Rupaliparda.com
ভৱিষ্যতলৈ দুৱাৰ বন্ধ বন্দনা চিত্ৰগৃহঃ 1

ভৱিষ্যতলৈ দুৱাৰ বন্ধ বন্দনা চিত্ৰগৃহঃ

ক’ৰোণা আগ্ৰাসনে বাৰুকৈয়ে ঋণাত্মক প্ৰভাৱ পেলাইছে জনসাধাৰণৰ ওপৰত। ক্ৰমশঃ জনসাধাৰণক হতাশাৰ মাজলৈ ঠেলি পঠিয়াইছে এই মহামাৰীবিধে; বেয়া খবৰ সমূহে যেন লগ এৰা নাই জনসাধাৰণৰ। কিন্তু এই মাৰাত্মক সংক্ৰমণ বিধে মনোৰঞ্জন ক্ষেত্ৰখনকো ব্যতিব্যস্ত কৰি তুলিছে; য’ত ছবি সমূহৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিছে তাতেই আকৌ আনহাতে, বিগত বৰ্ষৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহৰ দুৱাৰখনো এতিয়া ভৱিষ্যতৰ বাবেই বন্ধ হৈ পৰিছে। এইবাৰ ক’ৰোণা মহামাৰীয়ে বাৰুকৈয়ে প্ৰভাৱ পেলালে গুৱাহাটীস্থিত বন্দনা চিত্ৰগৃহৰ ওপৰত; চিত্ৰগৃহটোৰ ওপৰত পৰিছে হাতুৰীৰ কোব। জনসাধাৰণৰ আৱেগৰ বন্দনা ছবিগৃহৰ ভৱিষ্যতৰ বাবে কৰা হ’ল দুৱাৰ বন্ধ। ক’ৰোণাৰ বাবে ছবিগৃহৰ স্বতাধিকাৰী বহুল হাৰত লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ফলতেই আচলতে লোৱা হ’ল এনে সিদ্ধান্ত। এসময়ৰ বহু জনপ্ৰিয় অসমীয়া, হিন্দী আৰু ইংৰাজী চিনেমা প্ৰদৰ্শনৰ সাক্ষী হোৱাৰ লগতে হয়টো বহু প্ৰেমাস্পদৰ প্ৰেমৰো সাক্ষী হৈ ৰৈছিল ছবিগৃহটো। উল্লেখ্য যে, বিগত বৰ্ষত ৰাজ্য চৰকাৰে চলচিত্ৰ উদ্যোগক কিছু সকাহ প্ৰদানৰ অৰ্থে সাহায্য প্ৰদান কৰিছিল আৰু তাৰ ফলস্বৰূপে বিগত ১৬ চেপ্তেম্বৰ তাৰিখেই ভিন্ন চিনেমাগৃহৰ কৰ্তৃপক্ষৰ হাতত চেক প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰৰ এই আঁচনিত গুৱাহাটীৰ কেলভিন চিনেমাৰ দৰে “বি-গ্ৰেড” ছবি প্ৰদৰ্শনৰ বাবেও কথাছবিগৃহৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে দিবলগীয়া ৭৫ লাখ টকাৰ ৩০ লাখ টকা ইতিমধ্যে বিগত বৰ্ষৰ ১৬ চেপ্তেম্বৰত প্ৰদান কৰিছে।


কিন্তু তথাপিও এই আঁচনিত সাঙুৰ নাখালে একাংশ ঐতিহ্যমণ্ডিত ছবিগৃহৰ নাম। বিগত দিনৰ পৰা আবেদন-নিবেদন জনাইও এই আঁচনিত স্থান নাপালে চহৰৰ একাংশ ছবিগৃহই। নগাঁৱৰ অদ্বিতি, কৃষ্ণা চিনেমা হ’লকে আৰম্ভ কৰি জয়শ্ৰী চিনেমা হ’ল আৰু যোৰহাটৰ কেইবাটাও ছবিগৃহক যেন চকু মেলি নাচালে ৰাজ্য চৰকাৰে।বিগত বৰ্ষৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহৰ অধিকাংশই বৰ্তমান একোটা গুদামত পৰিণত হৈছে। আৰু, তাৰ বাবেই বৰ্তমান অধিকাংশ ছবিগৃহ বন্ধ হোৱাৰ পথত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform