Rupaliparda.com
সমাজৰ বাস্তৱ কাহিনীক লৈ নিৰ্মিত গীত "পৰিধি"- 1

সমাজৰ বাস্তৱ কাহিনীক লৈ নিৰ্মিত গীত “পৰিধি”-

“চৌদিশে হত্যা হিংসা ধৰ্ষিতাৰ অশ্ৰু কিয়? আজি কোনে লাঞ্ছিত বঞ্চিতৰ অধিকাৰ উভতাই দিব?”- পৰিধি!
এটি সদ্যমুক্তিপ্ৰাপ্ত গীতত সংযোজিত কেইটামান শাৰী। বাস্তৱ সমাজৰ এখন প্ৰতিচ্ছবিক গীতৰ মাজেৰে শ্ৰোতা-দৰ্শকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিছে একাংশ নৱপ্ৰজন্মই। সংবাদ পত্ৰ অথবা সংবাদ মাধ্যমত আমি পঢ়িবলৈ নাইবা উপভোগ কৰা সময়ত বহু কমেই ধনাত্মক বাতৰি দেখিবলৈ পাওঁ; কেতিয়াবা আপোনজনে আপোনজনক কৰা হত্যাকে আৰম্ভ কৰি নাবালিকাক কৰা ধৰ্ষণ কাৰ্য্যই আমাক প্ৰত্যেককে বহু সময়ত শিঁহৰিত কৰি যায়। এই বাতৰিবোৰৰ বাবেই চচিয়েল মিডিয়াত খলকনি লগাৰ সমান্তৰালকৈ সাধাৰণ জনৰ লগতে চিলেব্ৰেটী সকলেও এনে ঋণাত্মক খবৰ সমূহৰ বিৰুদ্ধে মাত মাতিবলৈ লয়। এপিনে য’ত ক’ৰোণা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাতেই আকৌ আনহাতে আন একাংশ নৰপিশাচৰ পৈশাচিক কাণ্ডৰ বাবে প্ৰতিজন জনসাধাৰণ ব্যতিব্যস্ত হৈ পৰিছে। তেনে কিছুমান কথাক লৈয়ে “পৰিধি” ৰ মাজেৰে ৰাইজৰ কাষ চাপিছে উক্ত প্ৰতিভাৱান দলটো। শেহতীয়াকৈ উঠি অহা একাংশ কন্ঠশিল্পীয়ে নিজ কন্ঠটোতকৈ অধিক গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায় তেওঁলোকৰ গীতটিৰ বিষয়বস্তুটোৰ ওপৰত। তথাকথিত একাংশ সংগীতৰ মাজত আচলতে এয়াও এক আদৰণীয় প্ৰচেষ্টা; য’ত কেৱল মাত্ৰ তেওঁলোকে কন্ঠটোতেই গুৰুত্ব নিদিয়ে ।নৱপ্ৰজন্মৰ প্ৰকল্প, তেওঁলোকৰ সৃষ্টি তথা তেওঁলোকৰ প্ৰতিভাই প্ৰতিজন সৰ্বসাধাৰণ লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জনপ্ৰিয়তাৰ মোহৰ নিজৰ নামৰ সৈতে লগ নালাগিলেও তেওঁলোকৰ প্ৰতিভাৰ কথা নুই কৰিব পৰা নাযায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “পৰিধি” ত সন্নিৱিষ্ট বাস্তৱ কথাবোৰে আকৰ্ষণ কৰিছে দৰ্শকক। এবাৰ শুনাৰ লগে লগেই যিবোৰ গীতে হৃদয়ত ঠাই বনাবলৈ সক্ষম হয়; সেইবোৰেই আচলতে শ্ৰোতাৰ প্লে-লিষ্টত আন কেইবাবাৰো ঘূৰিবলৈ লয়।


গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ আৰু সংগীতৰ দায়িত্বত দিছে গৌৰৱ ৰাজ হাজৰিকাই; গৌৰৱৰ ব্যক্তিগত ইউটিউব চেনেল যোগেই মুক্তি লাভ কৰিছে গীতটি। আব্দুল মালিকৰ কথাৰে গীতটিত শব্দ-সংমিশ্ৰণ কৰিছে গৌৰৱ আৰু জাহ্নুয়ে; আনহাতে, গীতাৰ বজাইছে মৃন্ময় কাশ্যপে। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে অসীম কুমাৰ নাথৰ লগতে সহঃ পৰিচালনা কুলদীপ চহৰীয়াৰ। ৰূপমজ্যোতি শইকীয়া দৃশ্যগ্ৰহণৰ সৈতে এই গীতটিৰ সম্পাদনা হীৰক জে শৰ্মাৰ। ভিডিঅ’ত অভিনয় কৰিছে জিন্তু জীৱন, নৱজ্যোতি চহৰীয়া আৰু স্বাসতি শিৱমৰ। গীতটিৰ কথাৰ সৈতে ইয়াৰ ভিডিঅ’টোৰ সামঞ্জস্য থকা বাবেই হয়টো গীতটিক আৰু অধিক আঁকোৱালি ল’বলৈ সক্ষম হৈছে জনসাধাৰণ। নৱপ্ৰজন্মৰ প্ৰতিভাৱান একাংশই এনে সমাজৰ হৃদয়স্পৰ্শী বিষয়বস্তুক লৈ কবিতা, সংগীত নাইবা কেতিয়াবা কিছুমান প্ৰৱন্ধৰে বুজাই দিয়ে সকলো। এনে কিছুমান সৃষ্টিৰ অথবা উক্ত বিষয়সমূহক লৈ ৰচিত গীত-মাত সমূহৰ প্ৰচাৰৰ মানদণ্ড অতি কম যদিও ইয়াক যি অংকৰ জনসাধাৰণে উপভোগ কৰে তেওঁলোকৰ বাবে এই সৃষ্টি সমূহ তেওঁলোকৰ “আপোন প্লে লিষ্ট” খনত অন্তৰ্ভূক্ত হৈ পৰে বুলি আপোনালোকক ইয়াৰ পূৰ্বেও জনাইছো।

সমাজৰ বাস্তৱ কাহিনীক লৈ নিৰ্মিত গীত "পৰিধি"- 2


গীতটিয়ে ইউটিউবত ১০ হাজাৰতকৈ অধিক (লিখি থকা পৰ্যন্ত) ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে। গীতটিৰ সৈতে প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform