Rupaliparda.com
প্ৰেমসনা বৰষুণক লৈ অঞ্জু পাঞ্চিৰ "বাৰিষাৰে বাতৰি"- 1

প্ৰেমসনা বৰষুণক লৈ অঞ্জু পাঞ্চিৰ “বাৰিষাৰে বাতৰি”-

“বৰষুণ” জাক সকলোৰে প্ৰিয়; এজাক হৃদয়সিক্ত, প্ৰেমসনা বৰষুণৰ অপেক্ষাত ৰৈ যায় একাংশ সাধাৰণ জন। এজাক “বৰষুণ” ক ধোঁৱাই নিবলৈ আহ্বান জনায় একাংশই তেওঁলোকৰ দুখ, কষ্ট তথা সংগ্ৰাম। মুঠতে, “বৰষুণ” জাক যে কোনো লোকৰ বাবে অপ্ৰিয় সেই কথা কোনোৱে নকয়। কোনোৱে হয়টো আৱেগসনা প্ৰথমজাক বৰষুণতেই লাভ কৰিছিল নিজ প্ৰেমাস্পদক আৰু আনহাতে কোনোৱে হয়টো হেৰাইছিল নিজ প্ৰিয়জনক। আচলতে, বৰষুণজাকে কঁঢ়িয়াই লৈ ফুৰে নিজৰ মাজতেই বিভিন্ন কাহিনী। এনে বৰষুণ জাকক লৈ ৰচনা কৰা হৈছে আন এটি গীত।এনে “বৰষুণ” ক লৈ হোৱা সৃষ্টিৰ প্ৰতি আকৰ্ষিতও হৈ পৰে আচলতে সকলো; প্ৰত্যেকৰে এই “বৰষুণজাক” ৰ সৈতে কোনো নহয় কোনো ধৰণৰ স্মৃতি জড়িত হৈয়ে থাকে। সঁচাকৈ “বৰষুণ” জাক যেন প্ৰতিটো কাহিনীৰ বাবেই আলহী; ই কিছু স্মৃতি সিঁচি আকৌ এবাৰ উভতি গুচি যায়। শেহতীয়াকৈ, “বাৰিষাৰে বাতৰি” শীৰ্ষক এটি সুন্দৰ গীতে মুক্তি লাভ কৰিছিল; এটি সুন্দৰ কণ্ঠই প্ৰায়ে আপ্লুত কৰে জনসাধাৰণক। এনেধৰণৰে এটা সুৱলা কণ্ঠৰেই গৰাকী অঞ্জু পাঞ্চিৰ কণ্ঠৰে মুক্তি লাভ কৰিছিল গীত “বাৰিষাৰে বাতৰি”। “আছুতীয়া কৈ থলোঁ” শীৰ্ষক গীতটিৰে জনপ্ৰিয়তাক সামৰি লোৱা এইগৰাকী কণ্ঠশিল্পীয়ে প্ৰথমটো গীতৰ পিছতেই তেওঁ লাভ কৰিছিল অনুৰাগীৰ দীঘলীয়া শাৰী।


“বাৰিষাৰে বাতৰি” শীৰ্ষক গীতটিত কথা অন্বেষা পাঁচনিৰ লগতে গীতটিত সুৰ কৰিছে নিখিল জ্যোতি শৰ্মাই।শেহতীয়াকৈ নৱপ্ৰজন্মৰ যিসমূহ প্ৰতিভা আমাৰ সমুখলৈ আহিছে তেওঁলোক আটাইৰে ভিতৰত অন্যতম এগৰাকী হৈছে নিখিল জ্যোতি শৰ্মা; তেওঁৰ গীতসমূহক অৱশ্যে আঁকোৱালিও লৈছে বহুসংখ্যক জনসাধাৰণে। গীতটিত সংগীতৰ দায়িত্বত আছে নৱপ্ৰজন্মৰ আনগৰাকী প্ৰতিভা তাৱৰিড; ইতিমধ্যে এইগৰাকী প্ৰতিভাৰ প্ৰকল্পসমূহেও জনসাধাৰণৰ সমাদৰ লাভ কৰি আহিছে। শব্দ-সংমিশ্ৰণ কৰিছে মুক্তি মূহুৰ্ত হাজৰিকাই লগতে গীতটি বাণীবদ্ধ কৰিছে উৎপল বৰাই। সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী অঞ্জু পাঞ্চিৰ পিতৃ-মাতৃও সংগীতৰ সৈতে জড়িত হৈ আছিল আৰু তাৰ বাবেই সংগীত ক্ষেত্ৰখনত অঞ্জু পাঞ্চিয়ে নিজৰ ভৱিষ্যৎ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিছিল। উল্লেখ্য যে, ৰাকেশ ৰিয়ানৰ সৈতে ৰোমাণ্টিক গীত “আছুতীয়াকৈ থ’লো” ৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা অঞ্জু পাঞ্চিৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে অপেক্ষাৰত অনুৰাগী। এইখিনিতে এটা কথা আপোনালোকক জনাই থওঁ যে, অঞ্জু পাঞ্চিৰ সদ্যমুক্তিপ্ৰাপ্ত “বাৰিষাৰে বাতৰি” শীৰ্ষক গীতটিত ধনাত্মক কমেণ্টৰ পয়োভৰো মনকৰিবলগীয়া। সাৱলীল কথাৰে হৃদয়স্পৰ্শী কণ্ঠৰ এই গীতটিক আঁকোৱালি লৈছে শ্ৰোতা-দৰ্শকে।

প্ৰেমসনা বৰষুণক লৈ অঞ্জু পাঞ্চিৰ "বাৰিষাৰে বাতৰি"- 2

অঞ্জু পাঞ্চিৰ আহিবলগীয়া প্ৰতিটো পৰিকল্পনা তথা প্ৰতিটো প্ৰকল্পক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform