেওঁলোকৰ এনেবোৰ প্ৰচেষ্টা- প্ৰয়াসেই অসমীয়াক আনতকৈ সুকীয়া কৰাত অথবা ব্যতিক্ৰম কৰাত সক্ষম হয়। গতিকে, ৰূপালীপৰ্দাৰ তৰফৰ পৰাও নীলোৎপল বৰালৈ যাঁচিছো অশেষ শুভেচ্ছা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform