Rupaliparda.com
"তেওঁৰ "সুৰ বাহিনী" ৰ বহুত কম তথ্য গুগল অথবা ইউটিউবত উপলদ্ধ"- প্ৰাঞ্জল গৈয়াৰী 1

“তেওঁৰ “সুৰ বাহিনী” ৰ বহুত কম তথ্য গুগল অথবা ইউটিউবত উপলদ্ধ”- প্ৰাঞ্জল গৈয়াৰী

মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত ভালেসংখ্যক বিষয়ে খলকনিৰ সৃষ্টি কৰি ৰাখে চচিয়েল মিডিয়াত। শেহতীয়াকৈ, চচিয়েল মিডিয়াত মনোৰঞ্জন দিশৰ পৰা লগোৱা খলকনিটোৰ নাম হৈছে “সুৰ বাহিনী”। অৱশ্যে, প্ৰকল্পটোৰ কেৱল মাত্ৰ মশ্বন পোষ্টাৰখনেই লাভ কৰিছিল মুক্তি; আৰু, তাৰ পাছতেই প্ৰকল্পটোক লৈ অপেক্ষাৰত হৈ পৰিছে দৰ্শক সমাজ। আমি এনে একোটা প্ৰকল্পৰ প্ৰতি উৎসাহিত হওঁ; যিটো প্ৰকল্পত নতুন প্ৰজন্মৰ লগতেই গোন্ধ পাওঁ পূৰণি দিনৰ। পূৰণি দিনৰ একোটা গীতে যেনেদৰে আমাক বৰ্তমান সময়টো মোহাচ্ছন্ন কৰি ৰাখে ঠিক তেনেদৰে বিগত কালছোৱাত মনোৰঞ্জন ক্ষেত্ৰখনৰ লগতে সমাজৰ উন্নয়নৰ দিশটোত মনোনিৱেশ কৰা একো একোজন মহান ব্যক্তিৰ জীৱনৰ কিছু কিছু কাহিনীয়েও আকৰ্ষিত কৰে। “সুৰ বাহিনী” য়ো তেনেই এক প্ৰকল্প; জয়ন্ত হাজৰিকা সহিতে তেওঁৰ আন একাংশ সতীৰ্থই বাটে-পথে গীত গাই ৰাইজৰ পৰা বান সাহাৰ্য্য যুগুতোৱাইছিল আৰু তাৰেই নাম দিয়া হৈছিল “সুৰ বাহিনী”। এনে কাহিনীবোৰৰ কিছু কিছু অংশক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে একে নামৰ চুটি ছবিখন। “সুৰ বাহিনী” আগন্তুক সময়ছোৱাৰ বহুলভাৱে প্ৰত্যাশিত আৰু প্ৰতিজন দৰ্শকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ স্বৰূপ হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। তাছা প্ৰডাকচনৰ বেনাৰত ইয়াৰ প্ৰযোজনাৰ দায়িত্বত আছে অনন্ত তাছা; চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে প্ৰাঞ্জল গৈয়াৰী। বিগত দেওবাৰৰ দিনটোত আমি কথা পাতিছিলো চুটি ছবিখনৰ প্ৰযোজক গৰাকীৰ সৈতে; য’ত তেওঁ এই প্ৰকল্পটোক লৈ খুবেই আশাবাদী বুলি প্ৰকাশ কৰিছিল। শেহতীয়াকৈ আমি কথা পাতিছিলো চুটি ছবিখনৰ পৰিচালক প্ৰাঞ্জল গৈয়াৰীৰ সৈতে। পঢ়ো চোন আহক তেওঁ কি জনালে প্ৰকল্পটোৰ বিষয়েঃ

প্ৰশ্নঃ “সুৰ-বাহিনী” য়ে ৰাইজক কি প্ৰদান কৰিব বুলি আপুনি ভাবে?

প্ৰাঞ্জল গৈয়াৰীঃ আচলতে, এই প্ৰশ্নটো মোৰ পঢ়াৰ পিছত মোৰ মনলৈ অহা প্ৰথম নামটোৱে আছিল “জয়ন্ত হাজৰিকা” ৰ। আমাৰ প্ৰজন্মটোৱে জয়ন্ত হাজৰিকাক দেখা নাই; গান শুনিছো যদিও তেওঁক টিভি অথবা কোনো চচিয়েল মিডিয়াত লাইভ দেখা নাই। মই ভাবো, ১৯৭৬ চনৰ পিছৰ সময়ছোৱাত জয়ন্ত হাজৰিকাই যি যি কৰ্ম সম্পাদন কৰি গৈছে সেই আটাবোৰ আজিৰ তাৰিখত বিলুপ্ত হ’বলৈ ধৰিছে। গতিকে, মোৰ কাৰণে এয়াই গুৰুত্বপূৰ্ণ কথা যে আমাৰ সমাজে অথবা দৰ্শকে যাতে জয়ন্ত হাজৰিকাক পাহৰি নেপেলায়। কিয়নো, জয়ন্ত ছাৰৰ লগতে তেওঁৰ গোটেই টীমটোৱে আমাক বহুত কিবা-কিবি দিছে; যিখিনি হয়টো আমি কৈ থাকিলেও সম্পূৰ্ণ নহ’ব। আৰু, এয়াই মোৰ টীমটোৰ ফালৰ পৰা কৰা এক সৰু প্ৰচেষ্টা য’ত আমাৰ দৰ্শকে জয়ন্ত হাজৰিকাক দেখিবলৈ পাব, তেওঁৰ কথা জানিবলৈ পাৰিব। দৰ্শকৰ বাবে জয়ন্ত হাজৰিকাক ৰীলত দেখুওৱাটো আমাৰ সৰু চেষ্টা; আশা কৰিছো দৰ্শক সমাজে আমাৰ এই চেষ্টাক যাতে আঁকোৱালি লয়।

"তেওঁৰ "সুৰ বাহিনী" ৰ বহুত কম তথ্য গুগল অথবা ইউটিউবত উপলদ্ধ"- প্ৰাঞ্জল গৈয়াৰী 2

প্ৰশ্নঃ এগৰাকী পৰিচালক ৰূপে এনেকুৱা এটা বিষয়ক ৰাইজৰ মাজলৈ লৈ অনাটো কিমান প্ৰত্যাহ্বানমূলক আছিল?

প্ৰাঞ্জল গৈয়াৰীঃ এগৰাকী পৰিচালক ৰূপে মোৰ বাবে এই বিষয়বস্তুটো ইমান কঠিন নাছিল; দৰ্শকে চুটি ছবিখন উপভোগ কৰিলেই বুজি উঠিব যে ইয়াৰ কাহিনীভাগ তেনেই সাধাৰণ আছিল। আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা এইটোৱে আছিল যে জয়ন্ত হাজৰিকা ছাৰক ৰীলত দেখুওৱা; তেওঁৰ অৱদান সমূহ পুনৰ এবাৰ ৰাইজৰ মাজলৈ ঘূৰাই অনা। কিন্তু, এটা কথা এয়াও যে, আমি এই চুটি ছবিখনত ইতিহাসৰ কথা ক’বলৈ ওলাইছো গতিকে এনেক্ষেত্ৰত আমাৰ ফালৰ পৰা ভুলবশতঃ কিছুমান ভুল হ’ব পাৰে যিখিনি আমি নকৰিবলৈ চেষ্টা কৰিছো। জয়ন্ত হাজৰিকাৰ বিষয়েও জানিবলৈ আমি প্ৰথম চেষ্টা গুগলত অথবা ইন্টাৰনেটত চাইট সমূহত কৰিছিলো; তেওঁৰ বিষয়ে বিতংকৈ জনাৰ বাবে তথা আন কিবা তেওঁৰ লিংক পাওঁ নেকি চাবলৈ! বেয়া লগা কথা এয়াও যে জয়ন্ত হাজৰিকাৰ বিষয়ে অথবা তেওঁৰ “সুৰ বাহিনী” ৰ বহুত কম তথ্য গুগল অথবা ইউটিউবত উপলদ্ধ। মই আচম্বিতও হৈছিলো যে তেওঁৰ বিষয়ে বিতং তথ্য একো নাই। কিন্তু, সোভাগ্যবশতঃ এনে বহুত ব্যক্তি আছে যিসকলে জয়ন্ত হাজৰিকাক লগ পাইছিল; তেওঁৰ সৈতে কাম কৰিছিল। মই বিশেষকৈ নাম ল’ব লাগিব মনিষা হাজৰিকাৰ বাইদেউৰ; যদি এওঁলোক নাথাকিলে হয় তেতিয়াহ’লে আমি কোনোৱে একো নাজানিলোহেঁতেন; আৰু এনে পৰিপ্ৰেক্ষিতত এয়া বহুত গুৰুত্বপূৰ্ণ যে আমি তেওঁৰ কাম সমূহ ৰাইজৰ মাজলৈ লৈ অনাটো। এতিয়াও অধিকাংশ এনেও লোক আছে যাক জয়ন্ত হাজৰিকা কোন অথবা তেওঁৰ অৱদান কি বুলি প্ৰশ্ন কৰিলে ক’ব নোৱাৰিব। মোৰ বোধেৰে, এয়া উচিত সময় জয়ন্ত হাজৰিকাক আমাৰ সকলোৰে মাজত আকৌ এবাৰ চিনাকী কৰোৱাটো আৰু মই কৃতজ্ঞ মোৰ এই টীমটোক লৈ।

"তেওঁৰ "সুৰ বাহিনী" ৰ বহুত কম তথ্য গুগল অথবা ইউটিউবত উপলদ্ধ"- প্ৰাঞ্জল গৈয়াৰী 3

প্ৰশ্নঃ আপোনাৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচাৰিম।

প্ৰাঞ্জল গৈয়াৰীঃ আহিবলগীয়া সময়ত তেনে কোনো পৰিকল্পনা নাই; মোৰ হাতলৈ যিটোৱে গ্ৰহণযোগ্য প্ৰকল্প আহিছে সেইটোকে মই কৰি গৈ আছো। অৱশ্যে, এনে পৰিস্থিতিত কোনে কি কৰিব/ কি নকৰিব সেয়া একাষাৰে কৈ দিয়াটো কঠিন হৈ পৰিছে। গতিকে, এইটো সময়ত মোৰ যিটো ভাল লাগিছে মই তাৰ লগতেই জড়িত হৈছো।

"তেওঁৰ "সুৰ বাহিনী" ৰ বহুত কম তথ্য গুগল অথবা ইউটিউবত উপলদ্ধ"- প্ৰাঞ্জল গৈয়াৰী 4

ৰূপালীপৰ্দাঃ ধন্যবাদ প্ৰাঞ্জল গৈয়াৰী; আপোনাৰ প্ৰকল্পসমূহৰ সফলতা কামনা কৰিলো।

প্ৰাঞ্জল গৈয়াৰীঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform