Rupaliparda.com
হিন্দী সংগীত ক্ষেত্ৰত নীল আকাশৰ প্ৰথমটো খোজঃ 1

হিন্দী সংগীত ক্ষেত্ৰত নীল আকাশৰ প্ৰথমটো খোজঃ

হিন্দী সংগীত ক্ষেত্ৰখনত কন্ঠশিল্পী নীল আকাশৰ প্ৰথমটো খোজ। “Cute sa chehra” শীৰ্ষক এটি নতুন গীতৰ সৈতে ৰাইজৰ কাষ চাপিবলৈ সাজু হৈছে কন্ঠশিল্পী গৰাকী। চচিয়েল মিডিয়াত কৰা এটি পোষ্ট যোগে এই কথা জনোৱাৰ পিছতেই নীল আকাশৰ অনুৰাগীৰ মাজত ই এক উৎসাহৰ বিষয় হৈ পৰিছে। গীতটিৰ মুক্তিৰ তাৰিখ ইতিমধ্যে জনোৱা হোৱা নাই যদিও এটা কথা নিশ্চিত যে গীতটিৰ বাবে অপেক্ষাৰত জনসাধাৰণ। গীতটিত কথা গোপী সিদ্ধু আৰু সুৰ কৰিছে অঞ্জনা অংকুৰ সিঙে। ভিডিঅ’ সহ মুক্তিপাবলগীয়া গীতটিত অভিনয় কৰিছে বৈষ্ণৱী প্ৰাসৰ আৰু অংকুশে। পৰিচালনা একতা জাতৱাৰৰ। চলিত বৰ্ষৰে ২৮ ফেব্ৰুৱাৰী তাৰিখে ৫ বছৰীয়া প্ৰেমৰ সৈতে নীল আকাশ বহিছিল বিবাহত। পেচাত এগৰাকী অধিবক্তা নেনচী ফুকনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে নীল আকাশ; নেনচীৰ ঘৰ মাৰ্ঘৰিটাত। ১৯৯১ চনত জন্মগ্ৰহণ কৰা নীল আকাশে প্ৰায়ে “হুচৰি বিহু” ত নাচিছিল আৰু পিছলৈ তেওঁ কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰি বিভিন্ন পৰিচালক ও কম্পোজাৰৰ সমাদৰ লাভ কৰিছিল। বহু সংগ্ৰামৰ অন্তত নীল আকাশে ২০১৬ চনত মুক্তি দিলে তেওঁৰ প্ৰথমখন একক এলবাম “বিহুৱান”; যিয়ে ইউটিউবত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল; লগতে সেই একেটা বৰ্ষতে তেওঁ আনখন এলবাম “এনাজৰী” মুকলি কৰে। দুয়োখন এলবামৰে দ্বিতীয় সংস্কৰণো নীল আকাশে মুকলি কৰে; কোৱা বাহুল্য যে, নীল আকাশৰ গীত “অ’ শকুন্তলা” ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁৰ গীতটিয়ে ইউটিবত ক্ষন্তেকতে লাভ কৰে ১০ লাখতকৈও অধিক ভিউৱাৰচ।

হিন্দী সংগীত ক্ষেত্ৰত নীল আকাশৰ প্ৰথমটো খোজঃ 2


নীল আকাশে কেৱলমাত্ৰ নিজৰ গীতেই নহয় তেওঁক প্ৰায়ে নৱপ্ৰজন্মক সঁহায় কৰা দেখিবলৈ পোৱা যায়। নিজ প্ৰকাডচৰ ফালৰ পৰা একোজন নৱপ্ৰজন্মৰ গীত মুকলি কৰি দিয়াৰ সমান্তৰালকৈ ন-ন প্ৰতিভাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰাতো ব্যস্ত হৈ থাকে কন্ঠশিল্পী গৰাকী। চচিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ নাথাকিলেও নীল আকাশে সমাজত ঘটি থকা গুৰুত্বপূৰ্ণ প্ৰসংগ সমূহত সদায় মাত মতা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform