Rupaliparda.com
সাংগীতিক চুটি ছবিৰ লগতে নতুন টুইষ্ট "পঢ়ি চোৱা"- 1

সাংগীতিক চুটি ছবিৰ লগতে নতুন টুইষ্ট “পঢ়ি চোৱা”-

য’ত এফালে দেশৰ আধাতকৈ অধিক ৰাজ্য স্তব্ধতাৰ মাজত সোমাই পৰিছে; তাতেই আকৌ আনহাতে স্তব্ধতাৰ মাজতো একাংশ নৱপ্ৰজন্মই জনসাধাৰণক মনোৰঞ্জন দিয়াৰ বাবে চেষ্টা কৰিছে। আমি ইতিমধ্যে এনে বহু প্ৰকল্পৰ উদাহৰণ পাইছো; যিসমূহ লক-ডাউনৰ মাজতো মুকলি কৰি দিয়া হৈছিল আৰু মুক্তি কৰি দিয়াৰ আঁৰত এটাই মাত্ৰ উদ্দেশ্য আছিল যে কেনেবাকৈ হ’লেও এইখিনি সময়ত জনসাধাৰণক অকণমান হ’লেও হাঁহিৰ অথবা আমোদৰ অৱকাশ দিয়া। এই উদ্দেশ্যক আগত ৰাখিয়েই শেহতীয়াকৈ একাংশ প্ৰকল্পৰ খবৰ আমি লাভ কৰি আহিছো; যিসমূহ প্ৰকল্পত সঁচাকৈ জড়িত হৈ আছে আমাৰ নৱপ্ৰজন্ম। নৱপ্ৰজন্মৰ হাতত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে এক নতুন ৰূপ পাইছে; এই কথাষাৰ বাৰু আপোনালোক কিমানে হৃদয়ংগম কৰিব পাৰিছে? যিহেতু বৰ্তমান গীত অথবা চুটি ছবিৰ অধিক পয়োভৰ আমি দেখিবলৈ পাইছো গতিকে এই দুই ক্ষেত্ৰতেই ক’বলৈ গ’লে আমি কিছুমান নতুন বস্তু উপভোগ কৰিবলৈ সক্ষম হৈছো। গীতেই হওঁক নাইবা চুটি ছবিয়েই হওঁক; নতুন কাহিনী তথা নতুন সুৰ/সংগীত তথা হৃদয়স্পৰ্শী কথাৰে ৰাইজৰ কাষ চাপিবলৈ অহৰহ প্ৰয়াস কৰিছে এওঁলোকে। দুদিনমান পূৰ্বে, এটা প্ৰকল্পৰ টিজাৰ এটায়ে চচিয়েল মিডিয়াত বহুল হাৰত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল; প্ৰকল্পটোৰ নাম হৈছে “পঢ়ি চোৱা”। সাংগীতিক চুটি ছবি হ’লেও ইয়াত দৰ্শকসকলে আন এক টুইষ্টৰ সোঁৱাদ লাভ কৰিবলৈ সক্ষম হ’ব; আপোনালোকে সাংগীতিক চুটি ছবি বুলি ক’লেই সংগীতৰ আঁৰ লৈ আগবঢ়া কাহিনীকেই হয়টো বুজে। নহয় জানো? কিন্তু, “পঢ়ি চোৱা” ত যদিও সুন্দৰ সংগীতৰ সংযোজন আছে তথাপিও ইয়াত থাকিব আন এক টুইষ্ট।

সাংগীতিক চুটি ছবিৰ লগতে নতুন টুইষ্ট "পঢ়ি চোৱা"- 2


The Signed Film Company ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনত ঋণাত্মক ভাৱধাৰাৰে পৰিপূৰ্ণ এজন ব্যক্তিক কেনেদৰে ভাল অথবা ধনাত্মক চিন্তা-ধাৰাৰ জীৱন এটালৈ ঢাল খুওঁৱা হয় তাক উপস্থাপন কৰা হৈছে। বিগত ৪ টা মাহ ধৰি প্ৰকল্পটোৰ সৈতে ব্যস্ত হৈ আছিল এই নৱপ্ৰজন্মৰ দলটো আৰু আগন্তুক ১৬ মে’ তাৰিখে “পঢ়ি চোৱা” ক মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। তৃণা ৰাণী পাটৰৰ প্ৰযোজনাৰে চুটি ছবিখনৰ ৰচনা আৰু পৰিচালনাৰ দায়িত্বত আছে আশিষ দত্ত। ইয়াত অভিনয় কৰিছে ক্ৰমে তৃণা, শৰৎ, কবীৰ, গীতাৰ্থ, শ্বহেইল, আশিষ, তুষাৰকে ধৰি আন কেইবাগৰাকী ন-অভিনেতা, অভিনেত্ৰীয়ে। ইয়াত সংযোজিত গীতটিৰো ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে; গীতটিত কথা আৰু সুৰ তুষাৰৰ। সমান্তৰালকৈ, ইয়াত সংগীত প্ৰযোজনা পিংকুল আহমেদৰ। আৱহ সংগীতৰ লগতে ডাবিঙৰ দায়িত্বত আছে ৰিয়ান শইকীয়া; দৃশ্যগ্ৰহণ ৰাজপ্ৰতিম দাস, চাবিৰ মৰাণ, মনোজ বণিয়াৰ লগতে শান্তনু তামুলীৰ। ভিজুৱেল ইফেক্ট টিনা চেতিয়াৰ। উল্লেখ্য যে, উক্ত নতুন প্ৰডাকচন হাউচটোৰ বেনাৰত শ্ৰোতা-দৰ্শকে আন বহু উল্লেখনীয় প্ৰকল্পৰ সোঁৱাদ ল’ব পাৰিব বুলিও জানিব পৰা গৈছে।

সাংগীতিক চুটি ছবিৰ লগতে নতুন টুইষ্ট "পঢ়ি চোৱা"- 3


আনহাতে, “পঢ়ি চোৱা” ৰ পিছত এই প্ৰডাকচন হাউচটোৰ বেনাৰতেই মুক্তি পাব সান্নিধ্য, নিখিল আৰু তাৱৰিডৰ যুঁটীয়া পৰিকল্পনাৰে নিৰ্মিত প্ৰকল্প “উশাহ”। উক্ত প্ৰতিজন নৱপ্ৰজন্মৰ লগতেই “পঢ়ি চোৱা” ৰ সফলতা কামনা কৰি আটাইকে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform