Rupaliparda.com

ভালে আছে ৯৮ বছৰীয়া দিলীপ কুমাৰ- উৎপল মেনা

শ্বাসকষ্ট ! যোৱা ৬ জুনত চিকিৎসালয়ত ভর্তি কৰাইছিল বর্যীয়ান অভিনেতা গৰাকীক । অক্সিজেন ছাপোর্টত ৰাখিছিল ৯৮ বছৰীয়া দিলীপ কুমাৰক। ভেন্টিলেটৰৰ প্রয়োজন হোৱা নাছিল। সোমবাৰে এই তথ্য দিছিল ‘ হিন্দুজা ‘ ৰ চিকিৎসকে। আপাতত স্থিতিশীল বলিউডৰ প্ৰথম গৰাকী তাৰকাৰ শৰীৰ । সোমবাৰে অভিনেতা গৰাকীৰ টুইটাৰত এখন ফটোও পোস্ট কৰিছে । স্বামীৰ সৈতে চিকিৎসালয়ত থকা সায়ৰা বানুৱে কৈছে — ভালে আছে । ভালে থাকিব !

” সর্বশেষ রচনাশৈলী একজন গুণী অভিনেতা দিলীপ কুমাৰ । ” — সত্যজিৎ ৰায় ” Dilip Kumar as the greatest actor of all time. ” — অমিতাভ বচ্চন

ভালে আছে ৯৮ বছৰীয়া দিলীপ কুমাৰ- উৎপল মেনা 1


বলিউডী নাম — দিলীপ কুমাৰ । জন্মৰ পিছতে নাম ৰাখিছিল মোহম্মদ ইউছুফ খান । বলিউডৰ বাটত খোজ পেলোৱাৰ সযয়তে কোৱা হৈছিল — ইউছুফ খান ! নোৱাৰিবা , এই নামেৰে বলিউডৰ নায়কৰ ট্ৰেকত দৌৰিব নোৱাৰিবা ! নাম সলাব লাগিব ! — আপত্তি কৰাৰ কাৰণ বিছাৰি নাপালে । আৰম্ভ কৰিলে বলিউড যাত্ৰা ।১৯৪৪ চনত চিত্ৰগৃহলৈ আহিল প্ৰথম খন চিনেমা । ‘ বোম্বে টকিজে ‘ৰ প্ৰযোজনা ‘জোৱাৰ ভাটা ‘ । আৰু তাৰ পিছত ? — অভিনয় কৰি গ’ল১৯৪৯ চনত ‘ আন্দাজ ‘ , ১৯৫২ চনত ‘ চালবাজ ‘ , ১৯৫৫ চনত ‘ দেবদাস ‘, ১৯৫৫ চনত ‘ আজাদ ‘, ১৯৬০ ত
‘ মুগল-ঈ -আজম ‘, ১৯৬১ ‘ গঙ্গা যমুনা ‘ আদিত ।

সকলো ঠিকেই চলি আছিল ; কিন্তু ১৯৭৬ চনত সন্যাস ল’লে দিলীপ কুমাৰে । অৱশ্যে চাৰি – পাঁচ বছৰ ! আৰু বিৰতিৰ পিছত নতুন ৰূপ ! চিত্ৰগৃহলৈ আহে — ‘ শক্তি ‘ (১৯৮২), ‘ কর্ম ‘ (১৯৮৬) আৰু ‘ সৌদাগৰ ‘ (১৯৯১)। অভিনেতা সর্বশেষ চিনেমা ‘ কিলা ‘ (১৯৯৮)।
দিলীপ কুমাৰে কোন গৰাকী নায়িকাৰ বিপৰীতে আভিনয় কৰিছে ? — অভিনেত্রী বৈজয়ন্তীমালাৰ সৈতে । সাত খন চিনেমাত । কোৱা হয় — বলিউডৰ সফল , চিৰসেউজ যুটী ।
দিলীপ কুমাৰে ভাৰতীয় অভিনেতা হিচাবে সর্বোচ্চসংখ্যক বঁটা প্ৰাপ্তিৰে গিনিজ বিশ্ব ৰেকর্ড বুকত স্থান লাভ কৰে । অভিনেতা গৰাকীয়ে ৮ বাৰ ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা বঁটা সহ ১৯ বাৰ ফিল্মফেয়াৰ মনোনয়ন পাইছিল । অভিনেতা গৰাকীয়ে ১৯৯৩ চনত ফিল্মফেয়াৰ আজীৱন বঁটাৰে সম্মানিত হয় । আৰু ২৬ জানুৱাৰি ২০১৫ ত ভাৰত সৰকাৰে অভিনেতা গৰাকীক পদ্মবিভূষণেৰে সন্মানিত কৰে ।

ভালে আছে ৯৮ বছৰীয়া দিলীপ কুমাৰ- উৎপল মেনা 2

### বছৰ / চিনেমা / ভূমিকা / বঁটা
১৯৪৪ / জোৱাৰ ভাটা / জগদীশ / ০০০
১৯৪৫ / প্রতীমা /০০০ /০০০
১৯৪৬ / মিলন / ৰমেশ / ০০০
১৯৪৭/ জুগনু / সুৰজ / ০০০
১৯৪৮ / ছহীদ / ৰাম / ০০
১৯৪৮ / নাদিয়া কে পাৰ / চটে কুমাৰ /০০০
১৯৪৮ / মেলা / মোহন /০০০
১৯৪৮ /ঘৰ কি ইজ্জত / চন্দ্ৰ / ০০০
১৯৪৮ / আনোখা প্যাৰ / অশোক/ ০০০
১৯৪৯ / শ্ববনম / মনোজ / ০০০
১৯৪৯ / আন্দাজ / দিলীপ / ০০০
১৯৫০ / জোগান / বিজয় /০০০
১৯৫০ /বাবুল / অশোক / ০০০
১৯৫০ / আৰজু / বাদল /০০০
১৯৫১ / তাৰানা / মতিলাল /০০০
১৯৫১ /হালচাল / কিশোৰ /০০০
১৯৫১ / দিদাৰ / শ্যামু / ০০০
১৯৫২ / ছাঙ্গদিল / শঙ্কৰ /০০০
১৯৫২/ দাগ / শংকৰ / বিজয়ী: ফিল্মফেয়ার শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৫২ / আন / জয় তিলক /০০০
১৯৫৩ / শিকাস্ট / ড. ৰাম সিং / ০০০
১৯৫৩ /ফুটপাথ / নশু /০০০
১৯৫৪ / অমৰ / অমৰনাথ / ০০০
১৯৫৫ / উদান খাতোলা / কাশী /০০০
১৯৫৫ / ইনছানিয়াত / মঙ্গল /০০০
১৯৫৫ /দেবদাস / দেবদাস / বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৫৫ / আজাদ / আজাদ … / বিজয়ী ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৫৭ / নয়া দৌৰ / শঙ্কৰ / বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বটা
১৯৫৭ / মুছাফিৰ / ৰাজা /০০০
১৯৫৮ / ইহুদী / প্ৰিন্স মার্কাছ / ০০০
১৯৫৮ / মধুমতি / আনান্দ আৰু দিবেন / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৫৯ / পাইগাম / ৰতন লাল / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬০ /কোহিনুৰ / যুবৰাজ ৰানা দেবেন্দ্র বাহাদুৰ / বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬০ / মুগল-ঈ -আজম / যুবৰাজ ছেলিম / ০০০
১৯৬১ / গঙ্গা যমুনা / গংগুৰাম ,গঙ্গা / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৪ / লিডাৰ / বিজয় খান্না / বিজয়ী: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৬ / দিল দিয়া দর্দ লিয়া / শঙ্কৰ ,ৰাজা ছাহেব মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৭ / ৰাম অউৰ শ্যাম / ৰাম আৰু শ্যাম (দ্বৈত ভূমিকা) / বিজয়ী : ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৮ / সংঘর্ষ / কুন্দা প্ৰসাদ /মনোনীত: ফিল্মফেয়ার শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৬৮ / আদমী / ৰাজেশ/ মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৭০ ছাজিনা মাহাতো ( বাংলা চিনেমা ) / ছাজিনা
১৯৭০ /গোপি / গোপি / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৭২ / দাস্তান / অনিল/সুনীল(দ্বৈত ভূমিকা) /০০০
১৯৭২ / আনোখা মিলন / ( অতিথি অভিনেতা ) /০০০
১৯৭২ / কৌশিশ / ( অ . অ . ) / ০০০
১৯৭৪ / ছাগিনা / ছাগিনা / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৭৪ / ফির কাব মিলোগী / তেজা সিং /০০০
১৯৭৬ / বৈৰাগ / কৈলাশ – ভোলানাথ – সঞ্জয় (ট্রিপল ভূমিকা) / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতাৰ বঁটা
১৯৮১ / ক্রান্তি / চানগা – ক্রান্তি / ০০০
১৯৮২ / বিধাতা / শচছেৰ সিং /০০০
১৯৮২ / শক্তি / অশ্চিনী কুমাৰ / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা ।
১৯৮৩ / মাজদোৰ / দিনানাথ ছাক্সিনা / ০০০
১৯৮৪ / দুনিয়া / মোহন কুমাৰ / ০০০
১৯৮৪ /মশাল / বিনোদ কুমাৰ / মনোনীত: ফিল্মফেয়াৰ শ্রেষ্ঠ অভিনেতা ।
১৯৮৬ / ধৰম অধিকাৰী / ধৰ্মা / ০০০
১৯৮৬ / কর্মা / বিশ্বনাথ প্রতাপ সিং, – ইলিয়াস ৰানা – দাদা ঠাকুৰ /০০০
১৯৮৯ / কানুন আপনা আপনা / কালেক্টার জগৎ প্রতাপ সিং / ০০০
১৯৯০ / ইজ্জতদাৰ / ব্রহ্মা দত্ত /০০০
আগ কা দৰিয়া
১৯৯১ / সৌদাগৰ / ঠাকুৰ বীৰ সিং / মনোনীত: ফিল্মফেয়াৰ / শ্রেষ্ঠ অভিনেতা ।
১৯৯৮ / কিলা /জগন্নাথ – অমৰনাথ সিং (দ্বৈত ভূমিকা)

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform