Rupaliparda.com
বৰুণ ধাৱনৰ সৈতে বাহাৰুল ইছলাম , ' স্ত্ৰী 'ৰ পৰিচালকৰ চিনেমাত- উৎপল মেনা 1

বৰুণ ধাৱনৰ সৈতে বাহাৰুল ইছলাম , ‘ স্ত্ৰী ‘ৰ পৰিচালকৰ চিনেমাত- উৎপল মেনা

চিনেমা খনৰ গল্গই আমাক ছুই গৈছিল ।চাৰিটা দিনৰ গল্প । ভৌতিক হাস্য ৰসৰ । অমৰ কৌশিকৰ পৰিচালনা । চিনেমা লেখক , প্ৰযোজক অমৰৰ প্ৰথম স্বাধীন পৰিচালনা ‘ আবা ‘ (২০১৭ ) । পৰিচালনা শৈলীত নতুন চিনেচিন্তা স্পষ্ট । দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত চৰ্চাৰ বিষয় হৈছিল । বঁটাৰে সন্মানিত হৈছিল । কিন্তু ‘বলিউড বজাৰ ‘ত অসফল । বজাৰ সফলতাৰে লাইমলাইতলৈ আহিছিল তৃতীয় পৰিচালনা ‘ স্ত্ৰী ‘ৰে ( ৩১ আগষ্ট , ২০১৮ ) । — হয় , আমাক ছুই যোৱা চিনেমা খন । ১২৯ মিনিট দৈৰ্ঘৰ চিনেমা খনৰ বাজেট : ২০ কোটি টকা । আৰু বক্স অ’ফিচ কালেকচন ১৮০.৭৮ কোটি টকা । ৭ নৱেম্বৰ , ২০১৯ ত চিত্ৰগৃহলৈ অহা ১৩৩ মিনিট দৈৰ্ঘৰ ‘ বালা ‘ ও সফল হৈছিল । অমৰে এই চিনেমা খনত খৰচ কৰিছিল ২৫ কোটি টকা । বক্স অ’ফিচ কালেকচন ১৭১ কোটি টকা । এই সফলতাৰ পিছত অমৰে হাতত লৈছে ‘ ভেদিয়া ‘ । ভৌতিক , হাস্য ৰসৰ । ১৪ এপ্ৰিল , ২০২২ ত চিত্ৰগৃহলৈ আহিব । মাৰ্চ ,২০২১ ত ফ্ল’ৰলৈ অহা চিনেমা খনৰ প্ৰসঙ্গত অমৰ কৌশিকে কয় — ” দৰ্শকক মনত ৰাখি ৰচনা কৰা চিনেমা নহয় , মোৰ চিন্তাৰে কৰা ; কিন্তু মোৰ বিশ্বাস , দৰ্শকে ভাল পাব ! “
|| অভিনয়ত বাহাৰুল ইছলাম ||

অমৰ কৌশিকে ‘ ভেদিয়া ‘ৰ মুখ্য চৰিত্ৰ দুটা ৰচনা কৰিছে বৰুণ ধাৱন আৰু কৃতি ছাননক লৈ ।অভিষেক বন্দ্যোপাধ্যায় , দীপক ডবৰিয়াল আৰু বাহাৰুল ইছলামক লৈ ৰচনা কৰিছে আন তিনিটা চৰিত্ৰ । কথা প্ৰসঙ্গত বাহাৰুল ইছলামে কৈছিল , ” গুৰুত্ব থকা চৰিত্ৰ । বৰুণ ধাৱনৰ সৈতে প্ৰথমবাৰ কাম কৰিছো । মোৰ ধাৰণাত চিনেমা খন দৰ্শকে ভাল পাব ! ( হাঁহি ) মোৰ চৰিত্ৰটোও বেয়া নাপাব ! ” — বাহাৰুল দাই আমাৰ প্ৰশ্নৰ ‘ উত্তৰ ‘ত আৰু কৈছিল , ” .অমৰ কৌশিকৰ চিনেমা খনৰ লগতে মুম্বাইত amazn prime ৰ এটা ৱেব ছিৰিজ GUILTY MINDS ত অভিনয় কৰোঁ। আৰু নতুন খবৰ আছে , সময়ত জনাম । “

বৰুণ ধাৱনৰ সৈতে বাহাৰুল ইছলাম , ' স্ত্ৰী 'ৰ পৰিচালকৰ চিনেমাত- উৎপল মেনা 2
বৰুণ ধাৱনৰ সৈতে বাহাৰুল ইছলাম , ' স্ত্ৰী 'ৰ পৰিচালকৰ চিনেমাত- উৎপল মেনা 3

|| বাহাৰুল ইছলামে কৰ’ণা কালত আৰু কি কৰিলে ||

১. এণ্টন চেকভৰ এটি গল্পৰ নাট্যৰূপ দিলোঁ A BORING STORY. প্ৰথমবাৰৰ বাবে মই হিন্দীত লিখিছোঁ । নাটকখনৰ আখৰাও কৰা হৈছিল যদিও show নহল বিভিন্ন কাৰণত।ভাল দিন আহিলেই show কৰিম।
২. Jean paul Sartre ৰ এটি গল্পৰ নাট্যৰূপ দিছোঁ UNCHAI নামেৰে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত মুঠ ৫ টা SHOW কৰিলোঁ ছিগাল আৰু ৰবীন্দ্ৰ ভৱনত।
৩. ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ গল্পৰ নাট্যৰূপ “আকাশ” ৰ ৮২ সংখ্যক দৰ্শনী প্ৰদৰ্শন কৰোঁ ৰবীন্দ্ৰ ভৱনত জ্যোতিৰূপা নাট মহোৎসৱত।
৪ .নিজৰ চিনেমা THE SEVENTH STRING সম্পূৰ্ণ কৰোঁ । চিনেমা খনে ইতিমধ্যে আন্তৰ্জাতিক ফিল্ম ফেষ্টিভলত দুটাকৈ পুৰস্কাৰ পাইছে।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform