Rupaliparda.com
"ৰীল" ভিডিঅ'ত ট্ৰেণ্ডিঙত "বন্ধু" ছবিৰ গীত "আপাৰ ডীপাৰ"- 1

“ৰীল” ভিডিঅ’ত ট্ৰেণ্ডিঙত “বন্ধু” ছবিৰ গীত “আপাৰ ডীপাৰ”-

শেহতীয়াকৈ এটি গীত মুক্তি লাভ কৰিলেই চৰ্চা লাভ কৰা এটা মূখ্য প্লেটফৰ্ম হৈছে ইনষ্টাগ্ৰাম; একোটা গীতৰ ভাল লগা এটা শাৰীক লৈয়ে ইনষ্টাগ্ৰামত ৰীল ভিডিঅ’সমূহৰ প্ৰস্তুত কৰা হয়। আনকি, একোটা গীতত কন্ঠদান কৰা একোগৰাকী কন্ঠশিল্পীয়ে নিজেও অৱশ্যে এটা গীত সৃষ্টিৰ পিছত নিজৰ গীতটিক লৈ ৰীল ভিডিঅ’ প্ৰস্তুত কৰিবলৈ ৰাইজক আহ্বান জনায়। এইবাৰ ৰীলত ভাইৰেল হৈ থকা গীতটি হৈছে বিগত বৰ্ষত মুক্তি লাভ কৰা গীত “আপাৰ ডীপাৰ”। অসমীয়া ছবিৰ ভিতৰত বহুলভাৱে প্ৰত্যাশিত ছবিখন আছিল “বন্ধু”; আনহাতে, এই ছবিখনত সংযোজিত তথা Times Music ৰ ইউটিউব প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত গীতটিয়ে আছিল “আপাৰ ডীপাৰ”। ৰেকিবুলৰ কথাৰে এই গীতটিত কন্ঠদান কৰিছে নয়ন নীলিম আৰু শাৰদী বৰাই; লগতে গীতটিত সুৰ আৰু সংগীতৰ লগতে সংগীত প্ৰযোজনা তথা ব্যৱস্থাপনাৰ দায়িত্বত আছে পাৰ্থ। একোটা গীতৰ ক্ষেত্ৰত কেতিয়াবা আমি বৰ আঁকোৰগোজ হৈ পৰো; প্ৰশান্তি লাভ কৰাৰ স্বাৰ্থত আমি দিনটোত কেইবাবাৰো সেই গীতটিক শুনিবলৈ চেষ্টা কৰো। অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত গুনগুনাবলৈ আৰম্ভ কৰে; আনহাতে আকৌ, আন একোটা শিশুৰ সংগীতৰ প্ৰতি থকা ইচ্ছাক দেখি পিতৃ-মাতৃয়ে তেওঁক গীত গাবলৈ উৎসাহিত কৰে। এয়া নিৰৱিচ্চিন্ন প্ৰক্ৰিয়া; আদি কালৰ পৰা চলি আহি ই অনন্ত কাললৈ ঠিক এনেদৰেই চলি যাব।


কিছুমান ক্ষেত্ৰত যদিও পৰিৱৰ্তন অথবা সাল-সলনিৰ মুখা-মুখি হোৱা দেখা যায় তৎস্বত্বেও আমাৰ এই সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ অধিক জীপাল হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো সেয়া অতিৰঞ্জিত নহ’ব। বৰগীত, লোকগীতৰ ধাৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰেপ আৰু EDM ৰ পয়োভৰৰ মাজত শ্ৰোতাই প্ৰতিদিনেই এই ক্ষেত্ৰখনত নতুনত্বৰ আৱিষ্কাৰ কৰিলে। আকৌ, এবাৰ আমি আহো “বন্ধু” ছবিখনৰ প্ৰসংগলৈ, বৰ্তমান পৰিস্থিতিয়ে অথবা ক’ৰোণা মহামাৰীৰ বিভীষিকাই এই “বন্ধু” ছবিখনৰ মুকলিটো বাধাৰ সৃষ্টি কৰিছে। অসমীয়া ছবি ক্ষেত্ৰখন ক’ৰোণা মহামাৰীয়ে বহুল হাৰত ঋণাত্মক প্ৰভাৱ পেলাইছে যাৰ বাবে ছবিখনৰ বাৰম্বাৰ মুক্তিৰ তাৰিখ ধাৰ্য্য কৰা হৈছে যদিও পৰিস্থিতিৰ কবলত পৰি ইয়াক পিছুৱাব লগীয়া হৈছে। এই ছবিখনে চচিয়েল মিডিয়াতো বহুল হাৰত লাভ কৰিছিল চৰ্চা; তিনিগৰাকী বন্ধুৰ বন্ধুত্বক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনক লৈ সঁচাকৈ অপেক্ষাৰত অনুৰাগী। এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে নয়ন নীলিমৰ লগতে বিবেক বৰা, জ্যোতিস্মান শৰ্মা, ইপ্সিতা, ৰাছনা(কন্নড় অভিনেত্ৰী), সিদ্ধাৰ্থ মূখাৰ্জী, পুনম, কস্তুৰী আৰু বনী দেউৰীয়ে।

"ৰীল" ভিডিঅ'ত ট্ৰেণ্ডিঙত "বন্ধু" ছবিৰ গীত "আপাৰ ডীপাৰ"- 2
"ৰীল" ভিডিঅ'ত ট্ৰেণ্ডিঙত "বন্ধু" ছবিৰ গীত "আপাৰ ডীপাৰ"- 3

ছবিখনত সংলাপ ড° নয়নজ্যোতি তালুকদাৰৰ। ছবিখন প্ৰযোজনা কৰিছে অমিত জৈনে। উক্ত গীতটিত আপুনিও যদি কৰিছে ৰীল ভিডিঅ’ প্ৰস্তুত; তেন্তে কমেন্ট কৰি জনাওঁক আমাক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform