Rupaliparda.com
ৰিম্পী দাস তথা উৎপল দাসৰ ধেমালিঃ 1

ৰিম্পী দাস তথা উৎপল দাসৰ ধেমালিঃ

ৰিম্পী দাস তথা উৎপল দাসৰ যুঁটিটোৱে আকৌ এবাৰ দৰ্শক তথা অনুৰাগীক আপ্লুত কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে ইটোৰ পিছত সিটো ৰীল ভিডিঅ’ৰে শেহতীয়াকৈ অসমীয়া জনসাধাৰণক মনোৰঞ্জন প্ৰদানৰ চেষ্টা কৰিছে। অসমীয়া যুঁটি সমূহৰ ভিতৰত জনপ্ৰিয় এটা যুঁটি হৈছে ৰিম্পী আৰু উৎপলৰ। বৰ্তমানলৈ প্ৰায় কেইবাখনো ভিচিডিৰ লগতে তেওঁলোক অভিনীত প্ৰায়কেইটা অসমীয়া গীতেই হৈছে জনপ্ৰিয়। বিগত সময়ত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত ইখনৰ পিছত সিখন ভিচিডিৰ যেতিয়া মুক্তি লাভ কৰিছিল; তেতিয়াই উক্ত যুঁটিটোৰ অভিনয় প্ৰায় আটাইকেইখন ভিচিডিতেই জনসাধাৰণ অথবা পৰিচালকে বিচাৰিছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। শেহতীয়াকৈ, এওঁলোকে এটি জনপ্ৰিয় গীত “উৰণীয় মন” ত নাচি আকৌ এবাৰ স্মৃতি ৰোমন্থন কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে, এই যুঁটিটোক SBI Life ৰ এটি বিজ্ঞাপনতো দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে, তিনিচুকীয়াৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ গৈ প্ৰায় লাখ লাখ দৰ্শকৰ হৃদয়ত বাস কৰা অভিনেত্ৰী ৰিম্পী দাসৰ অসমীয়া “নন্দিনী” মেগাজিনত ফটো ওলোৱা পিছতেই লৈ লোৱা হৈছিল এখন অসমীয়া ছবি “মনত বিৰিণাৰ জুই” ৰ বাবে। ইয়াৰ পিছতে অভিনেত্ৰী গৰাকীয়ে প্ৰায় ৭খন ছবি, অসমীয়া কেইবাখনো ভিচিড তথা মিউজিক ভিডিঅ’ ত অভিনয় কৰে।

https://www.instagram.com/p/COhw3mHgwI0/?utm_source=ig_web_copy_link
https://www.instagram.com/p/COpLYEhAJd_/?utm_source=ig_web_copy_link


সমান্তৰালকৈ, উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে। “বৃন্দাবন থিয়েটাৰ” ৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈছিল অভিনেতা উৎপল দাস। শেহতীয়াকৈ তেওঁ ৰং যোগে সম্প্ৰচাৰিত ধাৰাবাহিক “আহিনৰ আবেলি” ত মূখ্য ভূমিকা ৰূপায়ন কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform