Rupaliparda.com
চকুটিপ নহয়; টপলেছ প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰৰ হট'নেছত আকৰ্ষিত ৰাইজঃ 1

চকুটিপ নহয়; টপলেছ প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰৰ হট’নেছত আকৰ্ষিত ৰাইজঃ

মাত্ৰ এটা চকুটিপ আৰু এটা ভাইৰেল ভিডিঅ’ৰ সৈতে দৰ্শকৰ হৃদয় জিনিছিল এগৰাকী অভিনেত্ৰীয়ে। এটা ভিডিঅ’ৰ বাবে তেওঁক চচিয়েল মিডিয়াত মিলিয়ন-মিলিয়ন অনুৰাগীয়ে ফ’ল’ কৰিবলৈ আৰম্ভ কৰিলে। এটা ৰাতিৰ ভিতৰতে বহুল অংকত জনপ্ৰিয় হোৱা প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰ প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে প্ৰত্যেকদিনাই একোটা ভিডিঅ’ তথা ফটোৰে ৰাইজক আকৰ্ষণ কৰিবলৈ নিজ চেষ্টা অব্যাহত ৰাখে; তেনে পৰিপ্ৰেক্ষিততে, শেহতীয়াকৈ প্ৰিয়াৰ এখন ফটো ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। যাক লৈ চৰ্চা চলিছে অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ মাজত; কাৰণ অভিনেত্ৰী গৰাকীয়ে শেহতীয়াকৈ এখন এনে ফটো আপলোড কৰিছে যিখন ফটো তেওঁৰ ব’ল্ড ফটোৰ ভিতৰতেই হৈছে এখন। তেওঁৰ এই ফটোখন অনুৰাগীয়ে যথেষ্ট হাৰত আঁকোৱালি লোৱাৰ সমান্তৰালকৈ প্ৰশংসাও কৰিছে। উল্লেখ্য যে, প্ৰিয়া প্ৰকাশে বিগত দিনৰ পৰা চৰ্চা লাভ কৰিছে তেওঁৰ আহিবলগীয় ছবি “ক্ৰেক” ৰ বাবেও; এই তেলেগু ছবিখনৰ জৰিয়তেই এই অভিনেত্ৰী গৰাকীয়ে ইণ্ডাষ্ট্ৰীত ডেব্যু কৰিবলৈ আগবাঢ়িছে।

https://www.instagram.com/p/CPknagAAow2/?utm_source=ig_web_copy_link
চকুটিপ নহয়; টপলেছ প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰৰ হট'নেছত আকৰ্ষিত ৰাইজঃ 2


আনহাতে, ব’ল্ড চৰিত্ৰ এটাৰে নিজক আগবঢ়াই লৈ যোৱা প্ৰিয়া প্ৰকাশ ৱাৰিয়ৰক বিগত বৰ্ষত এযোৰ কাপোৰ পৰিধান কৰাৰ বাবে ট্ৰোল কৰা হৈছিল। কিন্তু স্পষ্টবাদী অভিনেত্ৰী গৰাকীয়ে উক্ত সমালোচনাক লৈও নিজ উত্তৰ দিছিলি। তেওঁ কৈছিল যে, “এয়া মোৰ বাবে নতুন নহয়; মই নিতৌ ট্ৰোলিঙৰ সন্মুখীন হওঁ আৰু মই গৰ্ব কৰি কওঁ যে এনেবোৰ সমালোচনাৰ পিছতো মই এইক্ষেত্ৰখনত আগবাঢ়িব পাৰিছো। এতিয়ালৈ মাত্ৰ ইমানেই… #ItsADressNotAYes #RefuseTheAbuse”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform