Rupaliparda.com
|| এক মিনিট দৈৰ্ঘৰ পৰা … ||- উৎপল মেনা 1

|| এক মিনিট দৈৰ্ঘৰ পৰা … ||- উৎপল মেনা

চৰ্চাত মনোজ বাজপেয়ী ! ‘ ভোঁছলে ‘ ত কৰা অভিনয়ৰে শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈ যি চৰ্চা লাভ কৰিছিল , সেয়া মাৰ যোৱাৰ পূৰ্বে আকৌ চৰ্চালৈ আহিছে অ’ টি পি প্লেটফৰ্মত মুকলি কৰি দিয়া ‘ দ্য ফেমিলি মেন – ২ ‘ ত কৰা অভিনয়ৰে । দৰাচলতে কথাটো এনেধৰণৰ — অভিনয়ৰ বাবে চৰ্চা মনোজ বজপেয়ীৰ ক্ষেত্ৰত গতানুগতিক কথা । সেই তেতিয়াৰে পৰা , সৰু পৰ্দাৰ ‘ স্বাভিমান ‘ ( ১৯৯৫ ) ৰে পৰা । টি ভি ধাৰাবাহিক খনত মনোজে অভিনয় কৰা চৰিত্ৰটোৰ নাম আছিল সুনীল । বহুদিনলৈ বহুতে সুনীল নামেৰেই জানিছিল অভিনেতা গৰাকীক । আমিয়ো বলিউডৰ বাটত খোজ পেলায়ে ‘ সুনীল ‘ৰ সন্ধান কৰিছিলো । সন্ধান কালতহে এজনে কৈছিল — সুনীল নহয় , নাম মনোজ বজপেয়ী । বিহাৰৰ নৰকাটিয়াগঞ্জৰ বেলৱা গাওঁৰ । মনোজে কৈছিল , ” আভিনয় কৰাৰ সপোন দেখা নাছিলো , ঠিক কৰিছিলো — অভিনয় কৰিম । ১৭ বছৰ , তেতিয়া মোৰ বয়স । দিল্লী পালো , অধ্যয়ণৰ বাবে । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয় শিকাৰ মন । আৱেদন কৰিলো । চাৰিবাৰ আৱেদন কৰিয়ো সফল নহলো । “

|| এক মিনিট দৈৰ্ঘৰ পৰা … ||- উৎপল মেনা 2


— পঢ়াৰ লগতে মঞ্চত অভিনয় চোৱা আৰু কৰাত গুৰুত্ব দিলে । মনতে ভাবিলে — এনেদৰেও শিকিব নোৱাৰাৰ কাৰণ নাই ! — তেনেদৰেই শিকিলে ! আৰু এদিন সুযোগ পালে বলিউডৰ চিনেমাত । নাম — ‘ দ্ৰোহকাল ‘ ( ১৯৯৪ )। মাত্ৰ ১ মিনিট দৈৰ্ঘৰ চৰিত্ৰ । আক্ষেপ নাছিল , আনন্দ অনুভৱ কৰিছিল । চিনেমাত অভিনয় কৰাৰ আনন্দ । অভিনয়ৰ সুযোগ পায় দ্বিতীয় খন চিনেমাত । ‘ বেণ্ডিত কুইন ‘ ( ১৯৯৪ ) । ডকাইতৰ কম দৈৰ্ঘৰ চৰিত্ৰ । মোৰ ভালদৰে মনত আছে , চিনেমা খনৰ মুল চৰিত্ৰত অসমৰ সীমা বিশ্বাসে অভিনয় কৰিছিল বাবে তিনিবাৰ চাইছিলো । মনোজ বাজপেয়ী চকুতেই পৰা নাছিল ! আৰু ‘ সত্যা ‘ত ? — ৰাম গোপাল বাৰ্মাৰ ‘ সত্যা ‘ ৰ ( ১৯৯৮ ) ভিকু মাত্ৰেৰ ঢৰিত্ৰত মনোজৰ অভিনয় আছিল চিত্ৰ ৰসিকৰ বাবে চমক । ৰামগোপাল বাৰ্মাই ই নিৱাসৰ পৰিচালনাৰে নিৰ্মাণ কৰা ‘ শূল ‘ ( ১৯৯৯ ) তো মুখ্য চৰিত্ৰ এটাত অভিনয় কৰিছে । ৰামুই এই চিনেমা খনৰ চিত্ৰনাট্য ৰচনা কৰি নিবাসক কেবল পৰিচালনাৰ দায়িত্বহে দিছিল ।

— মনোজ বাজপেয়ীৰ মই চোৱা আন কেইখন চিনেমাৰ তালিকা : ‘জুবেদ ‘ (২০০১) , ‘ অক্স ‘ (২০০১), ‘ ৰোড ‘ (২০০২) , ‘ পিঞ্জৰ ‘ (২০০৩) , ‘ ৰাজনীতি ‘ (২০১০) , ‘ গেংছ অফ ৱাছেপুৰ ‘ (২০১২) , ‘ আলীগড় ‘ (২০১৬) । ভিন্ন ইমেজৰ চৰিত্ৰ । পৰিচালকে যি ইমেজৰ চৰিত্ৰ ৰচনা কৰিছে , সেই ইমেজতে বন্দী হৈ অভিনয় কৰিছে । ৰোমহৰ্ষক ৰজনীতিকৰ পৰা সমকামীলৈকে , ভিন্ন চৰিত্ৰত ।বিশেষ ভাবে ছুই গৈছিল ‘ আলীগড় ‘ৰ চৰিত্ৰটোই । –ৰূপালী গল্পটোত দেখা যায় আলীগড় মুসলিম বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক । নাম ৰামমচন্দ্র ছিৰাজ । সমকামী। মাৰিঠি ভাষা পঢ়াই , ভদ্ৰলোক। কিন্তু সমাজত গুৰুত্ব দিয়া নহয় ! কাৰণ ৰামচন্দ্ৰ সমকামী প্ৰবৃত্তিৰ ।

|| এক মিনিট দৈৰ্ঘৰ পৰা … ||- উৎপল মেনা 3


‘ অক্স ‘ (২০০১)। মানে –প্রতিবিম্ব । ৰাকেশ অ’মপ্রকাশ মেহৰাৰ প্ৰথম স্বাধীন পৰিচালনা । এক্সন – থ্ৰিলাৰ । মুল চৰিত্ৰ মনু বাৰ্মা । অভিনয়ত মোৰ প্ৰিয় অভিনেতা অমিতাভ বচ্চন । বিপৰীতে মোৰ প্ৰিয় অভিনেত্ৰী নন্দিতা দাস । আৰক্ষী বিষয়া বাৰ্মাই এজন খুনিৰ সন্ধানত ব্যস্ত হয় । অশৰীৰী খুনি ! এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েং গতি কৰে ৰূপালী গল্পটো । মনোজ বাজপেয়ীক লৈ নিৰ্মাণ কৰিছিল চৰিত্ৰটো । চৰ্চালৈ আহিছিল ! আৰু চিত্ৰৰসিকৰ ওচৰ চপাৰ সুযোগ পাইছিল । — এই চিনেমা খনৰ দৰ্শক হোৱাৰ পিছত মনোজক ওচৰৰ পৰা শুনিছিলো । অভিনেতা গৰাকীয়ে কৈছিল , ” মোৰ বাবে সহজ কথা নাছিল ! মই অমিতাভ অনুৰাগি ! মোৰ চিন্তাৰ বিষয় আছিল অমিতাভ বচ্চনে ইমান বিপৰীত চৰিত্ৰত অভিনয় কেনেকৈ কৰে ? কেনেকৈ সম্ভৱ ! কেতিয়াবা লগ পালে সূধিম — চাৰ , কেনেকৈ সম্ভৱ ! — লগ পলো । লগ পোৱাৰ পিছতে অভিনয় ! মোৰ মনত দুটা ক্ৰিয়া অনুভৱ কৰিছিলো ! প্ৰথমটো : ভাল লগা । মই অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিম ! দ্বিতীয়তে : ভয় লাগিছিল ! মই অমিতাভ বচ্চনৰ সৈতে কেনেকৈ অভিনয় কৰিম ? মোৰ মনৰ অৱস্থা হয়তো অমিতাভ জীয়ে অনুভৱ কৰিছিল ! আমাৰ কৰিব লগিয়া একো নাই । যি কৰিব অ’ম প্ৰকাশেই কৰিব । সেই দিনায়ে বুজিছিলো অমিতাভ বচ্চনে কেনেকৈ ভিন্ন চৰিত্ৰত অভিনয় কৰে । মই মহাতাৰকা গৰাকীৰ ওচৰত সহজ হৈছিলো । ” আৰু আজি কব পাৰি মহাতাৰকা গৰাকীৰ অভিনয় চমকে নিস্প্ৰভ কৰিব পৰা নাছিল মনোজৰ অভিনয় ক্ষমতা ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform