Rupaliparda.com
নীলপৱন বৰুৱাৰ সুস্থতা দেখি সুখী অসমবাসীঃ 1

নীলপৱন বৰুৱাৰ সুস্থতা দেখি সুখী অসমবাসীঃ

ৰাজ্যবাসীলৈ সুখবৰ; ক’ভিডমুক্ত হ’ল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা। বিগত ৭ দিন ধৰি অসুস্থ হৈ থকা চিত্ৰশিল্পী গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পাতালত। জানিব পৰা মতে, বৰ্তমান কোনোধৰণৰ স্বাস্থ্যজনিত কোনো সমস্যা নাই যদিও আগন্তুক দুটা মাহৰ বাবে চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগিব নীলপৱন বৰুৱা। অৱশ্যে, নীলপৱন বৰুৱা চিকিৎসাধীন অৱস্থাতো তেওঁ চৰ্চাৰ বিষয় হৈ আছিল; ক’ৰণা পৰিস্থিতিক কেন্দ্ৰ কৰিয়েই শিল্পী গৰাকীয়ে হাস্পাতালৰ মজিয়াতে অংকন কৰিছিল চিত্ৰ। তেওঁৰ চিত্ৰসমূহে চচিয়েল মিডিয়াত লাভ কৰিছিল সমাদৰ। ১৯০৬ চনত পহিলা জুনত যোৰহাট জিলাৰ টীয়কত জন্মগ্ৰহণ কৰা নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’ তথা ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’-ত অসমক প্ৰতিনিধিত্ব কৰিছে। খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ মাজৰ প্ৰেম বৰ্তমানেও প্ৰতিজন জনসাধাৰণৰ মাজতেই চৰ্চিত। ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল নীলপৱন বৰুৱা।

নীলপৱন বৰুৱাৰ সুস্থতা দেখি সুখী অসমবাসীঃ 2
নীলপৱন বৰুৱাৰ সুস্থতা দেখি সুখী অসমবাসীঃ 3


কিছুদিন পূৰ্বে জানিবলৈ পৰা গৈছিল যে দুয়োৰে মাজত থকা এই প্ৰেমক লৈয়ে এতিয়া নিৰ্মাণ কৰা হ’ব এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি। বৰ্তমান স্ক্ৰীপ্টৰ কাম চলি থকা এই ছবিখনৰ বিশেষ তথ্য সমুখলৈ অহা নাই যদিও ছবিখন নিৰ্মাণৰ অনুমতি ইতিমধ্যে লাভ কৰা হৈছে। ২০২১ চনৰ প্ৰথমৰ পৰা ছবিখন নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কথা আছিল যদিও পৰিস্থিতিৰ বাবে ৰৈ যাবলগীয়া হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform