Rupaliparda.com

গীতাৱলী ৰাজকুমাৰী জীয়ৰীয়ে কঁপাইছে চচিয়েল মিডিয়া!

বি-টাউনৰ অভিনেতা-অভিনেত্ৰীসমূহৰ সন্তানক লৈ দৰ্শকৰ মাজত এক সাংঘাতিক উৎসাহ দেখিবলৈ পোৱা যায়। “ষ্টাৰ কিড” ৰ কোনো ছবিৰ মুক্তি অথবা তেওঁলোকৰ অভিনয়ৰ বাবে ৰৈ থাকে বহু দৰ্শক। “নেপটিজিম” ক কেন্দ্ৰ কৰি বলীউডত বহু ক্ষেত্ৰত মনোমালিন্যৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। জলীউড ক্ষেত্ৰখনত তেনে কোনো খবৰ দৰ্শকে দেখা পোৱা নাই যদিও এইক্ষেত্ৰখনতো কিছু অভিনেতা-অভিনেত্ৰীৰ জীয়ৰী অথবা পুত্ৰ অভিনয়ৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। অসমীয়া ছবি জগতৰ এটা জনপ্ৰিয় নাম হৈছে গীতাৱলী ৰাজকুমাৰী; তেওঁৰ জীয়ৰী অনুষ্কাই টিক-টক এপৰ দ্বাৰা বিভিন্ন গীতত অভিনয় কৰে। তেওঁৰ টিক-টক ভিডিঅ’ সমূহৰ দ্বাৰা এটা কথা নিশ্চিত হৈ পৰিছে যে অভিনেত্ৰী গীতাৱলীৰ দৰেই তেওঁৰ জীয়ৰী অনুষ্কাও আকৰ্ষিত অভিনয়ৰ প্ৰতি। গীতাৱলীয়ে নিজেও ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ লগতে নিজ জীয়ৰীৰ বিভিন্ন ফটো দৰ্শকৰ মাজত শ্বেয়াৰ কৰে। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট।

তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে। বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ। অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয় বৰ্তমান দৰ্শকে দেখিবলৈ পাইছে ৰং চেনেলত যোগে প্ৰচাৰিত ধাৰাবাহিক “বান্ধোন” ত। অভিনেত্ৰী গীতাৱলীৰ দৰেই তেওঁৰ জীয়ৰীও এই ক্ষেত্ৰখনৰ সৈতে কেতিয়ালৈ জড়িত হ’ব সেয়া হ’ব লক্ষ্যণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform