Rupaliparda.com

পাপলু চেতিয়াৰ আৰু নীলাক্ষী নেওঁগৰ নতুন যুঁটিৰে গীত “কাঁচলি”-

কিছুমান গীতৰ শব্দই আমাক এনেদৰে মোহাচ্ছন্ন কৰে যে আমি গীতটি শুনিবলৈ উৎসাহিত হওঁ; কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও যেতিয়া ৰূপালীপৰ্দাৰ তৰফৰ পৰা বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে। এই সংগীত ক্ষেত্ৰখনলৈ বৰ্তমান বহুত ন-ন শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে; ইয়াত একাংশৰ সৃষ্টিও হৈছে লেখত ল’বলগীয়া। আনহাতে, এনে সুন্দৰ কথাৰ সৈতে যেতিয়া শ্ৰোতাই এটা হৃদয়স্পৰ্শী কন্ঠক শুনিবলৈ পায় তেতিয়াই আচলতে এটি গীত সফলতাৰ শাৰীত খোজ দিয়ে। সংগীত ক্ষেত্ৰখনত ইটোৰ পিছত সিটো গীতক নিজ কথাৰে সঁজোৱা পাপলু চেতিয়াৰ “কাঁচলি” ত শেহতীয়াকৈ নীলাক্ষী নেওঁগৰ কন্ঠই লগাইছে মোহৰ। গীতটিক সমাদৰ জনোৱাৰ লগতে এই গীতটিক শ্ৰোটাই ধনাত্মক কমেন্ট কৰাও দেখিবলৈ পোৱা গৈছে। কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী নীলাক্ষী নেওঁগৰ অনুৰাগীৰ শাৰীটো সঁচাকৈ দীঘলীয়া; সেয়েহে তেওঁৰ গীতৰ মুক্তি পোৱাৰ পিছতেই ইনষ্টাগ্ৰামৰ ৰীল ভিডিঅ’ত মুক্তিপ্ৰাপ্ত গীতটিৰ কেইটামান শাৰীয়ে বহুল হাৰত চৰ্চা লাভ কৰিবলৈ লয়।


“কাঁচলি” মানেই হৈছে পুৱাৰ সুকোমল ৰ’দালি। এটি সৰল প্ৰেমৰ গীত; ৰাতিপুৱাৰ সূৰ্যৰ কিৰণৰ সৈতে বতাহৰ কোমল সংযোজনত আপ্লুত হোৱা প্ৰত্যেকগৰাকী ব্যক্তিবিশেষৰ বাবে এই সময়ছোৱা খুবেই হৃদয়স্পৰ্শী। ৰাতিপুৱাৰ এই ৰ’দজাক আহি গাত পৰিলেই নিজ প্ৰেমাস্পদলৈ মনত পৰে; নহয়নে? সম্প্ৰতি সময়ছোৱাত যদিও একাংশৰ মাজত প্ৰেম নিবেদনৰ বৈশিষ্ট্যৰ সালসলনি ঘটিছে তথাপিও ক’ৰবাত যেন সেই একেই হৈ আছে ভাললগা আৰু ভালপোৱা বোৰ। আৰু, এই পুৱাৰ সময়কণৰ সৈতে প্ৰেমাস্পদজনলৈ মনত পৰি প্ৰেম প্ৰেম লগা এক অনু্ভূতিত উৎসাহী হোৱা কথাই আচলতে এই গীতটিত সংযোজন কৰা হৈছে। মনপৰশা এই গীতটিক কন্ঠশিল্পী নীলাক্ষী নেওঁগৰ ব্যক্তিগত ইউটিউব চেনেল যোগে লিৰিকেল ভিডিঅ’ ৰূপে মুক্ত দিয়া হৈছে; সদ্যমুক্তিপ্ৰাপ্ত “কাঁচলি” শীৰ্ষক গীতটিয়ে প্ৰশান্তি প্ৰদানত সক্ষম হৈছে। কন্ঠদানৰ লগতে গীতটিত সুৰ কৰিছে কন্ঠশিল্পী গৰাকীয়ে নিজেই; আনহাতে ইয়াত সংগীত কৰিছে মৃদু পৱনে। ইয়াৰ উপৰিও, শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে লগতে তবলা বজাইছে ৰাজা বৰুৱাই। বাঁহী বজাইছে লক্ষীনন্দন লাহনে; গীতাৰৰ দায়িত্বত আছে ঋতুৰাজ গগৈৰ। ইউকেলে বজাইছে দীপজ্যোতিয়ে।

পাপলু চেতিয়াৰ আৰু নীলাক্ষী নেওঁগৰ নতুন যুঁটিৰে গীত "কাঁচলি"- 1

নতুনকৈ পাপলু চেতিয়াৰ সৈতে নীলাক্ষী নেওঁগৰ নতুন যুঁটিত উৎকণ্ঠিত শ্ৰোতা-দৰ্শকক। তেওঁলোকৰ যুঁটিৰে আহিবলগীয়া ন-গীত সমূহক লৈও অপেক্ষাৰত ৰাইজ। ৰূপালীপৰ্দাৰ তৰফৰ পৰা গীতটিৰ সৈতে জড়িত কলা-কুশলীক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform