Rupaliparda.com
" মোৰ মতে প্ৰথমে হৈছে সেই গীতটিৰ কথা"- সুশান্ত নামছানি 1

” মোৰ মতে প্ৰথমে হৈছে সেই গীতটিৰ কথা”- সুশান্ত নামছানি

আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখনৰ সমান্তৰালকৈ প্ৰাণ পাই উঠিছে ৰেপ জগতখনেও। য’ত বৰ্তমান ইজনৰ পিছত সিজন প্ৰতিভাৰ জন্ম হৈছে; আপোনালোকে বাৰু মন কৰিছেনে? আমাৰ সমাজ খনৰ একোটা গুৰুত্বপূৰ্ণ বিষয়ক সামৰি আজি নৱপ্ৰজন্মই এনে কিছু তত্ত্বগধুৰ মন্তব্য কৰে; যিয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হয় জনসাধাৰণক। সাম্প্ৰতিক সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি নৱপ্ৰজন্মৰ মতামত সমূহ আগত ৰাখি আগবাঢ়ি যোৱাটো একপ্ৰকাৰ প্ৰয়োজনীয়ও হৈও পৰিছে। একোটা সংগীতৰ যোগেৰে যেনেদৰে একোজন নৱপ্ৰজন্মই একোটা বিষয়ৰ আলোচনা কৰিবলৈ আৰম্ভ কৰিছে; তেনেদৰে ৰেপগীতৰ দ্বাৰাও নৱপ্ৰজন্মই চেষ্টা কৰিছে গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিবলৈ। এতিয়ালৈ ৰেপগীতৰ দ্বাৰা অসমীয়া বহু প্ৰতিভাৰ নাম উজ্বলি থকা আমি দেখিবলৈ পাইছো; যাৰ ৰেপসমূহক ইতিমধ্যে আঁকোৱালি লৈছে শ্ৰোতা-দৰ্শকে। লগতে, সমাদৰো জনাইছে তেওঁলোকৰ এই সৃষ্টি সমূহক। কুলদ্বীপ, মিনিমি, প্ৰাণদ্বীপকে আৰম্ভ কৰি আন বহুকেইজন প্ৰতিভাই নিজ নিজ প্ৰকল্পসমূহ অব্যাহত ৰাখিছে। তেওঁলোকৰ সৈতেই একেটা শাৰীত আগবাঢ়িছে আন কেইবাগৰাকীও নৱপ্ৰজন্ম; আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা শেহতীয়াকৈ কথা পাতিছিলো সুশান্ত সাহানী নামে এগৰাকী প্ৰতিভাৰ সৈতে; স্কুলত পঢ়ি থকা সময়তেই ৰেপৰ প্ৰতি আকৰ্ষিত হোৱা সুশান্ত নামছানিৰ প্ৰথমটো ৰেপ আছিল “সহ্য নহয়”; যিটোক সমাদৰ জনাইছে শ্ৰোতা সমাজে। আপোনাৰ অথবা আমাৰ সকলোৰে কেতিয়াবা এনে হৈছিল নে যে আমি স্কুলত নিজৰ বন্ধুবৰ্গৰ মাজত চলি থকা এটা বিষয় নাইবা তেওঁলোকে কৰি থকা এটা কামক খুবেই পচন্দ কৰিছো আৰু সেই বিষয়টোক লৈ পৰৱৰ্তী সময়ত অধিক গুৰুত্ব প্ৰদান কৰিছো। ঠিক তেনেই এক ঘটনা ঘটিছিল সুশান্ত নামছানিৰ সৈতেও; তেওঁক এটা গীতৰ সফলতা/বিফলতা কি বুলি প্ৰশ্ন কৰাত কয় যে,

" মোৰ মতে প্ৰথমে হৈছে সেই গীতটিৰ কথা"- সুশান্ত নামছানি 2


“মোৰ মতে, সংগীত বোলা বিষয়টো খুবেই বৃহৎ; ইয়াৰ সফলতা-বিফলতা বুলি ক’বলৈ গ’লে একাষাৰতে উত্তৰটো দি দিয়াটো কঠিন। তথাপিও, এটা গীতক যেতিয়া শ্ৰোতাই বহুল হাৰত আদৰি লয় তথা গীতটিৰ জৰিয়তে যেতিয়া এটি বাৰ্তা প্ৰদানৰ চেষ্টা কৰা হয় আৰু সেই বাৰ্তাটোৱে যেতিয়া জনসাধাৰণক চুবলৈ সক্ষম হয় তেতিয়া একোটা গীত সফলকাম হ’ব পাৰে বুলি মই বিশ্বাস কৰো।” আনহাতে, এটা গীতৰ কোনটো উপাদানক তেওঁ অধিক গুৰুত্ব প্ৰদান কৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এটা গীতৰ মূল উপাদান মোৰ মতে প্ৰথমে হৈছে সেই গীতটিৰ কথা। এটা গীতৰ কথা যেতিয়া হৃদয়স্পৰ্শী হয় তেতিয়া গীতটিয়ে জনসাধাৰণক শুনিবলৈ বাধ্য কৰোৱায় যেন অনুভৱ হয়; এনে বহু গীত আছে যাৰ কথাসমূহেৰে আমি কেতিয়াবা নিজক আনৰ আগত দেখুওৱাবলৈ চেষ্টা কৰো। গতিকে, গীতৰ কথা গুৰুত্বপূৰ্ণ।” তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “হয়, মই বৰ্তমান ব্যস্ত মোৰ প্ৰথমটো এলবাম প্ৰস্তুতিত; যাৰ নাম হৈছে “মই; দ্যা এলবাম”। ইতিমধ্যে, এলবামটোৰ প্ৰথমটো গীত “ধৰম” ক মুকলি কৰি দিয়া হৈছে ৰাইজৰ মাজত। এলবামটোত প্ৰায় ৭-৮ গীত অন্তৰ্ভূক্তি কৰা হৈছে। ইয়াৰ উপৰিও, আন বহু কেইগৰাকী প্ৰতিভাৰ সৈতে যুঁটীয়াভাৱে কামবোৰ আৰম্ভ কৰিছো। অৱশ্যে, এইখিনিতে মই উল্লেখ কৰিবই লাগিবই যে, মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্মবোৰে আমাৰ দৰে একোজন নৱপ্ৰজন্মক নিজৰ সৃষ্টি সমূহ আগবঢ়াই দিয়াত সহায় আগবঢ়াইছে; যাৰ বাবে মই সদায়েই কৃতজ্ঞ হৈ ৰ’ম।”

" মোৰ মতে প্ৰথমে হৈছে সেই গীতটিৰ কথা"- সুশান্ত নামছানি 3

চেষ্টাবোৰে একোজন ব্যক্তিক নিজৰ সপোন পূৰ কৰাত দৃঢ় কৰি তোলে। সুশান্ত নামছানিৰ দৰে একোজন প্ৰতিভাই কৰা চেষ্টাবোৰ সঁচাকৈ প্ৰশংসনীয়। তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

1 comment

Leave a Reply

  • Wow that’s a nice view regarding lyrics. I too feel the same way. I always love to hear music which have great lyrics those that have a noble message

The Ultimate Managed Hosting Platform