Rupaliparda.com
যেতিয়া ছেইফ আলি খানে অমৃতা সিঙৰ পৰা খুজিছিল ১০০ টকা! 1

যেতিয়া ছেইফ আলি খানে অমৃতা সিঙৰ পৰা খুজিছিল ১০০ টকা!

ছেইফ আলি খান বলীউড ক্ষেত্ৰখনত এক দীঘলীয়া বাট নিৰ্ণয় কৰিছে; তেওঁৰ এই দীঘলীয়া বাটত তেওঁ কেইবাবাৰো পৰিছে যদিও বহুবাৰ উঠিছে। আমি এইটোও জানো যে, ছেইফ আলি খানৰ প্ৰফেচনেল জীৱনতকৈ ব্যক্তিগত জীৱনটোৱে অধিক চৰ্চা লাভ কৰে। ছেইফ আলি খানে ১৯৯৯ চনত অভিনেত্ৰী অমৃতা সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু তাৰ কিছু বছৰ পিছতেই তেওঁলোকৰ বিবাহ বিচ্ছেদো হয়; কিন্তু, বিবাহৰ আগমূহুূৰ্তৰ পৰা উক্ত ছেইফ-অমৃতাৰ যুঁটিটো বহুল হাৰত চৰ্চিত হৈছিল। এবাৰ ১৯৯৯ চনত বিবাহৰ পিছতেই যেতিয়া তেওঁলোক দুয়ো এটা টক-শ্ব’ত আহিছিল তেতিয়া অমৃতাই ছেইফৰ সৈতে নিজ সম্পৰ্কৰ কথা ব্যক্ত কৰিছিল। অমৃতাই কয় যে, “এবাৰ ছেইফ মোৰ ঘৰলৈ আহিছিল আৰু তাত দুদিন আছিল। কিন্তু তাৰ মাজতেই যেতিয়া ছেইফ শ্বুটিঙত যাবলগীয়া হ’ল তেতিয়া তেওঁ মোৰ পৰা ১০০ টকা বিচাৰিছিল কাৰণ ছেইফৰ ওচৰত সেইটো সময়ত টকা নাছিল।” অমৃতাই ছেইফক তাৰ পিছতেই তেওঁৰ গাড়ীখন লৈ যোৱাৰ কথা কৈছিল যদিও ছেইফে গাড়ী লৈ নাযাওঁ বুলি কৈছিল কিয়নো তেওঁক লৈ যাবলৈ সেইটো সময়ত প্ৰডাকচনৰ গাড়ী বাহিৰত ৰৈ আছিল।” অমৃতাই টক শ্ব’টোত কয় যে, “মই ছেইফক গাড়ী নিবলৈ এইটো কাৰণে ক’লো কাৰণ মই তেওঁ সোনকালে অহাটো বিচাৰিছিলো যাতে আকৌ এবাৰ মই তেওঁক চাব পাৰো।”

যেতিয়া ছেইফ আলি খানে অমৃতা সিঙৰ পৰা খুজিছিল ১০০ টকা! 2


আনহাতে, এক টক শ্ব’ত ছেইফ আলি খানে নিজে কৈছিল যে তেওঁ তিনি খান ক্ৰমে শ্বাহৰুখ, আমিৰ আৰু ছলমান খানতকৈ নিজক জনপ্ৰিয় বুলি নাভাবে। সাক্ষাৎকাৰ যোগে ছেইফ আলি খানে ব্যক্তিগতভাৱে কৰিছিল এই মন্তব্য; তেওঁ সাক্ষাৎকাৰত কয় যে, “তিনি খান ক্ৰমে ছলমান, শ্বাহৰুখ আৰু আমিৰ খান কেৱল মাত্ৰ অভিনয় কৰিবলৈয়ে জন্মগ্ৰহণ কৰিছে। মোৰ বিশ্বাস যে এই তিনি খানৰ জন্মৰ পৰা সপোনেই হৈছে ছাগে অভিনয় কৰাৰ; আমিৰ আৰু শ্বাহৰুখৰ বিষয়ত মই নিশ্চিত। ছলমান খানৰ কথা নাজানো কিন্তু তেওঁ নিজৰ জীৱনত যথেষ্ট সফলতা অৰ্জন কৰিছে। আনহাতে, মই এনে এটা সময়ত কেৰিয়াৰ আৰম্ভণি কৰিছিলো যেতিয়া মোৰ লক্ষ্য ভিন্ন আছিল; মোৰ চুপাৰষ্টাৰ হোৱাৰ অথবা জনপ্ৰিয় হোৱাৰ কথা মই ভবা নাছিলো।”

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform