Rupaliparda.com
|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ 'জয় ' কৰিয়ো অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা! || - উৎপল মেনা 1

|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ ‘জয় ‘ কৰিয়ো অসমৰ সংবাদ মাধ্যমত ‘ জিলিকি ‘ আছে অসমীয়া চিনেমা! || – উৎপল মেনা

১৯৫৬ চন । কাঁ চলচ্চিত্ৰ মহোৎসৱত সন্মানিত হৈছিল ‘ পথেৰ পাঁচালী ‘ । সত্যজিৎ ৰায়ৰ এই চিনেমেটিক কলাই কেৱল বাংলা চিনেমাৰে নহয় , ভাৰতীয় চিনেমাৰো দুৱাৰ মুকলি কৰিছিল ‘চিনেমা বিশ্ব ‘ যাত্ৰাৰ ।

|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ 'জয় ' কৰিয়ো অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা! || - উৎপল মেনা 2


‘ পথেৰ পাঁচালী ‘ ( ২৬ আগষ্ট , ১৯৫৫ ত চিত্ৰগৃহলৈ আহিছিল ) বিশ্বৰ চিত্ৰৰসিকে চোৱাৰ সুযোগ পোৱাৰ আগৰ সময় চোৱাত ভাৰতীয় চিনেমা মানেই ধাৰণা আছিল ‘ canned theatre ‘ । চিনেমাত চিনেমেটিক সৌন্দৰ্যৰ সন্ধান কৰা দৰ্শকে ভাৰতীয় চিনেকৰ্মত ‘ ফিল্ম শিল্প ‘ দেখা নাছিল , অনুভৱৰ অৱকাশ পোৱা নাছিল । কাৰণ ? চিনে পণ্ডিতৰ চিনেচৰ্চাত স্পষ্ট — সাহিত্যধৰ্মী সংলাপ – মঞ্চাঅভিনয়ৰে আক্ৰান্ত আছিল । প্ৰমথেশ বৰুৱা , ভি শান্তৰাম আদিৰ চিনেকৰ্মত ‘গল্প ‘ আছিল গতি নাছিল । বিশেষকৈ অভিনয়ত অপেৰাৰ প্ৰভাৱ স্পষ্ট আছিল । এই প্ৰসংগত ‘ আজছা চিত্ৰপট ‘ত অজয় মাহ্‌ত্ৰেয়ে লিখিছে , ” নাটকৰ ওচৰৰ , মঞ্চাভিনয়ৰ দূৰৰ নহয় বছৰি নিৰ্মাণ হোৱা ৮০ – ৯০ শতাংশ ভাৰতীয় চিনেমা । ক’ব পাৰি সৰহ সংখ্যক ভাৰতীয় চিনেমায়ে চলমান ছবি বা কথাছবি পৰ্যায়ৰ । আজিৰ তাৰিখতো ( গ্ৰন্থ খন প্ৰকাশ পাইছিল ১৯৮৪ চনত ) ভাৰতত কথাছবি নিৰ্মাণ হয় বেছি , চিনেমা কম । একাংশ পৰিচালকৰ গীত -নৃত্য ব্যৱহাৰ নকৰা কথাছবিক আৰ্ট ফিল্ম নাম দিয়া হয় । এই ধাৰাটোত কিছু উন্নত কাম কৰে হিমাংশু ৰায় , বিমল ৰয় , চেতন আনন্দ আদিয়ে । এই ধাৰাটো কথাছবিৰ পৰা চিনেমালৈ উত্তৰণ হয় ‘ পথেৰ পাঁচালী ‘ নামেৰে ।”

‘ পথেৰ পাঁচালী ‘ৰ সফলতাৰে ‘ ভাৰতীয় চিনেমা ‘ মজবুট হোৱাৰ আঁৰত এক চিনেশক্তিয়ে পৰিশ্ৰম কৰিছিল । সেই চিনেশক্তিৰ নাম — ‘ কলিকতা ফিল্ম ছোচাইটি ‘। ১৯৪৭ চনত সত্যজিৎ ৰায়ৰ নেতৃত্বত স্থাপিত হৈছিল । উদেশ্য নিৰ্মল চিনে চৰ্চাৰে চিনেশিল্পৰ উত্তৰণৰ পথ প্ৰসস্থ কৰা । ‘ নিৰ্মল চিনেচিন্তা ‘ ৰ সূত্ৰ ভিন্ন জনৰ চিন্তাত ভিন্ন হোৱা বাবে চিনে সংস্থাটো ১৯৫২ চনত বন্ধ হয় । ১৯৫৬ চনত চিনে সংস্থাটোৰ চিনেচৰ্চাই গতি লয় । সমৰেশ বসুৰ ‘ নন্দন ‘ত প্ৰকাশ পোৱা বাংলা চিনেমা কেন্দ্ৰীক লেখাত পঢ়িছো — ” নিৰ্মল বা বিশুদ্ধ চিনেমাৰ তিনটা বিন্দু স্পষ্ট হৈছিল কলিকতা ফিল্ম ছোচাইটিৰ মজিয়াত । ১৯৫৬ চনত সেই বিন্দু তিনিটাক এটা বিন্দুলৈ ৰূপান্তৰ কৰিছিল সত্যজিৎ ৰায়ে , ‘ পথেৰ পাঁচালী ‘ৰে । চিনেমা চিন্তা ভিন্ন আছিল । আৰু ভিন্ন সেই চিনেমি চিন্তা দেখিছিল নতুন পৰিচালক ৰায়ৰ চিনেমা খনত । কথাটো এনেধৰণৰ নেকি , সেই সময়লৈ বিশুদ্ধ ভাৰতীয় চিনেমা নিৰ্মাণ হোৱা নাছিল ! … ” আছিল নে নাছিল ? চৰ্চা আৰম্ভ হৈছিল । আৰু চৰ্চা চলি থকা সময়তে ‘ পথেৰ পাঁচালি ‘ ৰে চিনেমা বিশ্বত যাত্ৰা আৰম্ভ কৰিছিল ভাৰতীয় চিনেমাই ।

|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ 'জয় ' কৰিয়ো অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা! || - উৎপল মেনা 3


১৯৫২ চনত ভাৰতত প্ৰথমবাৰ আৰম্ভ হৈছিল আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱ । ” সেই চিনেমা উৎসৱত বিশ্বৰ চিত্ৰৰসিকৰ ওচৰত লাজ পাইছিল ভাৰতৰ চিত্ৰৰসিকে । ৪০ খন চিনেমা প্ৰদৰ্শন কৰিছিল । দুখীয়া আছিল ভাৰতীয় চিনেমা , পৰিচালকৰ চিন্তা । ” ( সমৰশ বসু ) পৰবৰ্তী বৰ্ষত ভবিছিল বিমল ৰায়ৰ ‘ দো বিঘা জমিন ‘ চিনেমা খনে বিশ্বৰ চিত্ৰৰসিকক সন্তুষ্ট কৰিব । কিন্তু আলোচক সকলে ক’লে — ‘ বাইচাইকেল থীফ ‘ৰ প্ৰভাৱ স্পষ্ট ।


১৯৫৬ চনত ভাৰতলৈ আহিছিল বৃটিছ সমালোচক মেৰী চিতন । চিনেমা চৰ্চাৰ কেইবাটাও অনুষ্ঠানত চিনেমাৰ কথা কৈছিল । প্ৰসঙ্গক্ৰমে কৈছিল — ” সত্যজিৎ ৰায়ে মৌলিক চিন্তাৰে নতুন বাট দেখুৱাইছে । আৰু ভাৰতীয় আলোচক সকলে ‘ পথেৰ পাঁচালী ‘ বিষয়ত সঠিক সিদ্বান্ত লৈছে । ‘ পথেৰ পাঁচালী ‘ক ভেটি হিচাবে লৈ কাম কৰিলে ভাৰতীয় চিনেমাই শীৰ্ষ স্থান দখল কৰিব পাৰিব ।”

( উৎস : Cinema India – The Visual Culture of Film )
‘পথেৰ পাঁচালী ‘ কেন্দ্ৰীক সুস্থ চিনেমা চৰ্চা সম্ভৱ হৈছিল ‘ কলিকতা ফিল্ম ছোচিইটিৰ ‘ পৰিৱেশ নিৰ্মাণ আৰু নিয়ন্ত্ৰনৰ বাবে । কোনো পক্ষই সাধাৰণ মানৰ চিনে কৰ্মক অসাধৰণ কৰাৰ কচৰৎ আৰম্ভ কৰিলেই ‘ কলিকতা ফিল্ম ছোচাইটিয়ে ‘ প্ৰতিবাদ কৰিছিল । প্ৰতিবাদ কৰি যথাস্থানত লিখিছিল । সেই সময়ত বহুতে এনে ধৰনেও চৰ্চা কৰিবলৈ চেষ্টা কৰিছিল — এয়া দৰাচলতে ফিল্ম ছোচাইটিৰ নামত সত্যজিৎ ৰায়ৰ প্ৰতিবাদ ! আৰু এনে ধাৰণাৰ বাবে কলকতাৰ একাংশ চিনেমা সমালোচকে ‘ পথেৰ পাঁচালী ‘ ক প্ৰথম পৰ্যায়ত স্বীকৃতি দিব খোজা নছিল কলকাতা , মুম্বাইৰ একাংশ চিনেমা আলোচকে । স্বীকৃতি দিবলৈ অৱশ্যে বাধ্য হৈছিল বিদেশৰ চিত্ৰৰসিক , সমালোচকে অসাধৰণ মৌলিক চিনেশিল্প হিচাবে প্ৰশংসা কৰাৰ পিছত । — এতিয়া আহিছো অসমীয়া চিনেমাৰ প্ৰসংগলৈ । শেহতীয়া ভাবে সাধাৰণ চিনেকৰ্মক প্ৰচাৰ মাধ্যমৰ সহায়ত অসাধাৰণ চিনেকৰ্মৰ তালিকাভুক্ত কৰা হৈছে ‘ বঁটা ‘ কেন্দ্ৰীক চৰ্চাৰে । আজিৰ তাৰিখত ‘ বঁটা প্ৰাপ্ত চিনেমা মানেই সাৰ্থক চিনেমা ‘ ধাৰণা নিৰ্মাণ হৈছে একাংশ চতুৰ ‘ পৰিচালক – প্ৰযোজকৰ প্ৰযোজনাত । চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা মানেই অসাধাৰণ চিনেমাৰ তালিকাত ৰাখি ‘ সংবাদ ‘ নিৰ্মাণৰ অলিখিত নিয়ম পালনৰ প্ৰতিযোগিতা আৰম্ভ হৈছে । স্বাভাবিকতে এনে ধাৰণা, নিয়মে ক্ষতি কৰিছে চিনেমাৰ ,অসমীয়া চিনেমাৰ । — হয় , দেশ – বিদেশৰ ১৮ – ২০ খন চলচ্চিত্ৰ মহোৎসৱ আছে , যি কেইখনত প্ৰদৰ্শন হ’লে , বঁটা পালে সাৰ্থক চিনেকৰ্ম নোচোৱাকৈয়ে কব পাৰি । দেশ – বিদশৰ এই ১৮ – ২০ টা চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমা প্ৰদৰ্শন হৈছে কেইখন ? — দেশ – বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ‘ হালধীয়া চৰায়ে বাঁও ধান খায় ‘ -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ – ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ – ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ‘ জয় ‘ কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকা ব্যৱসায় কৰিব পৰা নাই কিয় ? — এই যে পৰা নাই , ইয়াতেই স্পষ্ট হৈ আছে শেহতীয়া ভাবে মহোৎসৱ ‘ জয় ‘ কৰা চিনেমা কেইখনৰ মান । “জয় ‘ কৰা চলচ্চিত্ৰ মহোৎসৱ কেইখনৰ মান । এনে ‘ জয় ‘ৰ প্ৰচাৰ পৰ্বই যে অসমীয়া চিনেমাৰ ক্ষতি কৰিছে ব্যাখ্যাৰ প্ৰয়োজন আছে জানো ! — যদি অসমতো ‘ কলিকতা ফিল্ম ছোচাইটি ‘ৰ দৰে সাধাৰণ চিনেমাক অসাধাৰণ কৰা কাৰ্যৰ বিৰূদ্ধে ঠিয় হোৱা কনো চিনেসংস্থা থাকিল হেতেন !

|| অনলাইন চলচ্চিত্ৰ মহোৎসৱ 'জয় ' কৰিয়ো অসমৰ সংবাদ মাধ্যমত ' জিলিকি ' আছে অসমীয়া চিনেমা! || - উৎপল মেনা 4


কথাটো এনে ধৰনৰ নহয় — আজিৰ তাৰিখত অসমত চিনেশক্তি থকা পৰিচালক নাই । — আছে , ৰীমা দাস , জয়ছেং জয় দহোতীয়া , অনুপম কৌশিক বৰা , ভাস্কৰ হজৰিকাৰ দৰে নিৰৱে চিনেকৰ্ম কৰা চিনেকৰ্মীয়ো আছে । নতুন চিন্তাৰে সাৰ্থক চিনেকৰ্ম কৰি দৰ্শকৰ মন – মগজু ছুই যোৱা পৰিচালক । কিন্তু প্ৰচাৰ পৰ্বৰ বাবে আঁৰতে থাকি যায় । — কিছু দিন পূৰ্বে এখন অসমীয়া চিনেমাৰ বঁটা কেন্দ্ৰীক চৰ্চা কৰিছিলো । কথা প্ৰসঙ্গত পৰিচিলক – অভিনেতা যদুমণি দত্তই ক’লে — ” সেই বঁটাটো প্ৰতিমাহে দিয়ে । সেই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ খন প্ৰতিমাহে হয় । অনলাইন চলচ্চিত্ৰ মহোৎসৱ । ” এনে মহোৎসৱ ‘জয় ‘ কৰিয়ো অসমৰ সংবাদ মাধ্যমত ‘ জিলিকি ‘ আছে অসমীয়া চিনেমা ।


(২)
সমস্যা — চিনেচৰ্চা । বিশুদ্ধ চিনেচৰ্চা । সত্যজিৎ ৰায়ৰ ‘ পথেৰ পাঁচালী ‘ৰ পিছৰ সময় ছোৱাতে বিভাজন স্পষ্ট হয় ভাৰতীয় চিনেমাৰ । ভুল চিনেচৰ্চাৰ বাবে এক ধাৰণাৰ নিৰ্মাণ হয় — গীতৰ ফেণ্টাচি চিত্ৰায়ণ ব্যৱহাৰ নহোৱা , ছাঁ – পোহৰৰ চলমান চিত্ৰয়ে ‘ আৰ্ট ফিল্ম ‘। আৰু গীত – নৃত্য ব্যৱহাৰ কৰি গল্প কোৱা চলমান চিত্ৰয়ে — ‘
কমাৰ্চিয়েল ফিল্ম ‘ ।
আর্ট ফিল্ম ‘ নো কি ? — কোনো কোনোৱে আৰু ক’ব খোজে , যি চিনেমাত সৃষ্টিশীলতাৰ আনন্দ অনুভৱৰ অৱকাশ , কেৱল চিনেশিল্পৰ সৌন্দৰ্য পানৰ অৱকাশ থাকে। আৰু কোৱা হয় পৰিচালকে নিজেৰ ভাবনাক , চিনেচিন্তিক প্রাণ দিয়াৰ স্বাৰ্থত যি চিনেমা ৰচনা কৰা হয় , বজাৰ চিন্তা শূণ্য , কেৱল শিল্প চিন্তৰ গুৰুত্ব স্পষ্ট , সেয়াই ‘ আৰ্ট ফিল্ম ‘ ।


আৰ্ট ফিল্ম ‘ ধাৰণা নাছিল ; কিন্তু ভাৰতত আৰম্ভ হৈছিল ১৯২০ – ১৯৩০ ৰ দশকত। কোৱা হয় এই শৈলী বাবুৰাও পেইণ্টাৰৰ নিৰ্বাক চলমান ছবি Savkari Pash (Indian Shylock) দেখা যায় । চিনেমা খনৰ গল্পত আছে ( মই চোৱাৰ সুযোগ পোৱা নাই । ‘ইণ্ডিয়ান চিনেমা ‘ত পঢ়িছিলো । ) এজন দৰিদ্ৰ কৃষকৰ মন – মগজু ছুই যোৱা ছবি । লুভীয়া জমিদাৰ এজনৰ হাতত নিজৰ মাটি হেৰুৱাই । — কি কৰিব ? কামৰ সন্ধানত চহৰলৈ যোৱাৰ বাহিৰে অন্য উপাই নাছিল । কৃষিকৰ্ম বাদ দি কল-শ্রমিক হিসাবে কাম কৰিবলৈ বাধ্য হয় । চিনে আলোচক সকলৰ লেখাত পোৱা যায় — চিনেমা খনত শিল্পলৈ ৰূপান্তৰ হোৱাকেইবাটাও শ্বট আছে , যি কেইটাক ভাৰতীয় চিনেমাৰ টাৰ্ণিং পইণ্ট বুলি কোৱা হয় । উদাহৰণ : মিড শ্বটত এটা জুপুৰি, কাষত এটা বলীয়া কুকুৰ ।

— ৮০ মিনিত দৈৰ্ঘৰ Savkari Pash চিত্ৰগৃহলৈ আহিছিল ১৯২৫ চনত । আৰূ এই ধাৰাই গতি লৈছিল চল্লিছ দশকৰ শেষ ভাগৰ পৰা ১৯৬৫ চনৰ সময় ছোৱাত । আগবঢ়াই নিছিল গুৰু দত্ত, ভি. চন্তৰাম , তপন সিংহা, খাৱাজা আহমেড আৱাজ, বুদ্ধদেৱ দাসগুপ্ত, চেতন আনন্দ, মৃণাল সেন, ঋত্বিক ঘটক আদিৰ লগতে সত্যজিৎ ৰায়ে । আৰু ধাৰাটোক ‘ বিশ্ব চিনেমা ‘ পৰ্যায়লৈ নি বিশুদ্ধ চিনেমালৈ ৰূপান্তৰ কৰি প্ৰতিস্থা কৰে । এই সময় ছোৱাত আৰু পৰৱৰ্তী সময় ছোৱাত গল্প – উপন্যাসক ৰূপালী গল্গলৈ ৰূপান্তৰ কৰাত গুৰুত্ব এই ধাৰাৰ একাংশ পৰিচালকে ।


সত্যজিৎ ৰায়ৰ লগতে এই ধাৰাটো মজবুট কৰে শ্যম বেনেগাল, মনি কৌল, ৰাজিন্দৰ সিং বেদী, কন্তিলাল ৰাথোড় আৰু চৈয়দ আখটাৰ মিৰ্জা , আদুৰ গোপালকৃষ্ণন, কে. পি. কুমাৰন, জি অৰবিন্দন, জন আব্ৰাহাম, পদ্মৰাজন, ভাৰথান, টি. বি. চন্দ্ৰত , ছাজি এন. কৰণ , আৰিবাম শ্যাম শৰ্মা আদিয়ে ।


— ১৯৬৫ – ১৯৯০ চনৰ সময় ছোৱাত ‘ আৰ্ট ফিল্ম ‘ ধাৰণাটো ইমানেই স্পষ্ট হৈছিল যে অভিনেতা – অভিনেত্ৰীকো ছুইছিল । শাবানা আজমী, স্মিতা পাটিল, অমল পালেকাৰ, ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, কুলভূষণ খাৰবান্দা, পংকজ কাপুৰ, দীপ্তি নাভাল, ফাৰুক শ্বেইখ আদিক কোৱা হৈছিল ‘ আৰ্ট ফিল্ম ‘ৰ অভিনয় শিল্পী । নাছিৰুদ্দিন – শাবানাক কোৱা হৈছিল এই ধাৰাৰ সফল আৰু জনপ্ৰিয় যুটী । ( অসমাপ্ত )

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform