Rupaliparda.com
বায়ন পিতৃৰ বাবে সংগীতত আগ্ৰহী য়ান বৰুৱাৰ ন-গীত "তুমি ক'ত"- 1

বায়ন পিতৃৰ বাবে সংগীতত আগ্ৰহী য়ান বৰুৱাৰ ন-গীত “তুমি ক’ত”-

দেশৰ প্ৰত্যেকটো বস্তু এটা সময়ত গৈ স্তব্ধ হ’লেও এই মনোৰঞ্জন ক্ষেত্ৰখন কোনো কালেই স্তব্ধ নহয়; সেইবাবেই হয়টো এই বিভীষিকাময় সময়তো মনোৰঞ্জন ক্ষেত্ৰখনত ইটোৰ পিছত সিটো প্ৰকল্প মুক্তি লাভ কৰি গৈ আছে। জনসাধাৰণক অকণমান আমোদ প্ৰদানৰ অৰ্থে আজিৰ প্ৰতিভা সকলে তেওঁলোকৰ প্ৰকল্প সমূহক বৰ্তমান সময়ত বাহিৰ উলিয়াই দিয়া দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ এনে পৰিস্থিতিৰ মাজত নৱপ্ৰজন্মৰ প্ৰতিভা য়ান বৰুৱাইও মুকলি কৰিছে তেওঁৰ আন এটি নতুন গীত “তুমি ক’ত”। সপোন সাৰ্থক কৰিবলৈ হ’লে পৰিয়ালৰ সদস্যৰ সঁহাৰি অথবা তেওঁলোকৰ পৰা উৎসাহ লাভ কৰাটো জৰুৰী হৈ পৰে। প্ৰায়ে আমি আমাৰ পিতৃ-মাতৃক দেখি কোনো এটা বস্তুৰ প্ৰতি নিজক ধাৱমান কৰো। অসমীয়া সংগীত ক্ষেত্ৰখন তেনেই চহকী; বিভিন্ন থলুৱা গীত, আধুনিককে আৰম্ভ কৰি কেইবাটাও অইন অইন ক্ষেত্ৰৰ গীত সমূহক ইয়াত সন্নিৱিষ্ট কৰাৰ উপৰিও ইয়াক আগন্তুক পৰ্যায়লৈ লৈ গৈছে আজিৰ নৱপ্ৰজন্মই। সত্ৰীয়া সংস্কৃতিৰ সাধকৰ লগতে তিনিখনকৈ সত্ৰৰ বায়ন পিতৃৰ চত্ৰছায়াত থাকি সংগীত ক্ষেত্ৰখনৰ প্ৰতি নিজকে আগ্ৰহী কৰি ৰখা য়ান বৰুৱাৰ ইতিমধ্যে মুক্তিপ্ৰাপ্ত প্ৰত্যেকটো প্ৰকল্পই লাভ কৰিছে জনসাধাৰণৰ সমাদৰ। ২০১২ চনৰ পৰাই সংগীত ক্ষেত্ৰখনত পেছাগতভাৱে সাঙুৰ খোৱা য়ান বৰুৱাৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “তুমি ক’ত” য়ে অনুৰাগীৰ দ্বাৰা প্ৰশংসিত হৈছে।


সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিত কথা নয়ন শইকীয়াৰ লগতে ইয়াত সুৰ ৰোহন দাসৰ। গীতটিত সংগীত কৰিছে য়ান বৰুৱাৰ লগতে ৰোহন দাসে। গীতাৰ বজাইছে ৰণ শইকীয়াই আৰু শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। ভিডিঅ’সহ গীতটিক মুক্তি দিয়া হৈছিল Dhwani Records ত। ভিডিঅ’টোৰ পৰিচালনা ৰোহন দাসৰ; ইয়াত অভিনয় কৰিছে ত্ৰিশানু ভূঞা আৰু শ্যামলি মহন্তই। ভিডিঅ’ সম্পাদনা য়ান বৰুৱাৰ নিজৰেই; পাশ্চাত্য সংগীতৰ সমান্তৰালকৈ ক্লাচিকেল গীতৰ প্ৰতি আকৰ্ষিত য়ান বৰুৱাৰ থলুৱা লোকবাদ্যৰ লগতে গুৰু দুজনাৰ সৃষ্টিক লৈও কাম কৰাৰ ইচ্ছা। শেহতীয়াকৈ ঠন ধৰি উঠা এই সংগীত ক্ষেত্ৰখনত ইটোৰ পিছত সিটোকৈ নতুন গীতৰ মুক্তি আমি দেখিবলৈ পাইছো। নতুন প্ৰজন্মৰ প্ৰতিভা সমূহে শেহতীয়াকৈ নিজ নিজ সৃষ্টিৰ দ্বাৰা প্ৰত্যেককে আপ্লুত কৰি ৰখাত সক্ষম হৈছে। নিজ নিজ ৰৈ যোৱা প্ৰকল্পসমূহক লগত লৈ স্তব্ধতাই বিৰাজ কৰিলেও ইটোৰ পিছত সিটোকৈ আহিছে ভাল খবৰ। আহিবলগীয়া গীতসমূহৰ সৈতে যদিহে এক চিনাকী প্ৰিয় কন্ঠ জড়িত হয় থাকে তেতিয়াহ’লে তাতকৈ অধিক ভাললগা কথা অইন কি হ’ব পাৰে!

বায়ন পিতৃৰ বাবে সংগীতত আগ্ৰহী য়ান বৰুৱাৰ ন-গীত "তুমি ক'ত"- 2

য়ান বৰুৱাৰ আগন্তুক প্ৰকল্প সমূহক লৈ বৰ্তমান অপেক্ষাৰত অনুৰাগী। গতিকে, তেওঁক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰাও জনাছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform