Rupaliparda.com
য়ামী গৌতমৰ গোপন বিবাহঃ 1

য়ামী গৌতমৰ গোপন বিবাহঃ

বি-টাউনৰ সুন্দৰী তথা জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতমৰ অনুৰাগীলৈ দুঃখবৰ। শেহতীয়াকৈ অৰ্থাৎ ৪ জুন তাৰিখে কাকো আনুষ্ঠানিক খবৰ নিদিয়াকৈয়ে বিবাহত বহে অভিনেত্ৰী গৰাকী। “উৰি” ছবিখনৰ নিৰ্দেশক আদিত্য ধৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় অভিনেত্ৰী গৰাকী; বিবাহৰ এখন ফটো আপলোডৰ দ্বাৰা য়ামীয়ে কেপচনত এক সুন্দৰ শাৰীৰে নিজৰ প্ৰেম ব্যক্ত কৰে। তেওঁ কয় যে, “তোমাৰ পোহৰেৰে মই ভালপাবলৈ শিকিছো। পৰিয়ালৰ আশীষ শিঁৰত লৈ আজি আমি ব্যক্তিগতধৰণৰে বিবাহপাশত আৱদ্ধ হ’লো। আমাৰ বিবাহত কেৱল নিজৰ মানুহখিনিহে উপস্থিত আছিল। এতিয়া যিহেটো আমি প্ৰেম আৰু বন্ধুত্বৰ ৰাষ্টাত খোজ দিছো গতিকে এনেক্ষেত্ৰত আমাক আপোনাৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন। আপোনাৰ য়ামী আৰু আদিত্য।” বিবাহৰ পূৰ্বে য়ামীয়ে “আ থাৰ্চডে” ৰ শ্বুটিং কৰিছিল। এনেক্ষেত্ৰত অভিনেত্ৰী গৰাকীয়ে যেতিয়া অইন কাকো নজনোৱাকে বিবাহপাশত আৱদ্ধ হ’ল তেনেক্ষেত্ৰত উক্ত শ্বুটিং চলি থকা ছবিখনৰ পৰিচালক খম্বাটায়ে কমেন্টত কয় যে “এয়াহে শ্ৰেষ্ঠ চাৰ্জিকেল ষ্ট্ৰাইক”। ইয়াৰ সমান্তৰালকৈ, আন বহু অভিনেতা-অভিনেত্ৰীয়ে তেওঁলোকৰ ফটোত কমেন্ট কৰি উক্ত বিবাহিতা যুঁটিটোক শুভকামনা জ্ঞাপন কৰে।


বলীউডৰ বিবাহ মানেই হৈছে সকলোৰে দৃষ্টি নিৱদ্ধ কৰি ৰখা এক উৎসৱ; য’ত কইনীজনীয়ে কি পিন্ধিছেৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেনেকৈ ফটো উঠিছিল পৰ্যন্ত কথাই চৰ্চা লাভ কৰে সচেতন মহলত। তেনেক্ষেত্ৰত গোপনীয় ভাৱে হোৱা য়ামীৰ বিবাহখনে প্ৰত্যেকগৰাকী তেওঁৰ অনুৰাগীক আচম্বিত কৰি তুলিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform