Rupaliparda.com

ৰণৱীৰ সিং-আলিয়া ভাটৰ নতুন প্ৰেম কাহিনী-

“গঁলী বয়” ছবিখনৰ যুঁটি আলিয়া ভাট আৰু ৰণৱীৰ সিঙৰ অনুৰাগীলৈ সু-খবৰ; আকৌ এবাৰ ৰাইজৰ মাজলৈ আহি আছে এই যুঁটিটো। কৰণ জহৰৰ দ্বাৰা নিৰ্দেশিত “প্ৰেম কাহিনী” নামে এখন ৰোমাণ্টিক কমেডী’ ছবিত দেখিবলৈ পোৱা যাব দুয়োগৰাকীকে। খবৰনুসৰি, এই ছবিখনৰ প্লেনিং বিগত দিনতেই কৰিছিল কৰণ জহৰে। মে’ মাহত ছবিখন ৰাইজৰ মাজলৈ অহাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে ছবিখনৰ নিৰ্মাণ কাৰ্য্য পিছুৱাই দিছিল নিৰ্দেশক কৰণ জহৰে। এইখিনিতে, ছবিখনক লৈ আহিছে নতুন খবৰ। নিৰ্মাতা সকল ছবিখনৰ শীৰ্ষ নামটোক লৈ বিচাৰ-খোচাৰ আৰম্ভ কৰিছিল যদিও ছবিখনৰ নাম “প্ৰেম কাহিনী” দি দিয়া হয়। দুইগৰাকী ভিন্ন ব্যক্তিত্বৰ ল’ৰা-ছোৱালীৰ মাজত আৰম্ভ হোৱা প্ৰেম আৰু এই প্ৰেমে পিছলৈ কি ৰূপ ল’ব সেই আটাইবোৰ কাহিনীকেই লৈ নিৰ্মাণ কৰা হৈছে “প্ৰেম কাহিনী”। এই ছবিখনত পূৰ্বৰ কৰণ জহৰৰ পৰিচালনাৰ এক চিনাকী বৈশিষ্ট্য দেখিবলৈ পোৱা যাব। ইতিমধ্যে ছবিখনৰ কাহিনীকে লৈ স্ক্ৰীপ, সংলাপ ইত্যাদি প্ৰতিটো বস্তু সম্পূৰ্ণ হৈ উঠিছে আৰু পৰিস্থিতি কিছু শিথিল হোৱাৰ পিছতেই আৰম্ভ হ’ব ছবিখনৰ নিৰ্মাণ কাৰ্য।

ৰণৱীৰ সিং-আলিয়া ভাটৰ নতুন প্ৰেম কাহিনী- 1
ৰণৱীৰ সিং-আলিয়া ভাটৰ নতুন প্ৰেম কাহিনী- 2


বিগত বৰ্ষত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কৰণ জহৰৰ ওপৰত ইণ্ডাষ্ট্ৰীটোত নেপোটিজিমৰ প্ৰথা বৃদ্ধি কৰাক লৈ এক আৰোপ লগোৱা হৈছিল; যাৰ পিছৰ পৰাই তেওঁৰ চচিয়েল মিডিয়াতেই হওঁক অথবা যিকোনো মাধ্যমতেই হওঁক কৰণ জহৰৰ সক্ৰিয়তা কমি গৈছিল। কিন্তু শেহতীয়াকৈ তেওঁৰ ফালৰ পৰা অহা ভিন্ন ন-খবৰে তেওঁৰ অনুৰাগীক উৎসাহিত কৰিছে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform