Rupaliparda.com
"আহিবলগীয়া সময়তো বৰ্তমানৰ দৰেই কামবোৰ অব্যাহত ৰাখিম"- তেজস্মান তালুকদাৰ 1

“আহিবলগীয়া সময়তো বৰ্তমানৰ দৰেই কামবোৰ অব্যাহত ৰাখিম”- তেজস্মান তালুকদাৰ

বৰ্তমান পৰিপ্ৰেক্ষিতত, চচিয়েল মিডিয়াই বহুল প্ৰভাৱ সাব্যস্ত কৰিছে; অৱশ্যে এই কথাটোক লৈ আমি প্ৰত্যেকেই অৱগত। চচিয়েল মিডিয়াক নিজ প্ৰতিভা বিকাশৰ মাধ্যমৰূপে গ্ৰহণ কৰি তেওঁলোকে নিজৰ সৃষ্টি সমূহক ৰাইজৰ মাজলৈ উলিয়াই লৈ গৈ থাকে। জ্যেষ্ঠজনে কৈছিলেই নহয় যে কোনো এটা বস্তুৰ ভাল-বেয়া দুটা অংশ থাকে; গতিকে তাৰ পৰা ভালখিনি আজুৰি জীৱনটো চলাই নিয়াই হৈছে গুৰুত্বপূৰ্ণ কথা। ফেচবুক, ইউটিউব অথবা ইনষ্টাগ্ৰামো হৈছে তেনে এক কথাও; এই মাধ্যমসমূহক য’ত একাংশই ঋণাত্মক ধৰণে ব্যৱহাৰ কৰিছে তাতেই আকৌ আন একাংশই ধনাত্মক ভাৱে গ্ৰহণ কৰিছে মাধ্যমসমূহক। চচিয়েল মিডিয়াক এনেদৰে ধনাত্মক ভাৱে ব্যৱহাৰ কৰা এনে এগৰাকী প্ৰতিভা হৈছে তেজস্মান তালুকদাৰ। তেওঁৰ বিষয়ে আপোনালোকক কিবা এটা কোৱাৰ পূৰ্বে কেৱল মাত্ৰ এবাৰ আপুনি তেওঁৰ ইউটিউব একাউণ্টলৈ যাওঁক; তাত তেওঁৰ একাংশ নৃত্যৰ ভিডিঅ’ উপলদ্ধ আছে। আপুনি হয়টো তেওঁৰ এই ভিডিঅ’সমূহ উপভোগ কৰি ইমানেই আপ্লুত হ’ব যে তেওঁৰ অনুৰাগী হ’বলৈ বাধ্য হৈ পৰিব। সংগীতশিল্পী তথা অভিনেতা-অভিনেত্ৰীৰ সমান্তৰালকৈ যেতিয়া একোজন নৃত্যশিল্পীয়েও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ফেৰ মৰা দেখো; তেতিয়া অসমীয়া ৰূপে আমি প্ৰত্যেকেই উৎসাহিত হওঁ লগতে গৌৰম্বিতও হৈ পৰো। আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আমি কথা পাতিবলৈ বিচৰা তেজস্মান তালুকদাৰে হিন্দী, অসমীয়াকে ধৰি ইংৰাজীৰ প্ৰায় প্ৰতিটো জনপ্ৰিয় গীততেই নৃত্য কৰি নিজ প্ৰতিভা দাঙি ধৰিছে দৰ্শক সমাজৰ মাজত। শেহতীয়াকৈ তেওঁৰ সৈতে হোৱা কথা-বতৰা যোগে কি ক’লে চাওঁচোন আহকঃ

প্ৰশ্নঃ তুমি মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

তেজস্মান তালুকদাৰঃ সৰুৰে পৰা নৃত্য তথা অভিনয়ৰ প্ৰতি বহুলভাৱে আকৰ্ষিত আছিলো; আৰু নিজৰ ফালৰ পৰা কৰা কিছু কিছু চেষ্টা ৰাইজৰ মাজলৈও লৈ অনাৰ ইচ্ছা কৰিছিলো গতিকে তেনে পৰিপ্ৰেক্ষিততে বিগত ২০১৫ চনত নিজাববীয়াকৈ এটা ইউটিউব চেনেল খুলি লৈছিলো। ডেন্স কভাৰ বোৰেই হওঁক অথবা চৰ্ট ফিল্মবোৰেই হওঁক তাত ক্ৰমান্বয়ে আপলোড কৰিবলৈ আৰম্ভ কৰিলো; ৰাইজে কম-বেছি পৰিমাণে সঁহাৰি জনাবলৈও ধৰিলে ফলত আগ্ৰহ আৰু উৎসাহটো বৃদ্ধি হৈ যাবলৈ ধৰিলে। তেতিয়াৰে পৰা এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৰু-ডাঙৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত।

"আহিবলগীয়া সময়তো বৰ্তমানৰ দৰেই কামবোৰ অব্যাহত ৰাখিম"- তেজস্মান তালুকদাৰ 2

প্ৰশ্নঃ এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা জনসাধাৰণক কেনেদৰে আকৰ্ষণ কৰাৰ চেষ্টা কৰিবা?

তেজস্মান তালুকদাৰঃ মোৰ বোধেৰে পৰিৱৰ্তন হৈছে নতুনত্বৰ মূল। আৰু, মই নতুনত্বৰ সৃষ্টিত বিশ্বাস কৰোঁ। মোৰ প্ৰকল্পবোৰেৰে প্ৰায় মই নতুন কিবা এটা ৰাইজক দিবলৈ প্ৰয়াস কৰোঁ; যাতে সেই নতুনত্বৰ দ্বাৰা তেওঁলোকে আমোদ লাভ কৰিব পাৰে। আজিৰ পৰিস্থিতিটোৰ প্ৰতি যদি লক্ষ্য কৰোঁ আমি দেখিম যে কেওঁদিশে কেৱল মাত্ৰ হতাশা আৰু বিভীষিকা। গতিকে, তেনেক্ষেত্ৰত অকণমান ধনাত্মক বাৰ্তাযুক্ত মনোৰঞ্জন ৰাইজৰ বাবে জৰুৰী। মোৰ চেষ্টা সেয়াই; এগৰাকী নৱপ্ৰজন্ম ৰূপে মই বৰ্তমানলৈ কৰি অহা কামবোৰৰ তুলনাত আগন্তুক সময়ত কৰিব খোজা কামবোৰ মনোগ্ৰাহী কৰিব খোজো, যাতে ৰাইজ আকৰ্ষিত হ’ব পাৰে।

"আহিবলগীয়া সময়তো বৰ্তমানৰ দৰেই কামবোৰ অব্যাহত ৰাখিম"- তেজস্মান তালুকদাৰ 3

প্ৰশ্নঃ এগৰাকী “শিল্পী” মানে তুমি কি বুজা?

তেজস্মান তালুকদাৰঃ ই এটা খুবেই “টান” প্ৰশ্ন। ইয়াৰ সংজ্ঞাটোও আচলতে বৰ বিশাল; যাৰ কৰ্মৰাজি শিল্পৰ পৰ্যায়লৈ উন্নিত হৈ পৰে মোৰ দৃষ্টিত তেওঁয়েই শিল্পী। এগৰাকী শিল্পী হৈছে এনে এজন ব্যক্তি যিয়ে বিনা স্বাৰ্থত নিজ প্ৰতিভাক ৰাইজৰ ওচৰত প্ৰদৰ্শন কৰাৰ ক্ষমতা ৰাখে। যিজন ব্যক্তিয়ে নিজ কলা বা প্ৰতিভাক ভাল পাই নিজ কৰ্ম অব্যাহত ৰাখিছে তেওঁয়ে মোৰ মতেৰে এগৰাকী প্ৰকৃত শিল্পী; যিয়ে কেতিয়াও নিজৰ “নাম” হোৱাটো নিবিচাৰে আৰু নিৰৱিচ্চিন্ন নিজ ক্ৰিয়া সম্পাদন কৰি যায়।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

"আহিবলগীয়া সময়তো বৰ্তমানৰ দৰেই কামবোৰ অব্যাহত ৰাখিম"- তেজস্মান তালুকদাৰ 4

তেজস্মান তালুকদাৰঃ আহিবলগীয়া সময়তো বৰ্তমানৰ দৰেই কামবোৰ অব্যাহত ৰাখিম। লগতে, এগৰাকী ছবি নিৰ্মাতা আৰু কৰিঅ’গ্ৰাফাৰ হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰো।

ৰূপালীপৰ্দাঃ ধন্যবাদ তেজস্মান তালুকদাৰ; এগৰাকী সফল নৃত্যশিল্পী হোৱাৰ আশাৰে তোমালৈ যাঁচিছো শুভকামনা।

তেজস্মান তালুকদাৰঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform