Rupaliparda.com
"মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল"- শ্ৰুতিমান দেউৰী 1

“মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল”- শ্ৰুতিমান দেউৰী

অসমবাসীয়ে প্ৰতিটো সময়ত একোজন এনে প্ৰতিভাক উপভোগ কৰে; যিয়ে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হোৱাৰ লগতে দৰ্শকে এই প্ৰতিভা সমূহ শ্বেয়াৰ কৰাটোও গ্ৰহণযোগ্য হৈ পৰে। আমি হয়টো এতিয়ালৈ এনে বহু প্ৰকল্পক উপভোগেই কৰা নাই যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰো। মুঠতে, সেয়াই। আমাৰ এই ৰাজ্যখন বহুল হাৰত প্ৰতিভাৰে পৰিপূৰ্ণ। ছবিয়েই হওঁক, সংগীত অথবা নৃত্য তথা অভিনয় ইত্যাদি যিয়েই নহওঁক কিয়; চোকে-কোণে আপুনি এনে একোজন নৱপ্ৰজন্মক দেখিবলৈ পাব যিয়ে হয়টো পঢ়াৰ সমান্তৰালকৈ নিজ ইচ্ছাৰ তথা আগ্ৰহৰ বিষয়টোকো আগবঢ়াই লৈ গৈছে। ৰূপালীপৰ্দা পেজখনত যদি আপোনালোকে এবাৰ চকু ফুৰায়; তাতেই আচলতে আপোনালোকে দেখিবলৈ পাব প্ৰতিভা সমূহক। কেৱলমাত্ৰ একঘেয়ামী ধাৰণাৰে কন্ঠদান কৰি যোৱা অথবা কোনো এক বস্তু সৃষ্টিত নহয়; এই প্ৰতিভাসকল বিশ্বাসী নতুনত্বৰ প্ৰকাশত। প্ৰায় প্ৰত্যেকগৰাকী প্ৰতিভাক ইতিমধ্যে আগন্তুক পৰিকল্পনাৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁলোকে জনসাধাৰণৰ মাজত নতুনত্ব সৃষ্টি কৰাৰ ওপৰতেই বিশ্বাসী বুলি উত্তৰত দিয়ে। আমি শেহতীয়াকৈ কথা পাতিছিলো মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত এনে এগৰাকী প্ৰতিভা শ্ৰুতিমান দেউৰীৰ সৈতে; তেওঁক আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “প্ৰায় মই ৫ বছৰ মান আগৰ পৰাহে ছবি নিৰ্মাণৰ সৈতে জড়িত হৈ আছো; সঁচা কথা ক’বলৈ গ’লে মোৰ পৰিয়ালটো সংগীত ক্ষেত্ৰখনক লৈহে ব্যস্ত আছিল। মোৰ দাদা (ধৃতিমান দেউৰী) ই সৰুৰ পৰাই সংগীত শিকিছিল আৰু মা-দেউতাইও এই বিষয়টোত সঁহাৰি জনাইছিল। মই ট্ৰামপেড আৰু গীতাৰ বজোৱাৰ লগতে বহুখিনি অইন সংগীতশিল্পীৰ সৈতে মঞ্চত পৰিৱেশনো কৰিছো। গতিকে, তেনেকৈয়ে এই মনোৰঞ্জন ক্ষেত্ৰখনত আগবাঢ়িলো আৰু এই চিনেমা দিশটোৰ সৈতে জড়িত হোৱা কথাটো যদিও হঠাৎ আছিল তথাপিও এইক্ষেত্ৰখনক লৈ মই বৰ্তমান ব্যস্ত; নিজক আগতকৈ অধিক উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।

"মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল"- শ্ৰুতিমান দেউৰী 2


যিহেতু শেহতীয়াকৈ শ্ৰুতিমান দেউৰীয়ে এগৰাকী দৃশ্যগ্ৰহণকাৰী ৰূপেও কৰ্ম সম্পাদন কৰিছে; গতিকে তেনেক্ষেত্ৰত তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছিল যে, পৰিচালকৰ বিষয়বস্তু এটাক ৰাইজৰ সমুখলৈ পুংখানুপুংখভাৱে উপস্থাপন কৰাটো কিমান প্ৰত্যাহ্বানমূলক বুলি ভাবে? তেতিয়া তেওঁ কয় যে, “এখন ছবি নিৰ্মাণত তিনিটা পৰ্যায় আছে; প্ৰি-প্ৰডাকচন, ফটোগ্ৰাফী আৰু পোষ্ট প্ৰডাকচন। গতিকে, ছবি নিৰ্মাণৰ প্ৰথম পৰ্যায়টোতেই যদি পৰিচালকৰ সৈতে প্ৰত্যেকেই বিষদভাৱে আলোচনা সমূহ কৰি লয় তেতিয়াহ’লে পিছলৈ কাম কৰি যোৱাটো সহজ হৈ পৰে। অকণমান সময় লৈ যদি প্ৰি-প্ৰডাকচনতেই পৰ্যালোচনা কৰা হয় তেন্তে কেৱল দৃশ্যগ্ৰহণকাৰীৰ বাবেই নহয় ছবিখনৰ সৈতে জড়িত প্ৰত্যেকৰে বাবে কাম সহজ হৈ পৰে। আচলতে, এই প্ৰি-প্ৰডাকচন পৰ্যায়টো মোৰ বাবে আমোদদায়ক কাৰণ তাত এগৰাকী পৰিচালকে কি বিচাৰে অথবা কি উপস্থাপন কৰিব বিচাৰিছে আটাইবোৰ বুজি পাব পাৰি। অৱশ্যে ভিন্ন জন পৰিচালকৰ সৈতে কাম কৰাৰ ষ্টাইল বেলেগ বেলেগ কৰিব লগা হয়; একাংশ পৰিচালকে “ষ্টৰীব’ৰ্ড” অথবা শ্ব’ট সমূহ নিজে পৰ্যালোচনা কৰি চায়। কিন্তু, একাংশ এনেও পৰিচালক আছে যিয়ে দৃশ্যগ্ৰহণকাৰীৰ ওপৰত সমষ্ট দায়িত্বভাৰ অৰ্পণ কৰে। তথাপিও, আপোনাৰ প্ৰশ্নৰ উত্তৰত মই এটাই কথা ক’ম যে এগৰাকী পৰিচালকৰ বিষয়বস্তু উপস্থাপন দৃশ্যগ্ৰহণকাৰীৰ বাবে কেতিয়াও টান নহয় যদিহে প্ৰথম পৰ্যায়তে পৰিচালক গৰাকীয়ে কি বিচাৰিছে তাৰ বিষয়ে আলোচনা কৰি লয়।” শ্ৰুতিমান দেউৰীৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “শেহতীয়াকৈ মই এখন সাংগীতিক তথ্যচিত্ৰ “The Lyricak Rongdanis” ৰ সৈতে জড়িত হৈছিলো। মেঘালয়ৰ মানিকগঞ্জস্থিত সংগীতশিল্পী ৰংগদানী ৰাভাৰ সাংগীতিক যাত্ৰাৰ লগতে ৰাভা সম্প্ৰদায়ৰ লুপ্তপ্ৰায় একাংশ বাদ্যযন্ত্ৰ তথা সম্প্ৰদায়টোৰ বিষয়ত দেখুওৱা হৈছিল উক্ত তথ্যচিত্ৰখনত। ইয়াৰ পৰিচালনাৰ দায়িত্বত আছিল আকাশ বসুমতাৰী আৰু ধৃতিমান দেউৰী; লগতে কেমেৰাত মোৰ সৈতে আছিল আকাশ আৰু শ্যামল নাথ। আনহাতে চাউণ্ডত আছিল সীমান্ত চৌধুৰী তথা ধৃতিমান। সম্পাদনা শ্যামল নাথৰ।”

"মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল"- শ্ৰুতিমান দেউৰী 3
"মোৰ এই চুটি ছবিখনে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল"- শ্ৰুতিমান দেউৰী 4


আগলৈ তেওঁ কয় যে, “ইয়াৰ লগতে মই PSBT ৰ বাবে ১০ মিনিট দৈৰ্ঘ্যৰ এখন চুটি ছবি নিৰ্মাণ কৰিছিলো। PSBT Film Making Challenge নামে এক প্ৰতিযোগিতাত মোৰ এই চুটি ছবিখনে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। “গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট” ভিতৰত বসবাস কৰা পৰিয়াল সমূহ তথা ক’ৰোণা মহামাৰীৰ ফলত তেওঁলোকে সন্মুখীন হোৱা সংঘৰ্ষক লৈয়ে নিৰ্মাণ কৰা হৈছিল এই চুটি ছবিখন। আনহাতে, PSBT ৰ তৰফৰ পৰা লাভ কৰা পুঁজিৰ পৰাই মই এখন তথ্য চিত্ৰ নিৰ্মাণত ব্যস্ত হৈ আছো; এইবাৰো এইখন “গড়ভঙা” ক লৈয়ে নিৰ্মিত। ৩০ মিনিট দৈৰ্ঘ্যৰ ভিতৰত হয়টো তথ্যচিত্ৰ নিৰ্মাণ হ’ব।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform