Rupaliparda.com
বিশ্ব সংগীত দিৱসঃ তৰালী শৰ্মাৰ সৈতে 1

বিশ্ব সংগীত দিৱসঃ তৰালী শৰ্মাৰ সৈতে

সংগীত প্ৰথমতে ক’ত, কেতিয়া, কোনে, কেনেদৰে আৱিষ্কাৰ কৰিছিল তাৰ সঠিক উত্তৰ কোনেও দিব নোৱাৰে। ব্যক্তিয়ে নিজ কণ্ঠৰ আৱিৰ্ভাৱতে সন্ধান পাইছিল সংগীতৰ। চৰাই চিৰিকটিৰ মাততো সংগীতে সহবাস কৰে অথবা গছৰ পাতৰ খৰ-মৰণিটো অনুভৱ কৰিব পাৰি সংগীতৰ ধ্বনি। ব্যক্তিবেশেষে দুখটো সংগীতক লগৰী কৰি লয়; সুখটো স্ফূৰ্তি কৰিবলৈ আজুৰি লয় সংগীতক। মুঠতে ক’বলৈ গ’লে, সংগীতৰ অৱস্থিতি চাৰিওফালে। কেৱল মাত্ৰ ইয়াক অনুভৱ কৰাৰ দৰকাৰ।
শংকৰদেৱৰ ব্ৰজাৱলী ভাষাত ৰচিত বৰগীতৰ পৰা আৰম্ভ কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ বৈপ্লৱিক গানৰ লগতে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতে অসমীয়া সংগীত ক্ষেত্ৰখন বাৰুকৈয়ে চহকী কৰি ৰাখিছে। নৱ-প্ৰজন্ম অথবা উত্তৰ প্ৰজন্মৰ হাতত উপহাৰস্বৰূপে দি থৈ তেওঁলোকে তেওঁলোকৰ সৃষ্টিক। ঠিক তেনেদৰে, সম্প্ৰতি এই ক্ষেত্ৰখনক আন্তৰ্জাতিক পৰ্যায়ত আৰু অধিক দাঙি নিবলৈ চেষ্টা কৰিছে আজিৰ শিল্পীয়েও। ইয়াৰ ভিতৰত আমি তৰালী শৰ্মাৰ নাম ল’ব পাৰো। “নেশ্বনেল ফিল্ম এৱাৰ্ড ফ’ৰ বেষ্ট প্লে’বেক চিংগাৰ” বঁটাপ্ৰাপ্ত তৰালী শৰ্মাই কুৰিতকৈও অধিক এলবামৰ গীতত নিজ কণ্ঠ নিগৰাইছে। অসমত তেওঁক “প্ৰিয় গায়িকা” হিচাপে গ্ৰহণ কৰা লোকৰ সংখ্যা যথেষ্ট বুলি ক’লেও অতিৰঞ্জিত নহ’ব।
আজিৰ এই বিশেষ দিনটোত ৰূপালী পৰ্দাৰ ফালৰ পৰা তেওঁৰ এটা টেলিফোনিক ইণ্টাৰভিউ লৈছিলো। আহক চোন চাওঁ, আজিৰ দিনটোত তেওঁৰ অনুভৱ-

বিশ্ব সংগীত দিৱসঃ তৰালী শৰ্মাৰ সৈতে 2

নমস্কাৰ বা, প্ৰথমতে আপোনাক বিশ্ব সংগীত দিৱসৰ বহুত শুভকামনা।

তৰালী শৰ্মাঃ তোমালৈও লগতে ৰূপালী পৰ্দাৰ জৰিয়তে সমূহ ৰাইজলৈ বিশ্ব সংগীত দিৱসৰ অলেখ শুভকামনা জনাইছো

প্ৰশ্নঃ ওৱলৰ্ড মিউজিক ডে’ হিচাপে আপোনাৰ অনুভৱ?? যিহেতু আজি সংগীত শিল্পীৰ দিন গতিকে আপোনাৰ অনুভৱটো জানিব বিছাৰিম।

তৰালীঃ Every Day is a World Music Day For me. মোৰ বাবে প্ৰত্যেকটো দিনেই হৈছে সংগীতৰ দিন। ইয়াক অনুভৱ কৰা দিন। আছলতে, সংগীত সকলোতে আছে। সংগীতে আমাক আৱৰি থাকে! আনকি, মৌনতাটো সংগীত আছে; আমি যে ৰাষ্টাত খোজকাঢ়িলে চিঞৰ-বাখৰবোৰ শুনো,তাতো সংগীতে বাস কৰে। কিন্তু আজি হয়টো ইয়াক সঁচা অৰ্থত উপলদ্ধি কৰা দিন। আজি হয়টো মই বেছিকে উপলদ্ধি কৰিছো যে, মই ইমান দিনে ইমান ধুনীয়া বিষয় এটাৰ লগত দিনে-নিশাই জড়িত হৈ আছো; যিয়ে মোৰ মনটো সুন্দৰ কৰি ৰাখে। মোক পূৰ্ণতা দিয়ে আৰু মোকো সুবিধা দিয়ে আনৰ মনবোৰ সুন্দৰ কৰি ৰখাৰ।

প্ৰশ্ন- আপোনাৰ আহিবলগীয়া প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম যদিহে আপুনি ক’বলৈ সংকোচ নকৰে।

তৰালীঃ হা হা হা! এইটো বছৰতে ৰিলিজ হ’বলগীয়া কেইবাটাও প্ৰজেক্টৰ কাম চলি আছে। প্ৰথমতে, বৰগীতৰ এলবাম এটাৰ কাম কৰি আছো বৰ্তমান; নামটো “বৰগীত” নাইবা “ভকতি” থ’ম বুলি ভাৱিছো। মুঠ ৬টা বৰগীত থাকিব; তাৰেই এটা বৰগীতৰ ডাবিং ইতিমধ্যে সম্পূৰ্ণ হৈছে। বাকী কেইটাৰ ট্ৰেক হয় গৈছে, মই গাবলৈ বাকী আছো।
সমান্তৰালভাৱে “ডেউকা” বুলি আধুনিক গীতৰ এলবাম এটাৰো কাম চলি আছে যিটো অহা বছৰলৈ ৰিলিজ কৰিম ভাবিছো। বাকী, চলিত বৰ্ষৰ শেষৰ ফালে ৰিলিজ হ’বলগীয়া “Let’s Talk about Love” বুলি এটা সুন্দৰ বিষয়বস্তুক লৈ কাম কৰি আছো; যিটো এতিয়াই মই প্ৰকাশ নকৰো। এই তিনিটা মোৰ মূখ্য প্ৰজেক্ট লগতে প্ৰকাশ ডেকাৰ চিনেমা “ফায়াৰ ফ্লাইছ” টো লাগি আছো আৰু ইয়াৰ উপৰিও কেইবাখনো চৰ্ট ফিল্মৰ কাম চলি আছে।

প্ৰশ্ন- আপোনাৰ প্ৰিয় গায়ক-গায়িকা আৰু আপোনাৰ ভালপোৱা গীত??

তৰালীঃ প্ৰিয় গায়িকা বুলি ক’লে প্ৰথম যিগৰাকী নাম মোৰ মনলৈ আহে; যিগৰাকীক মই সাংঘাতিক মানো। একাষাৰে ক’বলৈ গ’লে যাক মই অত্যন্ত শ্ৰদ্ধা কৰো; লতা মংগেশকাৰ। She is an Institution.. মোৰ আটাইতকৈ প্ৰিয়। তাৰপিছত মই হেমলতা, দীপালী বৰঠাকুৰৰ গান ভাল পাওঁ আৰু আৰজিৎ সিং আৰু চফকাট আমনাদ আলি খানৰ গীত ভাল পাওঁ।
আৰু প্ৰিয় গীত বুলি ক’লে ধেৰ আছে। “আজাৰে নুৰি” , “ছাৱান বিট” গানটো খুব ভালপাওঁ। “বন্দেয়া” গানটো লগতে কলংকৰ “কাজল পিয়া” গানটো ভাল লাগে।

প্ৰশ্নঃ এগৰাকী সংগীত শিল্পী হিচাপে আপোনাক পচন্দ কৰা লোক বহুত। গতিকে তেওঁলোকক আৰু বেছি কেনেদৰে সুখী কৰিব পাৰি তাৰ বাবে কেনেবোৰ কাম কৰি ভাল পায়?

তৰালীঃ মই আছলতে সংগীতৰ মাজত থাকি খুব ভাল পাওঁ। আমি মানুহবোৰো কম-বেছি পৰিমাণে আৱেগিক। গতিকে মই গানবোৰ এনেদৰে প্ৰস্তুত কৰিবলৈ যত্ন কৰো যিয়ে সাধাৰণৰ মনবোৰ চুব পাৰে। মই যেনে বিষয়ৰে গীত নাগাওঁ কিয় যদিহে ই ৰাইজৰ মনক চুই যাব পাৰিছে; মই সফল। আজি যদি মই ভক্তিমূলক গীত গাইছো; তেতিয়াহ’লে সেই ভক্তি ৰসেৰে মানুহৰ মনটো স্পৰ্শ কৰিব পাৰো নাইবা প্ৰেমৰ গীতো যদি গাইছো তেতিয়া সেই ভালপোৱা অনুভূতিটোৰে যাতে লোকৰ হৃদয়স্পৰ্শ কৰিব পাৰো। তেনেধৰণৰ কাম কৰিবলৈ চেষ্টা কৰো যিয়ে তেওঁলোকক চুবলৈ সক্ষম হয়।

প্ৰশ্নঃ অসমীয়া সংগীত জগত খনক আৰু বেছি উন্নত কৰিবলৈ কি কৰিব লাগে বুলি আপুনি ভাৱে??

তৰালীঃ প্ৰথম কথা হৈছে যে, অসমীয়া সংগীত যথেষ্ট চহকী। বিশেষকৈ লোকসংগীতৰ ধাৰা। গতিকে মই ভাবো, এগৰাকী সংগীত শিল্পী হিচাপে আমাৰ এটা দায়বদ্ধতা থকাটো উচিত যে আমি আমাৰ সংগীতৰ ধাৰা সমূহৰ বিষয়ে জ্ঞান আহৰণ কৰো লগতে সেই সমূহ চৰ্চাও কৰো আৰু ইয়াৰ উপৰিও প্ৰধানকৈ ইয়াৰ সাধনা; সাধনাটো যাতে আমি অব্যাহত ৰাখো। আমি যেতিয়া আমাৰ নিজৰ বস্তুবোৰ ভালপাবলৈ শিকিম যেনে; আমাৰ বৰগীত,লোকগীত, টোকাৰী গীত ইত্যাদি বোৰ। এই সংগীতবোৰ আমি যেতিয়া শ্ৰদ্ধা কৰিবলৈ শিকিম,গাবলৈ শিকিম তেতিয়া আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখন সকলো ফালৰ পৰা উচ্চস্থানো পাব লগতে আমি উন্নতিৰ পথতো আগবাঢ়িম।

ধন্যবাদ বা। আজিৰ এই বিশেষ দিনটোত আপোনাৰ লগত কথা পাতি, আপোনাৰ অনুভৱৰ বিষয়ে গম পায় খুবেই ভাল লাগিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform