Rupaliparda.com
অগতানুগতিক কাহিনীৰে ধ্ৰুৱজ্যোতি কাশ্যপৰ "চক্ৰবেহু"- 1

অগতানুগতিক কাহিনীৰে ধ্ৰুৱজ্যোতি কাশ্যপৰ “চক্ৰবেহু”-

পৰিচালনা দিশটোত ২০০৭ চনৰ পৰা জড়িত ধ্ৰুৱজ্যোতি কাশ্যপৰ “স্বাভিমান” ধাৰাবাহিক খনৰ সমান্তৰালকৈ মুক্তি পাবলৈ সাজু হৈছে আন এখন ধাৰাবাহিকো। অহা ১৪ জুন তাৰিখৰ পৰা ৰং চেনেলত সম্প্ৰচাৰ লাভ কৰিব এই ধাৰাবাহিক খনে। ধাৰাবাহিক খনৰ নাম হৈছে “চক্ৰবেহু”; সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত সম্প্ৰচাৰ লাভ কৰিব এই ধাৰাবাহিকখনে। ধাৰাবাহিকখনৰ এটি চৰিত্ৰত অভিনয় কৰা অভিনেতা সিদ্ধাৰ্থ কলিতাই উক্ত ধাৰাবাহিকখনক ইতিমধ্যে অগতানুগতিক বুলি আখ্যা দিছে; লগতে তেওঁ ধাৰাবাহিকখনত এটি ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰা বুলিও জানিবলৈ দিয়ে। ভিন্নজন বিশিষ্ট তথা সুদক্ষ আৰু জনপ্ৰিয় পৰিচালকৰ পৰা শিকি অহা ধ্ৰুৱজ্যোতি কাশ্যপে পূৰ্বতেও এক সাক্ষাৎকাৰ যোগে জনাইছিল যে, “এগৰাকী পৰিচালক হিচাপে মই নিজকে এটা নিৰ্দ্দিষ্ট পৰিসৰৰ মাজত বান্ধি ল’ব নোৱাৰো। সমান্তৰালকৈ, আমাৰ শ্ৰোতা-দৰ্শকৰ ৰুচিবোধো সময়ে পৰিৱৰ্তনৰ লগে লগে সলনি হৈ গৈ থাকে; গতিকে এনেক্ষেত্ৰত ৰুচিসম্পন্ন যিকোনো কাহিনীয়ে এগৰাকী পৰিচালক ৰূপে মোক আকৰ্ষিত কৰে। আমি সদায় দৰ্শকৰ বাবে কাম কৰি আহিছো, য’তেই দৰ্শকৰ ইচ্ছা থাকে তাতেই আচলতে আমি নিজৰ ১০০ শতাংশ দিবলৈ চেষ্টা কৰো।”

অগতানুগতিক কাহিনীৰে ধ্ৰুৱজ্যোতি কাশ্যপৰ "চক্ৰবেহু"- 2


পৰিচালক গৰাকীৰ “স্বাভিমান” খনে অৱশ্যে দৰ্শকৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে “চক্ৰবেহু” ক লৈও দৰ্শকৰ উৎসাহ পৰিলক্ষিত হৈছে।ইতিমধ্যে,ধাৰাবাহিকখনৰ মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱে ব্যতিক্ৰমী ভাৱ এটা অনুভৱ কৰোৱাইছে জনসাধাৰণক। গতিকে, ধাৰাবাহিক খনৰ কাহিনীত কি থাকিব সেয়া সঁচাকৈ লক্ষ্যণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform