Rupaliparda.com
হোমেন বৰগোঁহাইৰ মৃত্যুত শোকস্তব্ধ মনোৰঞ্জন ক্ষেত্ৰঃ 1

হোমেন বৰগোঁহাইৰ মৃত্যুত শোকস্তব্ধ মনোৰঞ্জন ক্ষেত্ৰঃ

অসমবাসীৰ বাবে আন এক দুঃখবৰ। বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা সম্পাদক হোমেন বৰগোঁহাইয়ে আজি ৰাতিপুৱা ৬:৫৮ বজাত গুৱাহাটীস্থিত জিএনআৰচিত শেষ নিশ্বাস ত্যাগ কৰে। জনসাধাৰণক কিতাপ পঢ়িবলৈ কোৱা, কোনো এটা বিষয়ক সুন্দৰভাৱে বিশ্লেষণ কৰা এই গৰাকী মহান ব্যক্তিৰ মৃত্যুত বৰ্তমান শোকস্তব্ধ মনোৰঞ্জন ক্ষেত্ৰখনো। ইটোৰ পিছত সিটো বেয়া খবৰে যেন ছানি ধৰিছে সমগ্ৰ ৰাজ্য; তাৰ মাজতেই অহা এনে এক বেয়া খবৰে প্ৰত্যেককে মৰ্মাহত কৰি তুলিছে। সাহিত্যিক গৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। কিছুদিন পূৰ্বে ক’ভিড পজিটিভ হৈছিল যদিও তেওঁ পৰৱৰ্তী সময়ত সূস্থ হৈ তেওঁ ঘৰলৈ উভতিছিল। ১৯৩২ চনৰ ৭ ডিচেম্বৰত বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত জন্মগ্ৰহণ কৰা হোমেন বৰগোঁহাইৰ গল্প তথা উপন্যাসৰ কাহিনীৰে বৰ্তমানলৈ মনোৰঞ্জন ক্ষেত্ৰখনত একোখন সুন্দৰ ছবিৰ নিৰ্মাণ হোৱা আমি দেখিছো; যি ছবিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল। “হালধীয়া চৰায়ে বাওধান খায়” ছবিখন তেওঁৰ একে নাম উপন্যাসৰ কাহিনীৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ কৰি উলিয়াইছিল পৰিচালক জাহ্নু বৰুৱাই । ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন ছবিয়েই হৈছে “হালধীয়া চৰায়ে বাওঁধান খায়”। ১২০ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে স্বৰ্ণকমল বঁটা পোৱাৰ লগতে লাভ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা।

হোমেন বৰগোঁহাইৰ মৃত্যুত শোকস্তব্ধ মনোৰঞ্জন ক্ষেত্ৰঃ 2
হোমেন বৰগোঁহাইৰ মৃত্যুত শোকস্তব্ধ মনোৰঞ্জন ক্ষেত্ৰঃ 3


আনহাতে, একাংশ লেখত ল’বলগীয়া গল্পৰ স্ৰষ্টা হোমেন বৰগোঁহাইৰ প্ৰথমখন উপন্যাসৰ নাম হৈছে “সুবালা”; আৰু এই একে নামৰ ওপৰত কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে অসমীয়া ছবি “সুবালা”। বৰ্তমানলৈ ছবিখনক ঘৰুৱা দৰ্শকৰ সমুখত মুকলি কৰা হোৱা নাই যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মনোনয়ন লাভ কৰাত সক্ষম হৈছে ছবিখনে। মুন্না আহমেদৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে উৰ্মিলা মহন্ত, অপ্সৰা দাস, অতুল পাঁচনি, হিমাংশু প্ৰসাদ দাস, সিদ্ধাৰ্থ মূখাৰ্জী, পদ্মৰাগ গোস্বামী, প্ৰতিভা চৌধুৰী, প্ৰণামী বৰা, কুশল গগৈ, নিলা শইকীয়া, ভায়লিনা বৰুৱা, পূজা আৰু পৰেশ শইকীয়াই। গুৱাহাটী, মিৰ্জা, পলাশবাৰী আৰু কামৰূপত শ্বুটিং সম্পন্ন কৰা “সুবালা” ত সংগীত তৰালী শৰ্মাৰ। অভিস্কা ফুকনৰ চিত্ৰনাট্য আৰু সুমন দুৱৰাৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ প্ৰযোজনা আব্দুল মানান ফাৰুকৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform