Rupaliparda.com
মনোৰঞ্জন ক্ষেত্ৰলৈ আন এক বেয়া খবৰ; পৰিচালক শম্ভূ গুপ্তাৰ দেহাৱসানঃ 1

মনোৰঞ্জন ক্ষেত্ৰলৈ আন এক বেয়া খবৰ; পৰিচালক শম্ভূ গুপ্তাৰ দেহাৱসানঃ

দেশত আকৌ এবাৰ ক’ৰোণাই লৈছে কালৰূপ। বিগত বৰ্ষৰ দৰে এইবাৰো ক’ৰোণাই বিভীষিকা কঢ়িয়াই অনাৰ সমান্তৰাকৈ মনোৰঞ্জন ক্ষেত্ৰখনলৈ ইটোৰ পিছত সিটোকৈ আহিছে বেয়া খবৰ; এইবাৰ আন এগৰাকী জনপ্ৰিয় পৰিচালকৰ প্ৰাণ কাঢ়িলে কালৰূপী ক’ৰোণাই। পৰিচালক শম্ভূ গুপ্তাৰ দেহাৱসান; বিগত কেইবাদিনৰ পৰা ক’ৰোণাত আক্ৰান্ত চিকিৎসাধীন হৈ আছিল পৰিচালক গৰাকী। ৮ মে’ তাৰিখে ক’ৰোণা পজিটিভ হোৱা পিছতে তেওঁক গুৱাহাটীস্থিত এপল’ হাস্পাতাললৈ লৈ যোৱা হয় যদিও পিছলৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই.চি.ইউলৈ প্ৰেৰণ কৰা হয়। দেওবাৰে নিশা ১০.৫০ বজাত তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। আনহাতে উল্লেখ্য যে, তেওঁৰ পুত্ৰ তথা অভিনেতা নিলয় গুপ্তা আৰু নাতিনী পূৱালীও ক’ৰোণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। পৰিচালক শম্ভূ গুপ্তাৰ মৃত্যুত বৰ্তমান আকৌ এবাৰ শোকাহত হৈ পৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰ; তেওঁৰ পৰিচালনাৰে নিৰ্মিত প্ৰথমখন ছবিৰ নাম হৈছে “দেৱী”। অভিনেত্ৰী আইমী বৰুৱাইও অভিনয় জীৱনৰ আৰম্ভণি ক এই গৰাকী পৰিচালকৰ সৈতে কৰিছিল বুলি ইতিমধ্যে তেওঁ এক পোষ্ট যোগে জানিবলৈ দিছে।

মনোৰঞ্জন ক্ষেত্ৰলৈ আন এক বেয়া খবৰ; পৰিচালক শম্ভূ গুপ্তাৰ দেহাৱসানঃ 2


মুঠতে, ক’ৰোণাই আকৌ এবাৰ জনসাধাৰণক সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে। প্ৰত্যেকজন জনসাধাৰণ স্তব্ধ হৈ পৰিছে; মনোৰঞ্জন ক্ষেত্ৰখনে পৰিস্থিতিৰ সৈতে মুকাবিলা কৰি উঠিছিলহে মাত্ৰ শেহতীয়াকৈ কিন্তু আকৌ এবাৰ এনে পৰিস্থিতিৰ ফলত প্ৰত্যেকজন ব্যক্ত উদ্বিগ্ন হৈ পৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform