Rupaliparda.com

ভাগ্য ! মিডিয়া ষ্টাৰ হোৱাৰ পৰা বাচিল বিবেক ||- উৎপল মেনা

মুম্বাই , ২০০০ । সদায় বহা তাজ হোটেলৰ সন্মুখৰ ‘ প্ৰিয় ঠাই ‘ত সময় খৰচ কৰি আছিলো । সদায় বহাৰ দৰে সাগৰলৈ মুখ কৰি বহিছিলো । ” মই মুম্বাই এৰিম ” — মই কৈছিলো । মোৰ কথাই হয়তো আৰছদ ৰিয়াজক ছুইছিল ! বহু সময় একো কোৱা নাছিল । ” ৭ বছৰৰ বন্ধুত্ব ইমানতে ইতি ! স্বাভাবিক কথা । হেমচন্দ্ৰ দলেও কেইটা মান বছৰহে আছিল । এটা কথা বুজিলো — তহতে অসম এৰিব নোৱাৰ ! বাৰু সেইবোৰ এতিয়া বাদ ! ব’ল , আমি সুৰেশ অ’বেৰয়ৰ ঘৰলৈ যাম । জন্মদিন আজি । ” — ১৭ ডিচেম্বৰ , ১৯৪৬ চনত জন্ম হৈছিল বলিউদৰ অভিনেতা সুৰেশ অ’বেৰয়ৰ । ২০০০ চনৰ সেই বিশেষ দিনটোত অভিনেতা গৰাকীয়ে বিশেষ উদ্দেশ্য মনত ৰাখি সাংবাদিকক নিমন্ত্ৰন কৰিছিল । উদ্দেশ্য — দুই সন্তানক চিনাকি কৰি দিয়া আৰু এক সন্তানক প্ৰচাৰ দিয়া ! — দুই সন্তান বিবেকানন্দ অ’বেৰয় আৰু মেঘনা অ’বেৰয়ক চিনাকি কৰি দি সুৰেশ অ’বেৰয়ে কৈছিল , ” বিবেকে সিদ্ধান্ত লৈছে মোৰ বাটেৰে আগবাঢ়িব । আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন… ।” আৰু জনাইছিল ‘ ছুপাৰ ফিল্মমেকাৰ ‘ মণি ৰত্নমে বিবেকানন্দ , মানে বিবেকক পচন্দ কৰিছে । — এই যে মণি ৰত্নমে পছন্দ কৰিছে , এয়া আছিল বিবেকৰ বাবে সেউজ সংকেত । সেই সযয়ত ভবা হৈছিল , মণি ৰত্নমে সেই সময়ত হাতত লোৱা ‘ আলাইপায়ুদে ‘ত বিবেকে অভিনয় কৰিব ! অৰ্থাৎ বিবেকৰ প্ৰথম চিনেমা খন হিন্দী নহব ! তামিল হব ! — সময়ত স্পষ্ট হ’ল সাংবাদিকৰ ধাৰণা শুদ্ধ নহয় ! তামিল চিনেমা খনৰ হিন্দী সংস্কৰণতহে অভিনয় কৰিব বিবেকে । নাম : সাথিয়া । গুলজাৰ , মণিৰত্নমৰ চিত্ৰনাট্যৰে পৰিচালনা কৰিব শাদ আলীয়ে । ( মালায়লম খনৰ পৰিচালক মণি ৰত্নম । ) — সময়ত চিনেমা খন সম্পূৰ্ণ হয় । ২০ ডিচেম্বৰ , ২০০২ ত চিত্ৰগৃহলৈ আহে । ‘ সাথিয়া ‘ চিত্ৰগৃহলৈ আহে মানে বিবেক অভিনিত , চুক্তিবদ্ধ হোৱা দ্বিতীয় – তৃতীয় চিনেমা — ‘ কম্পানী ‘ আৰু ‘ৰোড ‘ চিত্ৰগৃহলৈ আহিছিল । গতিকে কোৱা হয় তৃতীয় চিনেমা খনেহে বিবেকৰ সফলতাৰ দুৱাৰ মুকলি কৰিছিল । — হয় , ‘ সাথিয়া ‘ ৰ বজাৰ সফলতাই বিবেকক তাৰকাৰ তালিকাভুক্ত কৰাইছিল । চিনে পণ্ডিত সকলে কয় — দুই বিফলতাই ‘ মিডিয়া ষ্টাৰ ‘ হোৱাৰ পৰা বচালে বিবেকক । — বিবেকৰ মুখতো শুনা গৈছিল — ” ভাগ্য ! ‘ মিডিয়া ষ্টাৰ ‘ হোৱাৰ পৰা বচালে !! ” — ‘ মিডিয়া ষ্টাৰ ‘ !
— হয় , ‘ মিডিয়া ষ্টাৰ ‘ !

ভাগ্য ! মিডিয়া ষ্টাৰ হোৱাৰ পৰা বাচিল বিবেক ||- উৎপল মেনা 1
ভাগ্য ! মিডিয়া ষ্টাৰ হোৱাৰ পৰা বাচিল বিবেক ||- উৎপল মেনা 2
ভাগ্য ! মিডিয়া ষ্টাৰ হোৱাৰ পৰা বাচিল বিবেক ||- উৎপল মেনা 3


— ‘ মিডিয়া ষ্টাৰ ‘ মানে প্ৰচাৰ মাধ্যমে নিৰ্মাণ কৰা বা প্ৰচাৰ মাধ্যমৰ সহায়ত নিৰ্মাণ হোৱা তাৰকা । উদাহৰণ : ৰিত্বিক ৰৌশন ( ঋত্বিক বা হৃত্বিক নহয় ) । প্ৰথম খন চিনেমা চিত্ৰগৃহলৈ অহাৰ পূৰ্বে প্ৰচাৰ মাধ্যমৰ সহায়ত তাৰকা ইমেজত নিজকে বন্দী কৰিছিল ৰিত্বিকে । আৰু চিনেমা খন চিত্ৰগৃহলৈ অহাৰ পিছতে প্ৰচাৰ মাধ্যমে মহাতাৰকাৰ স্থানত ৰাখিছিল । এনে ধৰনে হোৱা তাৰকা নিৰ্মাণ প্ৰক্ৰিয়াত সুপৰিকল্পিত প্ৰচাৰ পৰিকল্পনাৰ প্ৰয়োজন ।- – আন দিশো আছে ‘ মিডিয়া ষ্টাৰ ‘ নিৰ্মাণৰ । বলিউড পৰিয়ালৰ নৱাগতই প্ৰথম খোজতেই বজাৰ সফলতা পালে প্ৰচাৰ মাধ্যমৰ প্ৰচুৰ প্ৰশংসা লাভ কৰে । আৰু সহজতে তাৰকা হৈ প্ৰচাৰ মাধ্যমত জিলিকে । উদাহৰণ : কুমাৰ গৌৰৱ । এনে তাৰকা , মানে ‘ মিডিয়া ষ্টাৰ ‘ জিলিকে কম দিনৰ বাবে । সেয়েহে বিবেকে কৈছিল — ‘” ভাগ্য ! ‘ মিডিয়া ষ্টাৰ ‘ হোৱাৰ পৰা বচালে ! ” বিবেক অ’বেৰয়ৰ প্ৰথম দুখন চিনেমা সফল হোৱা নাছিল । প্ৰচাৰ মাধ্যমত চৰ্চা হৈছিল — গ্ৰাহক নাই ! বিবেকৰ ‘ বলিউড দোকান ‘ বন্ধ ! — আৰু আজি ? — বলিউড বজাৰত ৰিত্বিকতকৈ বিবেকৰ গুৰুত্ব বেছি ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform